মেল'বৰ্ণ, ২১ ডিচেম্বৰ : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ২৬ ডিচেম্বৰত বক্সিং দিৱসত অনুষ্ঠিত হ'বলগীয়া টেষ্ট ক্ৰিকেট খেলৰ মেন অৱ দ্য মেচক জনি মুলাগ মেডিল বঁঁটা প্ৰদান কৰা হ'ব । জনি মুলাগ অষ্ট্ৰেলিয়াৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক আছিল । তেওঁৰ নেতৃত্বত দলটোৱে ১৮৬৮ চনত ব্ৰিটেইন ভ্ৰমণ কৰিছিল । অষ্ট্ৰেলিয়া ক্ৰিকেট এছ'চিয়েচনে টুইটাৰত প্ৰকাশ কৰে এই কথা ।
মুলাগৰ প্ৰকৃত নাম আছিল উনাৰিমিন আৰু এজন দক্ষতাবান অলৰাউণ্ডাৰ আছিল । ১৮৬৮ চনত তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৱে ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । মুলাগে ৪৭ খন খেলৰ ভিতৰত ৪৫ খন খেল খেলিছিল আৰু ১,৬৯৮ ৰান সংগ্ৰহ কৰিছিল । তেওঁ মুঠ ১,৮৭৭ অভাৰ বলিঙো কৰিছিল আৰু ২৪৫ টা উইকেট সংগ্ৰহ কৰিছিল । ইয়াৰে ৮৩১ অভাৰ মেডন আছিল । মুলাগে উইকেটৰক্ষকৰ ভূমিকাত পালন কৰিছিল আৰু চাৰিটা ষ্টাম্পিং কৰিছিল ।
-
The best player in the Boxing Day Test will be awarded the Mullagh Medal, named after the legendary Johnny Mullagh, captain of the 1868 cricket team who became the first Australian sporting team to tour internationally! #AUSvIND pic.twitter.com/3Ymx3QE4dS
— Cricket Australia (@CricketAus) December 21, 2020 " class="align-text-top noRightClick twitterSection" data="
">The best player in the Boxing Day Test will be awarded the Mullagh Medal, named after the legendary Johnny Mullagh, captain of the 1868 cricket team who became the first Australian sporting team to tour internationally! #AUSvIND pic.twitter.com/3Ymx3QE4dS
— Cricket Australia (@CricketAus) December 21, 2020The best player in the Boxing Day Test will be awarded the Mullagh Medal, named after the legendary Johnny Mullagh, captain of the 1868 cricket team who became the first Australian sporting team to tour internationally! #AUSvIND pic.twitter.com/3Ymx3QE4dS
— Cricket Australia (@CricketAus) December 21, 2020
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে কৰিমগঞ্জত অনুষ্ঠিত হ'ল হকী খেল