গুৱাহাটী, 6 অক্টোবৰ: ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং সামগ্ৰীৰ সৰবৰাহ। একাংশ আৰক্ষীক মেনেজ কৰি প্ৰতিদিনেই গুৱাহাটীৰ মাজেৰে পৰা হয় ইখনৰ পিছত সিখনকৈ চোৰাং সামগ্ৰী ভৰ্তি ট্ৰাক।
ইফালে চোৰাং ছুপাৰীৰ বিৰুদ্ধে শুল্ক বিভাগে এক অভিযান চলাই সোমবাৰে নিশা ন মাইলৰ পৰা শুল্ক বিভাগে জব্দ কৰে তিনিখনকৈ ছুপাৰীভৰ্তি ট্ৰাক।
![নমাইলত তিনিখনকৈ ছুপাৰীভৰ্তি ট্ৰাক জব্দ শুল্ক বিভাগৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:56:01:1601976361_as-ghy-01-suparitruckseize-as10002_06102020140248_0610f_1601973168_986.jpg)
ম্যানমাৰৰ পৰা পশ্চিম বংগ আৰু বিজনীলৈ গৈ থকা অৱস্থাত জব্দ ট্ৰাক কেইখন। জব্দকৃত ছুপাৰীখিনিৰ ওজন ৬৮ টন। যাৰ বজাৰ মূল্য হৈছে ২ কোটি ৫৫ লাখ টকা। ছুপাৰীসমূহৰ কোনো নথি-পত্ৰ দেখুওৱাব নোৱাৰাৰ বাবেই শুল্ক বিভাগে জব্দ কৰে আটাইখিনি ছুপাৰী।
ইফালে ঘটনা সন্দৰ্ভত তিনিজনকৈ লোকক আটক কৰিছে শুল্ক বিভাগে। এতিয়া ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে শুল্ক বিভাগে। চোৰাং ছুপাৰী মাফিয়াৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বিভাগটোৱে।
লগতে পঢ়ক : চাংসাৰীত পথ দুৰ্ঘটনাঃ নিহত এক