ETV Bharat / bharat

Man pushed girl from Building: ধৰ্মান্তৰ নকৰাৰ বাবে অট্টালিকাৰ পৰা পেলাই ছাত্ৰীক হত্যা !

author img

By

Published : Nov 16, 2022, 7:53 PM IST

ধৰ্ম সলনি নকৰাৰ বাবেই এজন যুৱকে চতুৰ্থ মহলাৰ পৰা গতিয়াই হত্যা কৰিলে এগৰাকী ছাত্ৰীক (Youth pushed girl from fourth floor) ৷ পৰিয়ালবৰ্গৰ অভিযোগ, যুৱকজনে দীৰ্ঘদিন ধৰি ছাত্ৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল, লগতে ধৰ্মান্তৰ কৰিবলৈও হেঁচা প্ৰয়োগ কৰি আহিছিল ।

Boy pushed girl from building in Lucknow
লক্ষ্ণৌত ধৰ্মান্তৰ নকৰাৰ বাবে অট্টালিকাৰ পৰা গতিয়ালে ছাত্ৰীক

নেশ্যেনেল ডেস্ক, 16 নৱেম্বৰ: প্ৰসংগ-ধৰ্ম ৷ আধ্যাত্মিক উপাদানৰ সৈতে মানৱতাৰ সম্পৰ্ক স্থাপন কৰাই হৈছে ধৰ্মৰ মূল লক্ষ্য । এক কথাত ক’বলৈ গ’লে ধৰ্মই সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে ৷ কিন্তু ধৰ্মই যিদৰে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে ঠিক তেনেদৰে ধৰ্মৰ ভিন্নতাই বিভিন্ন সময়ত তিক্ততাপূৰ্ণ বিভেদ সৃষ্টি কৰাও পৰিলক্ষিত হৈ আহিছে ৷

ধৰ্মৰ দোহাই দি বিগত সময়চোৱাত আমাৰ দেশত নানান অপৰাধজনীত ঘটনা সংঘটিত কৰি আহিছে একাংশ মানৱৰূপী দানৱে ৷ কিন্তু এই ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্ন হয় যে ধৰ্মই অপৰাধৰ শিক্ষা দিয়ে নেকি ? গীতা, বাইবেল, কোৰাণ আদি ধৰ্মগ্ৰন্থসমূহত জানো অপৰাধৰ শিক্ষা দিয়ে ? নিদিয়ে ৷ কিন্তু একাংশই ধৰ্মৰ নাম লৈ বিভিন্ন অপৰাধজনীত ঘটনাত লিপ্ত হোৱা দেখা যায় ৷ এনেবাৰ খবৰে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায় ৷

শেহতীয়াকৈ পুনৰ ধৰ্মক লৈ সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ ঘটনাৰ স্থান লক্ষ্ণৌ ৷ ডুবাগা আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত এগৰাকী ছাত্ৰীক ধৰ্মান্তৰ নকৰাৰ বাবেই হত্যাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ অভিযোগ চুফিয়ান নামৰ এজন যুৱকৰ বিৰুদ্ধে । ঘটনাৰ বিৱৰণী অনুসৰি, ছাত্ৰীগৰাকীৰ আত্মীয়ৰ অভিযোগ, যুৱকজনে দীৰ্ঘদিন ধৰি ছাত্ৰীগৰাকীক মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল, লগতে ধৰ্ম সলনি কৰিবলৈও হেঁচা প্ৰয়োগ কৰি আহিছিল (Changing religion) ।

যুৱকজনৰ অত্যাচাৰত বিৰক্ত হৈ পৰিয়ালৰ লোকৰ সৈতে ছাত্ৰীগৰাকীয়ে অভিযোগ কৰিবলৈ গৈ যুৱকজনৰ ঘৰ পালেগৈ । কিন্তু যুৱকজনৰ ঘৰলৈ যোৱাই যেন কাল হ’ল ছাত্ৰীগৰাকীৰ বাবে ৷ যুৱকজনৰ ঘৰত উপস্থিত হোৱাৰ পাছতেই অভিযুক্ত যুৱক আৰু যুৱকৰ পিতৃয়ে মিলি ছাত্ৰীগৰাকীক চতুৰ্থ মহলাৰ পৰা গতিয়াই তললৈ পেলাই দিয়ে (Youth pushed girl from fourth floor)।

আত্মীয়ৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসালত ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে চিকিৎসকে । ইফালে যুৱতীগৰাকীৰ পৰিয়ালবৰ্গৰ সকলো অভিযোগ নসাৎ কৰে অভিযুক্ত পৰিয়ালটোৱে ৷ তেওঁলোকৰ মতে ছাত্ৰীগৰাকীয়ে নিজেই জপিয়াই পৰিছে চতুৰ্থ মহলাৰ পৰা । বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে ।

লগতে ছাত্ৰীগৰাকীৰ আত্মীয়ই জনোৱা মতে, অভিযুক্ত চুফিয়ানে বিগত কেইবামাহ ধৰি ছাত্ৰীগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল । ছাত্ৰীগৰাকী যেতিয়াই বাহিৰলৈ বা স্কুললৈ গৈছিল তেতিয়াই চুফিয়ানে তাইক পথত ৰখাই প্ৰায়েই হাৰাশাস্তি কৰি আহিছিল । এই লৈ আমাৰ পৰিয়ালটোয়ে বিৰক্ত হৈ অভিযোগ কৰিবলৈকে চুফিয়ানৰ ঘৰলৈ গৈছিলো ৷ কিন্তু এই অভিযোগৰ প্ৰতিষোধ হিচাপে আমাৰ ছোৱালীজনীকে মাৰি পেলাব সেইয়া আমি কাহানিও ভৱা নাছিলো ৷

আৰক্ষী বিষয়া সুখবীৰ সিং ভাদৌৰিয়াই কয় যে নিৰ্যাতনৰ পৰা বিৰক্ত হৈ ছাত্ৰীগৰাকীয়ে চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে । মৃত ছাত্ৰীগৰাকীৰ মাতৃয়ে থানাত এজাহাৰ দাখিল কৰিছে যে চুফিয়ানে কেইবাদিনো ধৰি তেওঁৰ কন্যাক ধৰ্ম সলনিৰ সন্দৰ্ভত হেঁচা প্ৰয়োগ কৰি আহিছিল । এই বিষয়ে অভিযোগ কৰিবলৈ যাওঁতে চুফিয়ান আৰু পিতৃয়ে মিলি মোৰ কন্যাক অট্টালিকাৰ পৰা ঠেলি তলত পেলাই হত্যা কৰিছে । ইয়াৰ বিপৰীতে চুফিয়ানৰ পিতৃয়ে কয় যে ছাত্ৰীগৰাকীয়ে নিজেই অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে । এই অভিযোগ প্ৰতি-অভিযোগৰ বিপৰীতে প্ৰকৃততে এইয়া হত্যা নে আত্মহত্যা, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Shame on humanity : পুত্ৰসম যুৱকৰ হাতত ধৰ্ষিতা ৭৮ বছৰীয়া ভিক্ষাৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.