ETV Bharat / briefs

প্ৰায়েই স্কুটি ভাড়াত লৈছিল জাহ্নবী শইকীয়াই

author img

By

Published : May 18, 2019, 9:45 PM IST

জাহ্নবী শইকীয়াই বাহন ভাড়াত লোৱা আহিজা প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী উপকুল তালুকদাৰে সম্বোধন কৰে এখন সংবাদমেল, সংবাদমেলত জাহ্নবীয়ে প্ৰায়ে বাহন ভাড়াত লোৱাৰ কথা উল্লেখ কৰাৰ লগতে জু ৰোডত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হোৱা দিনাখনো স্কুটি ভাড়াত লোৱাৰ কথা উল্লেখ কৰে

জাহ্নবী শইকীয়াই বাহন ভাড়াত লোৱা প্ৰতিষ্ঠানৰ সংবাদমেল

গুৱাহাটী,১৮মে': জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ লগত জৰিত থকা জাহ্নবী শইকীয়াই স্কুটি ভাড়াত লৈছিলে আহিজা প্ৰতিষ্ঠানৰ পৰা। শনিবাৰে আহিজা প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী উপকুল তালুকদাৰে সম্বোধন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে। ইফালে, ঘটনা সংঘটিত হোৱাৰ দিনাখনো জাহ্নবীয়ে 12 মান বজাত অকলে স্কুটি ভাড়ালৈ নিবলৈ আহিছিল আৰু ভাড়ালৈ লোৱা স্কুটিৰ বাবে ড্ৰাইভিং লাইচেন্স স্বত্তাধিকাৰীক জাহ্নবীয়ে দেখুৱাইছিল বুলি মন্তব্য কৰে উপকুল তালুকদাৰে। 450 টকাত ভাড়ালৈ লোৱা বাহনখন পিছদিনা স্বত্তাধিকাৰীক উভতাই দিয়াৰ কথা আছিল যদিও বাহনখন ঘূৰাই নিদিয়াত প্ৰতিষ্ঠানৰ পৰা ফোন কৰিছিল জাহ্নৱীক। কিন্তু জাহ্নবীয়ে ফোন বন্ধ কৰি ৰখাৰ বাবে সংযোগ স্থাপন কৰিব পৰা নাছিল প্ৰতিষ্ঠানটোৱে। ইয়াৰ পাছতে সংবাদ মাধ্যমত প্ৰকাশিত হোৱা খবৰত AS-01DQ-4420 নম্বৰৰ স্কুটীখন গীতানগৰ আৰক্ষী চকীত থকাৰ কথা গম পাই প্ৰতিষ্ঠানৰ গৰাকীয়ে আৰু লগে-লগেই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে যোগাযোগ কৰে আৰু আৰক্ষীৰ সৈতে এক বৈঠকতো মিলিত হয় বুলি প্ৰতিষ্ঠানটোৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

ইফালে, উপকুল তালুকদাৰে সংবাদমেলত কৰা মন্তব্য অনুসৰি বাহনখনত জি.পি.এচ. চিষ্টেম সংযোগ কৰা আছিল, যাৰ ফলত আৰক্ষীয়ে বাহনখনৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ সহজ হ'ব। ইফালে, বিস্ফোৰণ সংঘটিত হোৱা উক্ত দিনটোত বাহনখনৰ গতি বিধি বিস্ফোৰণস্থলীৰ আশে পাশে থকা কথা আৰক্ষীয়ে সম্ভেদ পাইছে । ইয়াৰোপৰি সংবাদমেলত আহিজা প্ৰতিষ্ঠানে গ্ৰেণেড বিস্ফোৰণৰ আহত সকলক 1 লাখ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ লগতে সাহাৰ্য সংগ্ৰহ কৰাৰ অৰ্থে এক আঁচনি হাতত লোৱাৰ কথা জানিবলৈ দিয়ে ।

Intro: জাহ্নৱী হাজৰিকাক দুচকীয়া বাহন ভাড়া দিয়া প্ৰতিষ্ঠানৰ স্বতীধিকাৰী ৰ সংবাদমেল। সংবাদমেলত সদৰী কৰিলে কেনেকৈ আৰু কাৰ লগত আহিছিল জাহ্নৱী হাজৰিকা দুচকীয়া বাহন ভাড়া লবলৈ।জাহ্নৱী হাজৰিকাক দুচকীয়া বাহন ভাড়া দিয়া কোম্পানি আহিজা ৰ স্বতাধিকাৰী উপকুল তালুকদাৰ।
স্কুটি ভাড়া ত লবলৈ অকলেই আহিছিল জাহ্নৱী হাজৰিকা। যাৱতীয় সকলো নথি যোগান ধৰিছিল জাহ্নৱী য়ে। ঘটনা সংঘটিত হোৱাৰ দিনাই ভাড়া ত লৈছিল স্কুটি দিনৰ 12 মান বজাত জাহ্নৱীয়ে।পানকাৰ্ড আধাৰ আৰু ড্ৰাইভিং লাইচেন্স জমা দিছিল জাহ্নৱীয়ে। 450 টকাত লৈছিল ভাড়া ত বাহন খন।

Body:ভাড়া ত লোৱাৰ পিছদিনা খন অৰ্থাৎ 16 মে ত বাহন খন ঘূৰাই নিদিয়াত প্ৰতিষ্ঠনৰ পৰা ফোন কৰিছিল জাহ্নৱীক। কিন্তু জাহ্নৱীয়ে ফোন বন্ধ কৰি ৰখাৰ বাবে সংযোগ স্থাপন কৰিব পৰা নাছিল। কিন্তু বাতৰিত AS 01 DQ4420 নম্বৰৰ স্কুটি খন গীতানগৰ আৰক্ষী চকীত জমা হোৱাৰ কথা গম পাইছিল প্ৰতিষ্ঠানৰ গৰাকীয়ে আৰু লগে লগেই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে যোগাযোগ কৰিছিল আৰু এক বৈঠক অনুষ্ঠিত হয়।
চি চি টিভি ফুটজ আৰু GPS চিষ্টেমৰ সকলো তথ্য দিছিল আৰক্ষীক ।
উপকুল তালুকদাৰ জানিবলৈ দিয়া মতে বাহন খনত GPS চিষ্টেম সংযোগ আছিল। যাৰ ফলত আৰক্ষীয়ে বাহন খনৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ সহজ হব।
জানিব পৰা মতে বিস্ফোৰণ ৰ দিনটোত উক্ত সময়ত বাহন খনৰ গতি বিধি বিস্ফোৰণ স্থলী আশে পাশে পাইছে।
ইয়াৰোপৰি আহিজা প্ৰতিষ্ঠানে গ্ৰেণেড বিস্ফোৰণৰ আহত সকলক 1 লাখ টকাৰ সাহাৰ্য্য আগবঢ়োৱাৰ লগতে সাহাৰ্য সংগ্ৰহ কৰাৰ অৰ্থে এক আঁচনি হাতত লৈছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.