ETV Bharat / bharat

PM Modi program in America : আমেৰিকাত মোডী আগমনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰ্ণাটকৰ যুৱ বিজ্ঞানীৰ - আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন

দেশৰ বিভিন্ন প্ৰান্তৰ গণ্য -মান্য ব্যক্তিৰ লগতে কৰ্ণাটকৰ চিক্কামাগালুৰুৰ যুৱ বিজ্ঞানী আৱাইছ আহমেদেও অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ বাবে আমেৰিকাৰ হোৱাইট হাউছত আয়োজন কৰা কাৰ্যসূচীত ৷ পুত্ৰৰ সাফল্যত গৌৰৱান্ধিত পিতৃ-মাতৃ ৷

Young Scientist Awais Ahmed from Chikkamagaluru
কৰ্ণাটকৰ যুৱ বিজ্ঞানী আৱাইছ আহমেদ
author img

By

Published : Jun 23, 2023, 8:48 AM IST

নেশ্যনেল ডেস্ক, 23 জুন : কৰ্ণাটকৰ চিক্কামাগালুৰু তালুকৰ এখন সৰু গাঁও আলদুৰৰ এগৰাকী যুৱ বিজ্ঞানী আৱাইছ আহমেদে অংশগ্ৰহণ কৰিলে আমেৰিকাৰ হোৱাইট হাউছত আয়োজিত এক অনুষ্ঠানত ৷ আমেৰিকাত 'শকুন্তলা' নামৰ এটি উপগ্ৰহ উৎক্ষেপণ কৰাৰ বাবে কৃতিত্বৰ স্বীকৃতিস্বৰূপে কৰ্ণাটকৰ যুৱ বিজ্ঞানীগৰাকীক এই সন্মান প্ৰদান কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ আৱাইছ আহমেদক হোৱাইট হাউছে আমেৰিকাত মোডী আগমনৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় ।

Young Scientist Awais Ahmed from Chikkamagaluru
কৰ্ণাটকৰ যুৱ বিজ্ঞানী আৱাইছ আহমেদ

উল্লেখ্য যে, 22 জুন অৰ্থাৎ বৃহস্পতিবাৰে আমেৰিকাৰ হোৱাইট হাউচৰ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল আহমেদক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তিৰ লগতে আৱাইছ আহমেদেও অংশগ্ৰহণ কৰে । উল্লেখ কৰা প্ৰয়োজন যে, 2022 চনৰ এপ্ৰিল মাহত কেৱল মাত্ৰ 25 বছৰ বয়সত আৱাইছে আমেৰিকাৰ স্পেচএক্সৰ পৰা ''শকুন্তলা'' নামৰ এটি উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনিছিল ।

যুৱ বিজ্ঞানীগৰাকীয়ে নিৰ্মান কৰা উপগ্ৰহ 'শকুন্তলা' আন সকলো উপগ্ৰহতকৈ পৃথক । 50 শতাংশতকৈ অধিক তথ্য এই উপগ্ৰহটোৱে মুকলি কৰিবলৈ সক্ষম । শকুন্তলাই পৃথিৱীৰ গতিবিধিৰ ছবি, কৃষিৰ অগ্ৰগতিৰ তথ্য, বতৰ আদি বিভিন্ন ধৰণৰ তথ্য প্ৰেৰণ কৰিবলৈ সক্ষম । আৱাইছে গোৱা বিশ্ববিদ্যালয়ৰ অধীনৰ পিলানীত অধ্যয়ন কৰিছিল । কেইবছৰমান আগতে তেওঁ পিক্সেল স্পেচ নামৰ নিজাকৈ উপগ্ৰহ নিৰ্মাণ কোম্পানীও আৰম্ভ কৰিছে বুলি জানিবলৈ পৰা গৈছে । আৱাইছৰ পিতৃ নদীম আহমেদ চিক্কামাগালুৰু তালুকৰ আলদুৰত এখন মেডিকেল ষ্ট’ৰ চলাই আছে ।

আৱাইছ আহমেদৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰই মোডীৰ আগমনৰ কাৰ্যসূচীত আমন্ত্ৰণ লাভ কৰাৰ খবৰ লাভ কৰাৰ পিচতে আনন্দিত হৈ পৰিছে । এই সন্দৰ্ভত আৱাইছৰ পিতৃ নদীম আহমেদে কয়, "আমাৰ পুত্ৰক হোৱাইট হাউছ অৱ আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে । প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ বাবে আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ । বিভিন্ন দেশৰ বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত কাৰ্যসূচীত আমাৰ পুত্ৰয়েও নিমন্ত্ৰণ লাভ কৰিছে । '

'আমাৰ পুত্ৰ এগৰাকী বিজ্ঞানী । তেওঁ বিশ্বৰ প্ৰথমটো হাইপাৰস্পেকট্ৰ’ল উপগ্ৰহ নিৰ্মাণ কৰি আমেৰিকাৰ পৰা সফলতাৰে উৎক্ষেপণ কৰিছে বুলি পিতৃ নদীম আহমেদে গৌৰৱেৰে কয় ।

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে আৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে তেওঁৰ সপোনৰ প্ৰকল্প সন্দৰ্ভত এক সাক্ষাতত মিলিত হৈছিল ।

লগতে পঢ়ক : Flood situation of Morigaon : মৰিগাঁও জিলা প্ৰশাসনলৈ নৌকা প্ৰদান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.