নেশ্যনেল ডেস্ক,21 নৱেম্বৰ : সমাজলৈ নিজৰ অৱদান আগবঢ়োৱাৰ উদ্দেশ্যে ওড়িশাৰ মালকানগিৰিত প্ৰায় 20ৰ পৰা 30গৰাকী মহিলাই কলা মহাবিদ্যালয়ৰ কাষত মুকলি কৰিছে এটি পুথিভঁড়াল ৷ ওড়িশাৰ জনগোষ্ঠী অধ্যুষিত এই অঞ্চলটোৰ লোকসকলক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷
দীপৱলীত উন্মোচন কৰা এই পুথিভঁড়ালটোত সম্প্ৰতি নিচেই কমসংখ্যক কিতাপহে ৰখা হৈছে যদিও সাধাৰণ ৰাইজে বৰঙণি আগবঢ়ালে ভৱিষ্যতে পুথিভঁড়ালটো উন্নত কৰাৰ আশা কৰিছে ৷ উল্লেখ্য যে, এই পুথিভঁড়ালটো পুৱা 6ৰ পৰা 11 বজালৈ আৰু দুপৰীয়া 3 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকে ৷ পুথিভঁড়ালটোৰ বাবে প্ৰয়োজনীয় সকলো খা-খৰচ দলটোৰ সদস্যসকলে নিয়ন্ত্ৰণ কৰে ৷
যিকোনো এটি ঠাইৰ সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পুথিভঁড়ালে যথেষ্ট অৰিহণা আগবঢ়াব পাৰে ৷ এই ক্ষেত্ৰত এই মহিলাসকলৰ প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মক নিজৰ সংস্কৃতি, সাহিত্য আৰু ইতিহাসক উপলব্ধি কৰাত যথেষ্ট সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়ক-গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে