ETV Bharat / bharat

ভাৰতত ইউটিউবৰ বৃহৎ লোকচান - বৃহস্পতিবাৰে পুৱা

বৃহস্পতিবাৰে পুৱা ভাৰতত বৃহ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ইউটিউবে। বহু সংখ্যক উপভোক্তাৰ ইউটিউব ব্যৱহাৰত সমস্যাৰ সৃষ্টি হোৱাৰ তথ্য প্ৰকাশ কৰিছে ডাউন ডিটেক্টৰে ।

ভাৰতত ইউ টিউবৰ বৃহৎ লোকচান
ভাৰতত ইউ টিউবৰ বৃহৎ লোকচান
author img

By

Published : Nov 12, 2020, 3:05 PM IST

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: গুগলৰ মালিকানাধীন ইউটিউবৰ বৃহস্পতিবাৰে পুৱা ভাৰতকে ধৰি বিভিন্ন দেশত লোকচান হৈছে। লোডিঙৰ সমস্যাৰ বাবে উপভোক্তাই চাব পৰা নাই ইউটিউবৰ ভিডিঅ'। ডাউন ডিটেক্টৰ ৱেবছাইটে প্ৰকাশ কৰিছে যে, বহু সংখ্যক উপভোক্তাই ইউটিউবৰ ব্যৱহাৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অভিযোগ কৰিছে । টুইটযোগে একাংশ উপভোক্তাই অভিযোগ তোলে যে ইউটিউবে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই ।

উপভোক্তাৰ টুইটৰ প্ৰতিক্ৰিয়াত সমস্যাৰ গম্ভীৰতাৰ দিশত ইংগিত দি ইউটিউবে কয় যে 'এতিয়া ভিডিঅ' চোৱাত অসুবিধা পোৱা উপভোক্তা কেৱল আপুনি অকলে নহয়। আমি এই বিষয়ে অৱগত আৰু সমস্যা সমাধানৰ বাবে কাম কৰি আছো।' শেহতীয়া আপডেট জনোৱা হ'ব বুলিও ইউটিউবে টুইটযোগে প্ৰকাশ কৰে। এই সমস্যাই গুগল টিভিৰ জৰিয়তে উপভোক্তাই ক্ৰয় কৰা ইউটিউব টিভি, ছবি আৰু টেলিভিছন শ্ব'তো প্ৰভাৱ পেলাইছে ।

এঘণ্টাৰ পিছত পুনৰ ইউটিউবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ইউ টিউবৰ ভিডিঅ' চোৱাৰ ক্ষেত্ৰত আহি পৰা বাধাৰ বাবে আমি দু:খিত। ইউটিউবৰ সকলো সেৱা আৰু ডিভাইচৰ ওপৰত কাম কৰা হৈছে । লগতে ধৈৰ্য ধৰি অপেক্ষা কৰা বাবে গ্ৰাহকক ধন্যবাদ জ্ঞাপন কৰে । এঘণ্টাৰ ভিতৰতে ২,৮০,০০০ উপভোক্তাৰ অভিযোগৰ তথ্য প্ৰকাশ কৰিছিল ডাউন ডিটেক্টৰে।

লগতে পঢ়ক:ভয়াৱহ ৰূপ লৈছে দিল্লীৰ প্ৰদূষণে: পূৰ্বতকৈ সুস্থিৰ হৈছে প্ৰদূষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.