চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী: হাম দিল দে চুকে চনমৰ পাছত পুনৰ একেলগে কাম কৰাৰ বাবে সাজু হৈছে বলিউডৰ অভিনেতা অজয় দেৱগন আৰু ছবি নিৰ্মাতা তথা প্ৰযোজক সঞ্জয় লীলা ভাঞ্চালী । ভাঞ্চালীৰ আহিবলগীয়া ছবি গংগুবাই কাথিয়াবাড়িত খুব কম সময়ৰ বাবে অথচ এক শক্তিশালী চৰিত্ৰত অজয় দেৱগনক দেখিবলৈ পোৱা যাব ।
জানিব পৰা মতে ছবিখনত এক বিশেষ কেমিঅ' প্ৰৱেশৰ বাবে প্ৰযোজক গৰাকীৰ আহ্বানৰ প্ৰতি অভিনেতা গৰাকীয়ে সহাৰি জনাইছে । ৫১ বৰ্ষীয় অভিনেতা গৰাকীয়ে ছবিখনত ৰিয়েল-লাইফ আন্দাৰৱৰ্ল্ড ডনৰ চৰিত্ৰত অভিনয় কৰিব ।
মাতৃত্ব আৰু এখন পতিতালয়ৰ গৰাকীক লৈ ছবিখনৰ কাহিনীভাগ আগুৱাই যাব । অভিনেত্ৰী আলিয়া ভাটে ছবিখনত মাফিয়া কুইনৰ চৰিত্ৰ চৰিত্ৰায়ন কৰিছে । হোছেইন যাইদিয়ে লিখা মুম্বাই বুকৰ মাফিয়া কুইনৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, বাজিৰাও মস্তানীৰ সময়তো ভাঞ্চালী আৰু দেৱগনে একেলগে কাম কৰাটো প্ৰায় নিশ্চিত হৈ উঠিছিল যদিও ‘টানহাজীত’ অধিক মনোনিৱেশ কৰিবলগীয়া হোৱাত অভিনেতা গৰাকীয়ে ভাঞ্চালীৰ প্ৰস্তাৱ নাকচ কৰিছিল । অৱশেষত প্ৰায় দুটা দশকৰ পাছত 'হাম দিল দে চুকে চনম' যুটিয়ে পুনৰ একেলগে কাম কৰিব । যদিওবা ছবিখনত দেৱগনে কেমিঅ' হিচাপে প্ৰৱেশ কৰিব তথাপি তেঁওৰ চৰিত্ৰটোৱে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
লগতে পঢ়ক: বাফটা'ৰ মনোনয়নক লৈ আনন্দিত প্ৰিয়ংকাৰ ভগ্নী পৰিনীতি চোপ্ৰা