ETV Bharat / briefs

বিজেপি চৰকাৰক মিথ্যাচাৰী আখ্যা অপূৰ্ব ভট্টাচাৰ্যৰ - অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য

ৰাজ্যৰ বন্ধ হৈ থকা দুটাকৈ কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ আশ্বাস প্ৰদান কৰিও আজিলৈকে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত শাসনাধীষ্ঠ চৰকাৰখনৰ ওপৰত ক্ষোভ উজাৰিলে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই

বিজেপি চৰকাৰখনক মিথ্যাচাৰী আখ্যা অপূৰ্ব ভট্টাচাৰ্যৰ
author img

By

Published : Jun 27, 2019, 7:12 PM IST

গুৱাহাটী, ২৭ জুন: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সামলোচনা কৰে। বৰ্তমানৰ শাসনাধীষ্ঠ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনক মিথ্যাচাৰী চৰকাৰ বুলি কটাক্ষ কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বন্ধ হৈ থকা কাছাৰ আৰু নগাঁও কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে অপূৰ্ব ভট্টাচাৰ্যই।

বিজেপি চৰকাৰখনক মিথ্যাচাৰী আখ্যা অপূৰ্ব ভট্টাচাৰ্যৰ

ইয়াৰ উপৰিও ২০১৬ চনত ৰাজ্যৰ বিধানসভা নিৰ্বাচনটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লে কাগজ কল দুটা কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। ৰাজ্যত সোণোৱাল চৰকাৰ গঠনৰ পিছত উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে বাৰম্বাৰ ঘোষণা কৰি আহিছিল যে কাগজ কল দুটা শীঘ্ৰে পুনৰ কাৰ্যক্ষম কৰিব, কিন্তু ৰাজ্য চৰকাৰখনে তিনি বছৰ অতিবাহিত কৰাৰ পিছতো কাগজ কল দুটা আজিও বন্ধ হৈ আছে। ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে কাছাৰ আৰু নগাঁও কাগজ কল কাৰ্যক্ষম কৰি তুলিব বুলি পুনৰবাৰ আশ্বাস প্ৰদান কৰি এতিয়া কাগজ কল দুটা নিলাম কৰিবলৈ ওলাইছে।

সেয়েহে বিজেপিয়ে কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ আশ্বাস প্ৰদান কৰি অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে বুলি বিজেপিক তীব্ৰ আক্ৰমণ কৰে অপূৰ্ব ভট্টাচাৰ্যই। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ শাসনতে এফালে এ পি এছ চিৰ কেলেংকাৰীৰ বাবে এগৰাকী প্ৰাক্তন সাংসদৰ জীয়ৰী কাৰাগাৰলৈ যাবলগীয়া হ'ল আৰু আনফালে বিধায়ক এগৰাকীৰ পৰিয়ালৰ পাঁচ গৰাকীকৈ সদস্যৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত কৰা নহ'ল। এই বুলি বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে। লগতে বিজেপি চৰকাৰখনৰ এই দুমুখীয়া নীতিৰ কাৰণ কি বুলি প্ৰশ্ন কৰে অপূৰ্ব ভট্টাচাৰ্যই।

Intro:কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনক মিথ্যাচাৰী চৰকাৰ বুলি আখ্যা দিলে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই। ৰাজ্যৰ বন্ধ হৈ থকা দুটাকৈ কাগজ কল পুনৰ কাৰ্যক্ষম কৰি তোলাৰ আশ্বাস প্ৰদান কৰিও আজিলৈকে বিজেপি চৰকাৰখনে কাগজ কল দুটা কচৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

Body:অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সামলোচনা কৰে। অপূৰ্ব ভট্টাচাৰ্যই বিজেপি চৰকাৰখনক মিথ্যাচাৰী চৰকাৰ আখ্যা দি কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বন্ধ হৈ থকা কাছাৰ আৰু নগাঁও কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও কাজ কল দুটা কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ২০১৬ চনত ৰাজ্যৰ বিধানসভা নিৰ্বাচনটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লে কাগজ কল দুটা কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। ৰাজ্যত সোনোৱাল চৰকাৰ গঠনৰ পিছত উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে বাৰম্বাৰ ঘোষণা কৰি আহিছিল যে কাগজ কল দুটা শীঘ্ৰে পুনৰ কাৰ্যক্ষম কৰিব কিন্তু ৰাজ্য চৰকাৰখন তিনি বছৰ অতিবাহিত কৰাৰ পিছতো কাগজ কল দুটা আজিও বন্ধ হৈ আছে। ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে কাছাৰ আৰু নগাঁও কাগজ কল কাৰ্যক্ষম কৰি তুলিব বুলি পুনৰবাৰ আশ্বাস প্ৰদান কৰি এতিয়া কাগজ কল দুটা নিলাম কৰিবলৈ ওলাইছে। বিজেপিয়ে কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ আশ্বাস প্ৰদান কৰি অসমৰ ৰাইজক বিশ্বাসঘাত কৰিছে বুলি বিজেপিক তীব্ৰ আক্ৰমণ কৰে অপূৰ্ব ভট্টাচাৰ্যই। অপূৰ্ব ভট্টাচাৰ্যই বিজেপিয়ে এ পি এছ চি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালক নিজৰ নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনত জয়লাভ কৰিছে। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনৰ শাসনতে এফালে এ পি এছ চি কেলেংকাৰীৰ বাবে এগৰাকী প্ৰাক্তন সাংসদৰ জীয়ৰী জেলত যাবলগীয়া হ'ল আৰু আনফালে বিধায়ক এগৰাকীৰ পৰিয়ালৰ পাঁচ গৰাকীকৈ সদস্যৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত কৰা নহ'ল। বিজেপি চৰকাৰখনৰ এই দুমুখীয়া নীতিৰ কাৰণ কি বুলি অপূৰ্ব ভট্টাচাৰ্যই প্ৰশ্ন কৰে।

বাইট : অপূৰ্ব ভট্টাচাৰ্যই

Conclusion:অপূৰ্ব ভট্টাচাৰ্যই ৰাজ্যত চলি থকা কয়লা ছিণ্ডিকেট সম্পৰ্কত কয় যে আৰক্ষী আৰু বনবিভাগৰ মিতিৰালিতে কয়লা ছিণ্ডিকেট চলি আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.