ETV Bharat / briefs

আমগুৰিবাসীৰ সৌভাগ্য প্ৰৱীণ দাস - কাৰ্য বিভাগ

আমগুৰিৰ ভূঞাহাট অঞ্চলৰ কৈৱৰ্ত গাঁৱৰ প্ৰৱীণ দাস নামৰ এজন যুৱকৰ এখন পত্ৰৰ বাবেই পকীপথ লাভ কৰিব অঞ্চলবাসীয়ে ৷ যুৱকজনৰ পত্ৰৰ পাছতেই পাব্লিক ৱকৰ্ছ ডিপাৰ্টমেন্টক জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰপতিয়ে ৷

ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ আমগুৰিৰ যুৱকৰ
author img

By

Published : May 29, 2019, 4:37 PM IST

আমগুৰি,২৯মে' : স্বাধীনতাৰ ৭২ বছৰৰ পাছত পকী পথেৰে খোজ কাঢ়িবলৈ সক্ষম হ'ব আমগুৰিবাসী । আমগুৰিৰ ভূঞাহাটৰ কৈৱৰ্ত গাঁৱৰ প্ৰৱীণ দাসৰ এখন পত্ৰই এতিয়া পকী পথেৰে খোজ কঢ়াৰ সৌভাগ্য উদয় কৰিবলৈ ওলাইছে আমগুৰিৰ অঞ্চলবাসীক

ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ আমগুৰিৰ যুৱকৰ

উল্লেখ্য যে, ২০১৯ বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ ১২ তাৰিখে কৈৱৰ্ত গাঁৱৰ প্ৰৱীণ দাসে মহামান্য ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ লিখিছিল । আমগুৰি অঞ্চলৰ যাতায়তৰ একমাত্ৰ পথটো সুচল কৰি তুলিবৰ বাবে দাসে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল । যুৱকজনৰ পত্ৰ ৰাষ্ট্ৰপতি ভৱনে লাভ কৰাৰ পাছতেই পত্ৰখনৰ গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ সাৰ্বজনীন কাৰ্য বিভাগ(পাব্লিক ৱকৰ্ছ ডিপাৰ্টমেন্ট)ক ব্যৱস্থা গ্ৰহণৰ বাবে বুধবাৰে এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে । যুৱকজনৰ এই কাৰ্যত এতিয়া উৎফুল্লিত অঞ্চলবাসী ।

Intro:Body:মহামান্য ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি চৰ্চা লাভ আমগুৰিৰ যুৱকৰ
Amguri
Samiran Duarah
29/5/2019

আমগুৰি:২৯ মে:

হঠাৎ চৰ্চিত হৈ উঠিছে আমগুৰিৰ এজন যুৱক। মহামান্য ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি চৰ্চা লাভ কৰিছে যুৱকজনে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ শাসনকালতো উন্নয়ণৰ মুখ নেদেখি এখন গাঁওৰ এজন যুৱকে উন্নয়নৰ আশাত পত্ৰ লিখিলে মহামান্য ৰাষ্ট্ৰপতিলৈ। আমগুৰি ভূঞাহাট কৈৱৰ্ত গাঁওৰ যুৱকজনৰ নাম প্ৰৱীণ দাস। প্ৰৱীণ দাসেই মহামান্য ৰাষ্ট্ৰপতিলৈ লিখিলে পত্ৰ।

স্বাধীনতাৰ ৭২ বছৰৰ পিছতো অসম চৰকাৰৰ বিয়াগোম বিভাগ আৰু সমষ্টিৰ কোনো এজন বিধায়কে এটা গ্ৰাম্য পথ নিৰ্মাণত গুৰুত্ব নিদিয়াত অৱশেষত পত্ৰ লিখিলে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ।

আমগুৰি বিধানসভা সমষ্টিৰ ভূঞাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত অনুসূচিত জাতিৰ কৈৱৰ্ত সম্প্ৰদায়ৰ একমাত্ৰ জাঁজী নৈপৰীয়া গাঁও ভূঞাহাট কৈৱৰ্ত গাঁও। বিভিন্ন সমস্যাৰে জৰ্জৰিত গাঁওখনৰ একমাত্ৰ যাতায়াতৰ পথটো আজিও নিৰ্মাণ কৰি নিদিলে। ফলত একাঠু বোকা-পানীৰে যাতায়াত কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। গুৰুত্বপূৰ্ণ বিষয় হ'ল যে পিএমজিএচৱাই আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ ২০১৬ চনৰ ২০,২১ চেপ্টেম্বৰত পথটো পি ডব্লিউ ডি বিভাগে জৰীপ চলাইছিল যদিও গৰাখহনীয়াত ভূঞাহাট কৈৱৰ্ত গাঁওৰ ১০০ মিটাৰ পথ ছিগি থকাৰ কাৰণে পথটো নিৰ্মাণ নকৰিলে।

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নিজা ভূঞাহাট পঞ্চায়তৰ অন্তৰ্গত অনুসূচিত জাতি বসতিপ্ৰধান গাঁওখন এলাগী হৈ থকাত অৱশেষত সচেতন যুৱক প্ৰৱীণ দাসে সমগ্ৰ বিষয় বৰ্ণনা কৰি মহামান্য ৰাষ্ট্ৰপতিলৈ অতি দুখেৰে এখনি পত্ৰ লিখি সমস্যা সমাধানৰ ব্যৱস্থা কৰিব বুলি আশা কৰে।

আনহাতে যুৱকজনৰ পত্ৰ ৰাষ্ট্ৰপতি ভৱনে লাভ কৰি গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ পাব্লিক ৱকৰ্ছ ডিপাৰ্টমেন্ট (ৰুৰেল ৰদ) দিচপুৰ গুৱাহাটীলৈ ব্যৱস্থা গ্ৰহণৰ বাবে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে।ইয়াৰ পিছতো অসম চৰকাৰে গাঁওখন উন্নয়ণৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব সময়তহে লক্ষণীয় হব।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.