ব্ৰাজিল, ১২ জুন : আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণ বৈষম্যতাক বিৰুদ্ধে ব্ৰাজিলৰ নিতেৰই চহৰত বৃহস্পতিবাৰে হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰে প্ৰতিবাদ । ব্ৰাজিলত চলি অহা বৰ্ণ বৈষম্যতাক অন্ত পেলাই সম অধিকাৰ প্ৰতিস্থাৰ লগতে ৰাষ্ট্ৰপতি জায়েৰ বলচোনাৰোৰ বৈষম্যতাবাদ নীতিৰ বিৰুদ্ধে শ্ল'গান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে চহৰখন ।
প্ৰতিবাদত আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণ বৈষম্যতাৰ ফলত কৰুণ মৃত্যু সাৱতি লোৱা কেইজনমান কৃষ্ণাঙ্গ যুৱকৰ মাতৃয়েও অংশ লৈ আৰক্ষী তথা প্ৰশাসনৰ ভূমিকাক ধিকাৰ দিয়ে ।
ব্ৰাজিলত দ্ৰুত হাৰত বৃদ্ধি পাইছে আৰক্ষীৰ হাতত মৃত্যু হোৱা লোকৰ সংখ্যা । ২০২০ চনৰ আৰম্ভণিৰ তুলনাত শেষৰফালে ৮ শতাংশ বৃদ্ধি পাইছে আৰক্ষীৰ হাতত মৃত্যু হোৱা লোকৰ সংখ্যা ।
লগতে চাওকঃ গোলাঘাটৰ ছেলেঙী খেলপথাৰত দুৰ্লভ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন