ETV Bharat / briefs

৪০২ জন ব্যক্তিৰ বাবে চাংসাৰিত সাজু কোৱাৰেন্টাইন চেণ্টাৰ

author img

By

Published : Jun 2, 2020, 3:00 PM IST

বহিঃৰাজ্যৰ পৰা লোকৰ বাবে কামৰূপ জিলাৰ চাংসাৰিত সাজু কৰি তোলা হৈছে কোৱাৰেন্টাইন চেণ্টাৰ । ৪০২ জন ব্যক্তি থাকিব পৰাকৈ সাজি উলিওৱা হৈছে কোৱাৰেন্টাইন চেণ্টাৰটো।

402 bed quarantine facility at Changsari

চাংসাৰি, ২ জুনঃ কামৰূপ জিলাৰ চাংসাৰিত সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে এটা কোৱাৰেন্টাইন চেণ্টাৰ । দুগৰাকী জিলা দণ্ডাধীশৰ তত্বাৱধানত সাজু হৈ উঠিছে চাংসাৰিৰ কোৱাৰেন্টাইন চেণ্টাৰটো । বাইহাটা চাৰিআলিৰ কনক ডেকা নামৰ এগৰাকী ব্যৱসায়ীয়ে কোৱাৰেন্টাইন চেণ্টাৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে এই গৃহটো আগবঢ়াইছিল। বৰ্তমান ৪০২ জন ব্যক্তি থাকিব পৰাকৈ সাজি উলিয়াইছে গৃহটো । এই কোৱাৰেন্টাইন চেণ্টাৰটোত এজনীয়া,দুজনীয়া,চাৰিজনীয়া আৰু সমুহীয়াকৈ কোঠাবোৰ নিৰ্মাণ কৰাৰ লগতে আছে ৬০টা শৌচাগাৰৰ ব্যৱস্থা। সমানুপাতিক ভাৱে কোৱাৰেন্টাইন চেণ্টাৰটোৰ বাহিৰত স্ক্ৰিনিংৰ ব্যৱস্থা তথা স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

402 bed quarantine facility at Changsari
৪০২ জন ব্যক্তিৰ বাবে চাংসাৰিত সাজু কোৱাৰেন্টাইন চেণ্টাৰ

লগতে পঢ়কঃ ভাৰতত কোভিড-19 ত আৰোগ্যৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে মৃত্যুৰ হাৰ হ্ৰাসঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.