ইণ্টাৰনেশ্বনেল ডেস্ক, ১৪ জুন : বিগত দুটা সপ্তাহত আফগানিস্তানত তালিবানীৰ আক্ৰমণত নিহত হৈছে ৮৯ গৰাকী সাধাৰণ নাগৰিক। লগতে, তালিবানী সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে ১৫০ গৰাকী লোক। ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থা চমুকৈ 'এন এছ এ' প্ৰকাশ কৰে এই তথ্য।
ট'ল' নিউজত প্ৰকাশিত তথ্য অনুসৰি দেওবাৰেও ইষ্টাৰ্ণ নানগড়াৰ অঞ্চলত পথৰ সমীপত সন্ত্ৰাসবাদীয়ে সংস্থাপিত কৰা বোমা বিস্ফোৰণ হৈ নিহত হৈছে এজন লোক। জালালাবাদ চহৰৰ সমীপত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। কিন্তু কোনো সন্ত্ৰাসবাদী দলে এই বিস্ফোৰণত জড়িত থকাৰ কথা মানি লোৱা নাই।
![89 civilians killed, 150 injured in Taliban attacks in Afghanistan within last 2 weeks: National decurity Council](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05:59_exploision_june7_xtdhhfm_tm1dj9b1592137405854-71_1406email_1592137417_1072.jpg)
আনহাতে, একেটা দিনতে টাখাৰ অঞ্চলৰ কোম্বাতটো সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণৰ ফলত ৭ জন আফগান নিৰাপত্তাৰক্ষীৰ সদস্য, ১৫ গৰাকী তালিবানী যোদ্ধা আৰু এটি শিশুৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় সুৰক্ষা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, কাণ্ডাহাৰ অঞ্চলত সংঘটিত বিস্ফোৰণত বিগত দুটা সপ্তাহত মুঠ ২২ গৰাকী লোকৰ মৃত্যু হৈছে। একেদৰে, কাবুলত বিস্ফোৰণৰ ফলত সৰ্বাধিক ৪২ গৰাকী লোক আহত হৈছে।
লগতে পঢ়ক : ক'ৰণা ৰোগীৰ চকুপানীত ক'ৰণা ভাইৰাছৰ অৱস্থিতি