এণ্টাৰটেইনমেণ্ট ডেস্ক, ৯ জুনঃ ৩৫ বছৰত ভৰি দিলে বলীউডৰ মোহময়ী অভিনেত্ৰী চ'নম কাপুৰে । অভিনেত্ৰীগৰাকীৰ ওপজা দিনটোত অসংখ্য অনুৰাগীৰ লগতে বলীউড ছেলিব্ৰেটীয়ে ছ'চিয়েল মিডিয়াযোগে শুভকামনা জ্ঞাপন কৰে।
অভিনেত্ৰী কৰীণা কাপুৰে 'শুভ জন্মদিন সাহসী ছোৱালী' বুলি কেপচন দি দুয়োগৰাকীৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰেও চ'নম কাপুৰৰ বিশেষ দিনটোত এখন পুৰণি ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি নষ্টালজিক হৈ পৰে। একেদৰে,অভিনেত্ৰী অনুস্কা কাপুৰেও ইনষ্টাগ্ৰাম ষ্ট'ৰিত দুয়োগৰাকীকে এখন ফটো শ্বেয়াৰ কৰি আগন্তুক সময়বোৰ হাঁহিৰে ভৰি পৰাৰ কামনা কৰে।
সোমবাৰে পিতৃ অনিল কাপুৰেও ইনষ্টাগ্ৰামযোগে 'তাই মোৰ সাঁহস,মোৰ গৌৰৱ' বুলি উল্লেখ কৰি ওপজা দিনৰ ওলগ জনায়। বলীউড অভিনেতাগৰাকীয়ে "To a daughter like no other, the perfect partner to @anandahuja, a star on screen and an icon with an unimitable style." বুলি কেপচন দি কন্য়া চ'নম কাপুৰৰ ফটো আপডেট দিয়ে।
লগতে চাওকঃ পশ্চিমবংগত বৰ্তমানেও অব্যাহত আছে ৰাজনৈতিক হিংসাঃ অমিত শ্বাহ