নিউজ ডেস্ক, 10 নৱেম্বৰ : উত্তৰ দিল্লীৰ আলীপুৰ অঞ্চলৰ বখ্তাবৰপুৰত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰা হয় ৷ ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা চলোৱা দুই যুৱকক স্থানীয় লোকে আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, 19 বছৰীয়া কিৰণপালৰ পিতৃয়ে ট্ৰেভেলচত কাম কৰে ৷ যোৱা সপ্তাহতে তেওঁৰ ট্ৰেভেলচৰ গাড়ীৰ কাষত একাংশ যুৱকে অসৎ কাৰ্য কৰি আছিল ৷ যি কাৰ্যৰ বিৰোধীতা কৰিছিল কিৰণপালে ৷ তাৰ পাছতে যুৱক কেইজনে কিৰণপালক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ৷ ইয়াৰ মাজতে মঙলবাৰে এজন যুৱকে কামৰ কথা কৈ কিৰণ পালক ঘৰৰ পৰা পথৰ ফালে মাতি আনে আৰু 5-6 জনীয়া যুৱকৰ এটা দলে কিৰণপালক মাৰপিট আৰম্ভ কৰে ৷ কিৰণপালক যুৱক কেইজনে ইমানে গুৰুতৰভাৱে প্ৰহাৰ কৰে যে যুৱকজন ঠাইতে বাগৰি পৰে ৷ ঘটনাৰ পাছতে কিৰণপালক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে কিৰণপালক মৃত ঘোষণা কৰে ৷ অৱশ্যে আক্ৰমণকাৰী কেইটাক আৰক্ষীয়ে ৰাইজৰ সহযোগত কৰায়ত্ত কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে যুৱক কেইজনক সোধপোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তক নিৰাপত্তা,ক্ষতিপূৰণ,পুনঃসংস্থাপন প্ৰদানত চৰকাৰ গুৰুত্বহীনতা !