ETV Bharat / briefs

বৰপেটাত অগপৰ বিশাল বাইক ৰেলী

author img

By

Published : Apr 21, 2019, 8:37 PM IST

বৰপেটাত অগপই বিশাল বাইক ৰেলী উলিয়াই,এই ৰেলীত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ লগতে অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসে অংশগ্ৰহণ কৰে

বৰপেটাত অগপৰ বিশাল বাইক ৰেলী

বৰপেটা, ২১ এপ্ৰিল : দেওবাৰে অন্ত পৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত বৰপেটাত অগপই উলিয়াই এক বিশাল বাইক ৰেলী । এই বিশাল বাইক ৰেলীত নিৰ্বাচনী প্ৰচাৰ চলায় বৰপেটাৰ বিজেপি-বিপিএফ মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে । বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলায় অগপ প্ৰাৰ্থীগৰাকীয়ে । ৰেলীত বৰপেটা সমষ্টিত অগপ-মিত্ৰজোঁটে জয় লাভ কৰিব বুলি দাবী কৰে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ।

বৰপেটাত অগপৰ বিশাল বাইক ৰেলী

আনহাতে, সকলো জাতি-জনগোষ্ঠীয়ে সমৰ্থন জনোৱাৰ বাবে তেওঁক অধিক আত্মবিশ্বাসী কৰি তুলিছে বুলিও দাবী কৰে দাসে ৷ বৰপেটাৰ সাতামপুৰুষীয়া ঐতিহ্য, সম্প্ৰীতি ৰক্ষা কৰি ইয়াত থকা হিন্দু-মুছলমান, জনজাতি-অজনজাতি, অসমীয়া-বাঙালীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সংহতি সুদৃঢ় কৰি এই অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত দৃঢ় প্ৰতিজ্ঞা বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে ৷ এই নিৰ্বাচনত বৰপেটাৰ অগপ প্ৰাৰ্থীগৰাকীৰ বাবে কংগ্ৰেছ অথবা এ.আই.ইউ.ডি.এফ কোনো ফেক্টৰ নহয় বুলিও মত পোষণ কৰে কুমাৰ দীপকে ।

Slug:    A_BAR_21APR_805TO807_AGP_CANDIDATE_KUMAR_DIPAK_BYKE_RALLY_VIS+BITE+PHOTO_BAPKAN_DAS                      

বৰপেটাত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বাইক ৰেলীৰে প্ৰচাৰৰ সামৰনিঃ 
মিত্ৰ শক্তিৰ বিজয় নিশ্চিতঃ কং-ইউডিএফ কোনো ফেক্টৰ নগয়ঃ কুমাৰ দীপক দাস ৷

বৰপেটা, ২১ এপ্ৰিলঃ সামৰনি পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ ৷ ২৩ এপ্ৰিলত ভোট গ্ৰহন অনুষ্ঠিত হব বৰপেটা লোকসভা সমষ্টিত ৷ আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বৰপেটাত এক বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায় বৰপেটাৰ বিজেপি-বিপিএফ মিত্ৰজোঁট সমৰ্থিত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সৈতে এখন খোলা গাড়ীত উঠি বাইক ৰেলীৰ নেতৃত্ব দিয়ে অগপ প্ৰাৰ্থীগৰাকীয়ে ৷ 
ইপিনে বৰপেটা সমষ্টিতো অগপ মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ সকলো জাতি জনগোষ্ঠীৰ লগতে চৰাঞ্চলতো ৰাইজে যিধৰনে সমৰ্থন জনাইছে সিয়ে তেওক অধিক আত্মবিশ্বাসী কৰি তুলিছে বুলিও দাবী কৰে ৷ বৰপেটাৰ সাতামপুৰুষীয়া ঐতিহ্য, সম্প্ৰীতি ৰক্ষা কৰি ইয়াত থকা হিন্দু-মুছলমান, জনজাতি-অজনজাতি, অসমীয়া-বাঙালী, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সংহতি সুদৃঢ় কৰি এই অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানত দৃঢ় প্ৰতিজ্ঞ অগপ প্ৰাৰ্থীগৰাকী ৷ এই নিৰ্বীচনত বৰপেটাৰ অগপ প্ৰাৰ্থীগৰাকীৰ বাবে কংগ্ৰেছ অথবা এআইইউডিএফ কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে কুমাৰ দীপক দাসে ৷

বাইটঃ কুমাৰ দীপক দাস ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.