ETV Bharat / briefs

আফগানিস্তানত ২২০০০ অতিক্ৰম কৰিলে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই

author img

By

Published : Jun 10, 2020, 7:23 PM IST

দেশখনৰ ভিতৰত কাবুলত অধিকসংখ্যক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । চহৰখনত বিগত ২৪ ঘণ্টাত ৩৯৩ গৰাকী লোকৰ নতুনকৈ কোভিড-১৯ পজিটিভ পোৱা গৈছে।

afghanistan
afghanistan registers over 22000 covid 19 cases

ইণ্টাৰনেশ্বনেল ডেস্ক, ১০ জুনঃ আফগানিস্তানত নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে ৬৮৪ গৰাকী লোক। ৰাষ্ট্ৰখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১,১২৮ গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে।

afghanistan registers over 22000 covid 19 cases
আফগানিস্তানত ২২০০০ অতিক্ৰম কৰিলে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই

দেশখনৰ ভিতৰত কাবুলত অধিকসংখ্যক লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত। চহৰখনত ৩৯৩ গৰাকী লোকৰ নতুনকৈ কোভিড-১৯ পজিটিভ পোৱা গৈছে। ট'ল' নিউজত প্ৰকাশিত তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত আফগানিস্তানত ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৩২৪ গৰাকী ব্যক্তিয়ে।

স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এইপৰ্যন্ত আফগানিস্তানত ১৮,৪২৪ গৰাকী কোভিড-১৯ ৰোগী সক্ৰিয় অৱস্থাত আছে। তদুপৰি দেশজুৰি বৰ্তমানলৈকে ৪০৫ গৰাকী ৰোগী মৃত্যুমুখত পৰাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২,৯৭৫ গৰাকীয়ে।

বৰ্তমানলৈকে দেশখনত ৫০,৬৫৮ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত ২২,১৪৩ গৰাকী ব্যক্তিৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে।

লগতে চাওকঃ বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.