চিৰাং, ১৩ নৱেম্বৰ: বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত সোনাইকোলাত মুকলি ভাৱে দিনে নিশাই চলিছে জুৱাৰ আড্ডা। কিন্তু সকলো দেখিও চকুমুদা কুলিৰ ভাঁও জুৰিছে আৰক্ষীয়ে । জুৱাৰীয়ে কেমেৰাৰ সন্মুখতে সাংবাদিকক জনায়, ভয় কৰাৰ কোনো কাৰণ নাই ৷ কাৰণ থানাৰ সমস্যা সমাধান কৰা হৈছে । উল্লেখ্য যে, জুৱাৰ উপৰিও অঞ্চলটোত প্ৰতিদিনে বৃদ্ধি পাইছে চুৰি ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ।
অঞলটোৰ সচেতন মহলে অতিশীঘ্রে এইসমূহ জুৱাৰ আড্ডা বন্ধ কৰাৰ লগতে ইয়াৰ ওপৰত উচিত পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰিছে।
লগতে পঢ়কঃ আৰম্ভ হৈছে কলিয়াবৰৰ ফ্ৰা-চেং-মুং মৈদামৰ সৌন্দৰ্য বৰ্ধনৰ কাম