ETV Bharat / briefs

অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত নামিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফঃ কুমাৰ দীপক দাস

সোমবাৰে দিনৰ ভাগত বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিচতে নিশা দহ বজাৰ পিচত বঙাইগাঁও জিলা কাৰ্যালয়ত উপস্থিত হৈ সংবাদমেল সম্বোধন কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে

author img

By

Published : Apr 16, 2019, 3:17 PM IST

অগপ-বিজেপ-বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ সংবাদমেল

চিৰাং, 16 এপ্ৰিলঃ বঙাইগাঁও অগপ কাৰ্যালয়ত দলটোৰ মিত্ৰজোঁটৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ সংবাদমেল। সংবাদমেলত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি উল্লেখ কৰি প্ৰাৰ্থী গৰাকীয়ে কয় যে, "দুয়োটা দলেই কিছুদিন পূৰ্বে গোপন মিত্ৰতা কৰিছিল যদিও এতিয়া দুয়ো দুয়োৰে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰি থকা পৰিলক্ষিত হৈছে । দুয়োটা দলেই নিজ নিজ ক্ষমতা অনুসৰি সংখ্যালঘু অঞ্চল সমূহত প্ৰভাৱ বিস্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে । "

লগতে কংগ্ৰেছে অগপ-বিজেপি-বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কোনো ক্ষতি কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে। তাৰোপৰি অসমীয়া বঙালীৰ ভোট পোৱাৰ লগতে সংখ্যালঘু সকলৰো বৃহৎ পৰিমাণৰ ভোট লাভেৰে মিত্ৰজোঁটৰ চৰকাৰে জয়লাভ কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে কুমাৰ দীপক দাসে৷ উল্লেখ্য যে সোমবাৰে দিনৰ ভাগত বঙাইগাঁও বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিচত নিশা দহ বজাৰ পিচত বিজেপিৰ জিলা সভাপতি সুখেন্দু ৰায়সহ অগপৰ বঙাইগাঁও জিলা কাৰ্যালয়ত উপস্থিত হৈ সংবাদমেল সম্বোধন কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷

Slug : A_Chirang_16th Apr_803 & 804_Bongaigaon Kumar dipok das pressmeet_vis_Abdul Maleque Ahmed.

Send by ftp. 

বঙাইগাঁও অগপ কাৰ্য্যালয়ত দলটোৰ মিত্ৰজোটৰ বৰপেটা লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী কুমাৰ দিপক দাসৰ সংবাদমেল । সংবাদমেলত তেওঁ কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । দুয়োটা দলেই কিছুদিন পুৰ্ব্বে গোপন মিত্ৰতা কৰিছিল যদিও এতিয়া দুয়ো দুয়োৰ অস্থিত্ব ৰক্ষাৰ সংগ্ৰাম কৰি থকা পৰিলক্ষিত হৈছে । দুয়োটা দলেই নিজ নিজ ক্ষমতা অনুসৰি সংখ্যালঘু অঞ্চল সমুহত প্ৰভাৱ বিস্থাৰৰ চেষ্ঠা অব্যাহত ৰাখিছে । কিন্ত যিমানেই যি নকৰক কিয় অগপ-বিজেপ-বিপিএফৰ মিত্ৰজোটৰ প্ৰাৰ্থীৰ কোনো ক্ষতি কৰিব নোৱাৰিব । আমি অসমীয়া বঙালী ভোট পোৱাৰ লগতে সংখ্যালঘু বৃহৎ পৰিমানৰ ভোট লাভেৰে জয়লাভ কৰিবলৈ সক্ষম হম । মুঠতে এইবাৰ বৰপেটা লোকসভা সমষ্ঠী মিত্ৰজোটৰ দখলত থাকিব বুলি কয় সংবাদ মেলত । এইখিনিতে উল্লেখ্য যে সোমবাৰে গোটেই দিনটো বঙাইগাঁও বিধান সভা সমষ্টীত নিৰ্ব্বাচনি প্ৰচাৰ চলোৱাৰ পিচত নিশা ১০ বজাৰ পিচত বিজেপিৰ জিলা সভাপতি সুখেন্দু ৰায় সহ অগপৰ বঙাইগাঁও জিলা কাৰ্য্যালয়ত উপস্থিত হৈ সংবাদমেল সম্বোধন কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.