চিৰাং,18 মে': আজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমা ৷ বুদ্ধ ৰ্পুণিমাৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হ'ল চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তত ৷ আজি চিৰাং জিলাৰ বিভিন্ন ঠাইত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে গুৰুজনাৰ বাণী আৰু ধৰ্মক ৰাইজৰ মাজত প্ৰচাৰ কৰা দেখা গ'ল ৷ লগতে 'অহিংসাই পৰম ধৰ্ম' এই বাণীৰে শান্তি প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ৷
বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি,দেউশ্ৰী আদি ঠাইত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত বুদ্ধ পূৰ্ণিমাৰ কাৰ্যসূচীত ভূটানী লোকসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।