ETV Bharat / briefs

বিশ্বজুৰি চীনৰ আক্ৰমণাত্মক প্ৰভাৱ

চীনৰ সংঘৰ্ষ কেৱল ভাৰতৰ সৈতে সীমিত নহয়, অন্য কিছুসংখ্যক দেশৰ সৈতেও চীনৰ সীমা বিবাদ চলি আছে । থাইলেণ্ড, লাওচ, কম্বোডিয়া আৰু ভিয়েটনাম আদি দেশসমূহৰ সৈতে চীনৰ মতানক্য চলি আছে । ১৯৯০ চনৰ পিছত চলিত বৰ্ষত চীনৰ আৰ্থিক স্থিতি বেয়াৰ ফালে ঢাল খোৱা পৰিলক্ষিত হৈছে । এই বৰ্ষত চীনৰ আৰ্থিক স্থিতি ৬.৮ শতাংশলৈ হ্ৰাস পাইছে । শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে চীনৰ সামগ্ৰীসমূহৰ ৰপ্তানি বন্ধ, আমেৰিকাৰ সৈতে ব্যৱসায়িক যুদ্ধ আদি বিভিন্ন কাৰণে চীনৰ অৰ্থনীতিত বেয়াকৈ প্ৰভাৱ পেলাইছে ।

বিশ্বজুৰি চীনৰ আক্ৰমণাত্মক প্ৰভাৱ
বিশ্বজুৰি চীনৰ আক্ৰমণাত্মক প্ৰভাৱ
author img

By

Published : Jun 22, 2020, 6:24 PM IST

নেশ্যনেল ডেস্ক, ২২ জুন : শেহতীয়া কোভিড-১৯ৰ প্ৰকোপৰ বাবে সমগ্ৰ বিশ্বই চীনক জগৰীয়া কৰাৰ সময়তে বেইজিঙে বিধ্বংসী পৰিস্থিতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে তাৰ সীমান্তৰ আশে-পাশে আক্ৰমণাত্মক পৰক্ষেপ গ্ৰহণ কৰিছে । উদাহৰণস্বৰূপে, ভাৰতৰ সৈতে সীমা বিবাদৰ দৰে আক্ৰমণক আমন্ত্ৰণ দিছে চীনে ।

বাস্তৱিকতে, চীনৰ এই সংঘৰ্ষ কেৱল ভাৰতৰ সৈতে সীমিত নহয়, অন্য কিছুসংখ্যক দেশৰ সৈতেও চীনৰ সীমা বিবাদ চলি আছে । থাইলেণ্ড, লাওচ, কম্বোডিয়া আৰু ভিয়েটনাম আদি দেশসমূহৰ সৈতে চীনৰ মতানক্য চলি আছে । এই দেশসমূহত পানী প্ৰবাহত চীনে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে । ইয়াৰোপৰি, চীনে জাপানৰ নিৰ্জন দ্বীপ চেনকাকুত প্ৰৱেশ কৰি এই দ্বীপটো চীন গণৰাজ্যৰ অন্তৰ্গত বুলি দাবী উত্থাপন কৰে ।

বিশ্বজুৰি চীনৰ আক্ৰমণাত্মক প্ৰভাৱ
বিশ্বজুৰি চীনৰ আক্ৰমণাত্মক প্ৰভাৱ

১৯৯০ চনৰ পিছত চলিত বৰ্ষত চীনৰ আৰ্থিক স্থিতি বেয়াৰ ফালে ঢাল খোৱা পৰিলক্ষিত হৈছে । এই বৰ্ষত চীনৰ আৰ্থিক স্থিতি ৬.৮ শতাংশলৈ হ্ৰাস পাইছে । শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে চীনৰ সামগ্ৰীসমূহৰ ৰপ্তানি বন্ধ, আমেৰিকাৰ সৈতে ব্যৱসায়িক যুদ্ধ আদি বিভিন্ন কাৰণে চীনৰ অৰ্থনীতিত বেয়াকৈ প্ৰভাৱ পেলাইছে । সেইবাবে চীনা চৰকাৰে চলিত বৰ্ষৰ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চীনা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা মতে, ৬০ বিলিয়ন লোকে দৰিদ্ৰতাত ভুগিবলগীয়া হৈছে আৰু প্ৰতিমাহে ১৪০ ডলাৰহে অৰ্জন কৰে ।

চীনৰ সৈতে ভাৰতৰ সীমা বিবাদ কোনো আজৱ ঘটনা নহয় । এই সীমা বিবাদৰ সংঘৰ্ষৰ অন্ত পৰিব বুলি কব নোৱাৰি । সীমা বিবাদৰ মূল কাৰণ হৈছে, ভাৰত-চীনৰ মাজত কোনো নিৰ্দিষ্ট সীমা নাই । দুয়োখন দেশৰ মাজত অতীতৰ পৰাই সীমা বিবাদ চলি আছে আৰু ভৱিষ্যতলৈও চলি থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

সম্প্ৰতি চীনত নিবনুৱা সমস্যাই প্ৰভাৱ বিস্তাৰ কৰিছে, যাৰ বাবে চীনাবাসীৰ মাজত অস্থিৰতা আৰু অশান্তি বৃদ্ধি পাইছে । কৰ'ণাতংকৰ প্ৰাকক্ষণত এই নিবনুৱাৰ হাৰ ৬ শতাংশলৈ বৃদ্ধি পাইছিল । বিশেষজ্ঞসকলৰ দ্বাৰা বাস্তৱিক গণনাৰ পিছত নিবনুৱাৰ হাৰ দুগুণ বৃদ্ধি পাব পাৰে ।

বিশেষজ্ঞসকলে সদৰি কৰা মতে, চীন চৰকাৰে নাগৰিকসকলৰ মাজত পুনৰ নিজৰ স্থিতি বাহাল ৰখাৰ চেষ্টা চলাইছে । লগতে নিজ বিষয়ৰ মাজতে পুনৰ ৰাষ্ট্ৰবাদ স্থাপন কৰাৰ পৰিৱৰ্তে নিজৰ আধিপত্যৰ বাবে বিশ্বজুৰি শংকাৰ সৃষ্টি কৰাৰ যো-জা চলাইছে ।

লগতে পঢ়ক : মুখ্য মাষ্টাৰ চাৰ্জেট হিচাপে মহিলাক নিয়োগ বায়ুসেনা বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.