বৰপেটাৰোড,১ ফেব্ৰুৱাৰী: সোমবাৰে বৰপেটাৰোডত ৰে’লৰ খুন্দাত মৃত্যু ঘটে এগৰাকী ব্যক্তিৰ ৷ প্ৰায় ৫০ বছৰীয়া লোকজনৰ মৃতদেহ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ৷ বৰপেটাৰোড ৰে’ল আৰক্ষীয়ে ব্যক্তিগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, উজনিমুৱা ৰে’লৰ খুন্দাত সোমবাৰে বিয়লি লোকজনৰ মৃত্যু ঘটে ৷
লোকজনৰ পিন্ধনত আছে মাটিয়া ৰঙৰ পেণ্ট আৰু চেক চোলা ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত লোকজনৰ মৃতদেহ বৰপেটাৰোডৰ ৰে’লৱে মৰ্গত ৰখা হৈছে বুলি বৰপেটাৰোড ৰে’ল আৰক্ষীয়ে সদৰী কৰে ৷
লগতে পঢ়ক : উপাধ্যক্ষ আমিনুল হক লস্কৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰাক্তন বিধায়ক এনামুল হকৰ