ETV Bharat / briefs

ৰঙিয়াত ৰে'লৱেৰ পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ মুকলি আছুৰ - দীপাংক নাথ

ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া এটা প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰা হয় । এই শিবিৰটো উদ্ধোধন কৰে আছুৰ সভাপতি দীপাংক নাথে ।

ৰঙিয়াত ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ মুকলি
author img

By

Published : Jun 1, 2019, 6:30 PM IST

ৰঙিয়া,১জুন : কামৰূপ জিলা ছাত্ৰ সন্থাৰ অভিনৱ পদক্ষেপ । শুকুৰবাৰে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া এটা প্ৰশিক্ষণ শিবিৰ উদ্ধোধন কৰা হয় । এই শিবিৰটো উদ্ধোধন কৰে আছুৰ সভাপতি দীপাংক নাথে । কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ চলিব দুমাহলৈ । সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে হ'বলগীয়া প্ৰশিক্ষণ শিবিৰটোত ৰে'ল বিভাগৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াই প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিব বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক নাথে ।

ৰঙিয়াত ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ মুকলি

আনহাতে, উদ্বোধনী অনুষ্ঠানত ৰে'ল বিভাগৰ শীৰ্ষ বিষয়া এল.টিউচিঙে ৰে'ল বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে এনেধৰণৰ প্ৰশিক্ষণৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰি এই প্ৰশিক্ষণ শিবিৰটোৰ পৰা বহু নিৱনুৱা যুৱক-যুৱতীৱে ৰেল' বিভাগত নিযুক্তি পোৱাত সহায় লাভ কৰিব বুলি মন্তব্য কৰে । লগতে আছুৰ সভাপতি দীপাংক নাথে অসমীয়া ভাষাৰ প্ৰতি অহা ভাবুকিৰ বিষয়েও মন্তব্য কৰি কয় অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্ৰয়োজন ৷

Intro:আছুৰ উদ‍্যোগত ৰঙিয়াত ৰেলৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ উদ্বোধন।Body: ৰেল'ৱে বিভাগত চাকৰি কৰিব খোজা যুৱক যুৱতীৰ বাবে ভাল খবৰ । ৰঙিয়াত আজি আছুৰ উদ্যোগত আৰম্ভ হৈছে ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে আছুৰ সভাপতি দীপাংক নাথে । কামৰূপ জিলা ছাত্র সন্হাৰ উদ্যোগত অনুষ্ঠিত দুমহীয়া প্ৰশিক্ষণ শিবিৰে থলুৱা যুৱক-যুৱতীক ৰেল'ৱে বিভাগত নিযুক্তি পোৱাত সহায় কৰিব বুলি উল্লেখ কৰি পৰবৰ্তী সময়ত ৰাজ্যৰ অন্যান্য প্ৰান্ততো ৰেল'ৱে নিযুক্তি পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ আৰম্ভ কৰিব বুলি কয় আছুৰ সভাপতি জনে ।লগতে উত্তৰ পূৰ্বাঞ্চলক লৈ এটা সুকীয়া ৰে'লৱে জ'ন স্হাপনৰ দাবী জনায় নেতা গৰাকীয়ে । উদ্বোধনী অনুষ্ঠানত ৰেল বিভাগৰ শীৰ্ষ বিষয়া এল টিউচিঙে আৰ আৰ বিৰ পৰীক্ষাত অৱতীৰ্ণ হবৰ বাবে এনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰে । ১৩ লাখ বিষয়া-কৰ্মচাৰীৰে সমৃদ্ধ ভাৰতীয় ৰেল বিভাগত নিযুক্তি পাবলৈ ছাত্র-ছাত্ৰী সকলে কিছু পৰিমাণে মনোযোগী হব লাগিব বুলি কৈ আছুৰ পদক্ষেপক আদৰণি জনায় । সপ্তাহত শনিবাৰ আৰু দেওবাৰে হবলগীয়া প্ৰশিক্ষণ শিবিৰত কেইবাজনো ৰেলৱে শীৰ্ষ বিষয়াই প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিব । ইফালে আছুৰ মঞ্চৰ পৰা আছুৰ সভাপতি দীপাংকৰ নাথে চলো পাল্টাইৰ নিচিনা বিজতৰীয়া অপসংস্কৃতিৰ বাহক অসম বিদ্বেষী চক্ৰক চৰম সকীয়নি প্ৰদান কৰি এনে বিভেদৰ ৰাজনীতি সিচি অভিসন্ধি কৰিব খোজা লোকক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনায় । ইয়াৰোপৰি প্ৰাক্তন সেনা বিষয়া চানাউল্লাহৰ ক্ষেত্ৰত আছুৰ সভাপতি গৰাকীয়ে সীমান্ত আৰক্ষীয়ে ভালদৰে তদন্ত কৰিহে বিদেশী বুলি ঘোষণা কৰা দৰকাৰ বুলি উল্লেখ কৰি এই ক্ষেত্ৰত প্ৰকৃত ভাৰতীয় লোকে যাতে হাৰাশাস্তিৰ সন্মুখীন নহয় সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আৰক্ষীক আহ্বান জনায় ।

Byte : আছু সভাপতি ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.