নগাঁও, 29 এপ্ৰিলঃ ধাৰাবাহিকভাৱে সংঘটিত হোৱা সাংবাদিকক আক্ৰমণৰ ঘটনাক গৰিহণা সদৌ অসম সাংবাদিক সন্থাৰ নগাওঁ জিলা সমিতিৰ । সাংবাদিক আক্ৰমণত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী সন্থাৰ সদস্যসকলৰ ।
কঠোৰ শাস্তি প্ৰদান নকৰাৰ ফলতেই এজনৰ পিছত এজনকৈ সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰে সাংবাদিক সন্থাৰ নগাওঁ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল বৰাই । লগতে চৰকাৰক সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী জনায় সংগঠনটোৱে ।