নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : জেহাদী সন্ত্ৰাসবাদী সংগঠন বোকো হাৰামৰ বৰ্বৰ আক্ৰমণত নিগাৰত প্ৰাণ হেৰুৱায় ২৮ জনকৈ নিৰীহ লোকে । শনিবাৰে নিশাৰ ভাগৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণ দেওবাৰে নিশাৰ ভাগত অন্ত পৰে । নিগাৰৰ চৰকাৰী সূত্ৰই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ।
এখন বজাৰ জ্বলাই দিয়াৰ লগতে সেই স্থানত উপস্থিত থকা লোকসকলক লক্ষ্য কৰি যধে-মধে গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ দলটোৱে । ফলত ঘটনাস্থলীতে নিহত হয় ২৮জনকৈ নিৰীহ লোক ।
দেশখনৰ ডিফা প্ৰদেশত সংঘটিত হোৱা এই আক্ৰমণৰ পিচতেই স্থানীয় লোকসকল শংকিত হৈ আছে । ইতিমধ্যে ঘটনাস্থলীত নিৰাপত্তা বাহিনীৰ দল মোতায়েন কৰা হৈছে আৰু গৱৰ্ণৰ ইছা লেমাইনে উক্ত স্থান পৰিদৰ্শন কৰিছে । ডিফা প্ৰদেশৰ ৰাজধানীৰ পৰা ৭৫ কিলোমিটাৰ দুৰত্বত থকা কোমাডৌগাও নদীৰ পাৰত অৱস্থিত টৌমৌৰ নামৰ নাইজেৰিয়ান বসতিযুক্ত গাঁওখনত সংঘটিত হয় এই ঘটনা । ঘটনাৰ প্ৰায় ৭২ ঘন্টা পিচতহে চৰকাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰায় ।
বোকো হাৰামে ইয়াৰ পূৰ্বেও উক্ত স্থানত আক্ৰমণ সংঘটিত কৰিছিল । নিহতসকলৰ ভিতৰত অধিকাংশই ঘটনাৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ নদীত জাপ দিয়াৰ ফলতেই মৃতকৰ সংখ্যা অধিক বৃদ্ধি পায় বুলি চৰকাৰী পক্ষই সদৰী কৰিছে ।
নিগাৰত ২২০খনৰো অধিক পৌৰসভাত বিগত দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হৈছিল । নিৰ্বাচনত বাধা দিবৰ বাবেই এইদৰে আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদী সংগঠনটোৱে । পশ্চিম আফ্ৰিকাৰ দেশখনত আগন্তক দুই সপ্তাহৰ পিচতেই ৰাষ্ট্ৰপতি আৰু বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান অন্টনিঅ গুটৰেজে এই বৰ্বৰ আক্ৰমণক নিন্দা কৰাৰ লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।
বোকো হাৰাম হৈছে নাইজেৰিয়াৰ এক সৰ্ববৃহৎ জেহাদী সন্ত্ৰাসবাদী সংগঠন । দীৰ্ঘ শতিকাধৰি পশ্চিম আফ্ৰিকাৰ নাইজেৰিয়া, নিগাৰ আৰু কেমেৰুণত সন্ত্ৰাসবাদমুলক কাৰ্য সংঘটিত কৰি আহিছে এইটো সংগঠনে ।