ETV Bharat / bharat

মোডীৰ "পৰীক্ষাগাৰত" নতুন পৰীক্ষাৰ সৈতে বিপদত যুৱপ্ৰজন্ম: ৰাহুল গান্ধী

author img

By

Published : Jul 24, 2022, 4:16 PM IST

৪ বছৰীয়া চুক্তিৰ পিছত অৱসৰ গ্ৰহণ কৰা হাজাৰ হাজাৰ 'অগ্নিবীৰ'ৰ ভৱিষ্যত কি হ'ব, কেন্দ্ৰক প্ৰশ্ন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷

Rahul on Agniveer
কংগ্ৰেছ নেতা ৰাহুল গান্ধী

নিউজ ডেস্ক, 24 জুলাই : অগ্নিপথ সামৰিক নিযুক্তি আঁচনিক লৈ দেওবাৰে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে(Congress leader Rahul Gandhi) ৷ কংগ্ৰেছ নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "গৱেষণাগাৰ"ৰ এই "নতুন পৰীক্ষা"ৰ দ্বাৰা দেশৰ নিৰাপত্তা আৰু যুৱসকলৰ ভৱিষ্যত বিপদত পৰিছে । তেওঁ হিন্দীত এটা টুইট কৰি কয় যে প্ৰতিবছৰে ষাঠিজন সৈন্যই অৱসৰ লয়, যাৰ ভিতৰত মাত্ৰ 3 হাজাৰজনে চৰকাৰী চাকৰি লাভ কৰে । ৪ বছৰীয়া চুক্তিৰ পিছত অৱসৰ গ্ৰহণ কৰা হাজাৰ হাজাৰ 'অগ্নিবীৰ'ৰ ভৱিষ্যত কি হ'ব বুলি কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে প্ৰশ্ন কৰে ।

গান্ধীয়ে লগতে কয় যে, "প্ৰধানমন্ত্ৰীৰ পৰীক্ষাগাৰৰ এই নতুন পৰীক্ষাৰ ফলত দেশৰ নিৰাপত্তা আৰু যুৱসকলৰ ভৱিষ্যত দুয়োটাই বিপদত পৰিছে(Prime Minister Narendra Modi's "laboratory") ৷ উল্লেখ্য যে এই আঁচনিখন ঘোষণাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল ৷ ঠায়ে ঠায়ে এই প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল ৷ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৰেলপথ অৱৰোধ কৰা হৈছিল ৷ কোনো কোনো স্থানত ৰেলত অগ্নিসংযোগো কৰা হৈছিল ৷

অগ্নিপথ আঁচনিৰ অধীনত, অগ্নিবীৰসকলক 4 বছৰৰ বাবে স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাত নিয়োগ কৰা হ'ব । চাৰি বছৰৰ পিছত, তেওঁলোকৰ 25 শতাংশক যোগ্যতা, ইচ্ছা আৰু মেডিকেল ফিটনেছৰ ওপৰত ভিত্তি কৰি কেডাৰ হিচাপে নিয়োগ কৰা হ’ব অথবা তালিকাভুক্ত কৰা হ’ব । বাকী 75 শতাংশ 11-12 লাখ টকাৰ 'সেৱা নিধি' পেকেজৰ বাবে যোগ্য হ'ব । তেওঁলোকক ভবিষ্যতৰ বাবে দক্ষতাৰ প্ৰমাণপত্ৰ আৰু বেংকৰ ঋণ প্ৰদান কৰা হ'ব(Agnipath recruitment 2022) ।

লগতে পঢ়ক : Agnipath Scheme: সংসদীয় পৰামৰ্শদাতা সমিতিক সম্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.