ETV Bharat / bharat

আপুনি সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে : নুপূৰ শৰ্মাক ভৰ্ৎসনা কৰি উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ - বিজেপি

ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাৰ (Justices Surya Kant and JB Pardiwala) নেতৃত্বত শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে মন্তব্য কৰে যে নুপূৰ শৰ্মাই যিদৰে সমগ্ৰ দেশতে আৱেগৰ সৃষ্টি কৰিছে, তেওঁ "দেশত ঘটি থকা ঘটনাৰ বাবে এককভাৱে দায়ী" । লগতে উদয়পুৰৰ এগৰাকী দৰ্জী কানহায়া লালৰ দুৰ্ভাগ্যজনক হত্যাকাণ্ডৰ বাবে তেওঁ কৰা বিস্ফোৰক মন্তব্যই দায়ী ৷

Nupur Sarma
Nupur Sarma
author img

By

Published : Jul 1, 2022, 8:22 PM IST

নিউজ ডেস্ক, ১ জুলাই : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে বিজেপিৰ নিলম্বিত মুখপাত্ৰ নুপূৰ শৰ্মাক তীব্ৰ ভৰ্ৎসনা কৰে (Supreme Court slammed suspended BJP spokesperson Nupur Sharma) । নুপূৰ শৰ্মাক সমালোচনা কৰি ছুপ্ৰিম কোৰ্টে কয়, পয়গম্বৰ মহম্মদৰ ওপৰত কৰা তেওঁৰ অপমানজনক মন্তব্যই ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে (derogatory remarks on Prophet Mohammed threatened security of nation) । সেয়ে তেওঁ সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে ।

ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাৰ (Justices Surya Kant and JB Pardiwala) নেতৃত্বত শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে লগতে মন্তব্য কৰে যে নুপূৰ শৰ্মাই যিদৰে সমগ্ৰ দেশতে আৱেগৰ সৃষ্টি কৰিছে, তেওঁ "দেশত ঘটি থকা ঘটনাৰ বাবে এককভাৱে দায়ী" । লগতে উদয়পুৰৰ এগৰাকী দৰ্জী কানহায়া লালৰ দুৰ্ভাগ্যজনক হত্যাকাণ্ডৰ বাবে তেওঁ সংবাদ মাধ্যমত দিয়া বিস্ফোৰক মন্তব্যই দায়ী ৷ ইয়াৰ উপৰি নুপূৰ শৰ্মা আৰু তেওঁৰ সোলোকা জিভাই সমগ্ৰ ৰাষ্ট্ৰতে জুই লগাইছে বুলিও মত পোষণ কৰে । লগতে আদালতৰ প্ৰশ্ন, "টিভি চেনেল আৰু নুপুৰ শৰ্মাই বিচাৰাধীন বিষয় এটা আলোচনা কৰাৰ উদ্দেশ্য কি, কেৱল প্ৰচাৰৰ বাহিৰে ?"

নুপূৰ শৰ্মাৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে (senior advocate Maninder Singh) শীৰ্ষ আদালতক জনায় যে নুপূৰ শৰ্মাই ইতিমধ্যে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে আৰু তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰিছে । তেনেক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মন্তব্য, "তেওঁ টিভিলৈ গৈ ৰাষ্ট্ৰৰ ওচৰত ক্ষমা বিচাৰিব লাগিছিল । তেওঁ ক্ষমা বিচাৰিবলৈ বহু পলম কৰিলে । আনকি যেতিয়া তেওঁ তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰিছিল, তেতিয়াও চৰ্তসাপেক্ষেহে তেনে কৰিছিল আৰু কৈছিল যে যদি তেওঁৰ মন্তব্যৰ দ্বাৰা কাৰোবাৰ অনুভূতিত আঘাত লাগিছে তাৰ বাবে তেওঁ ক্ষমাপ্ৰাৰ্থী ।

উল্লেখ্য নুপূৰ শৰ্মাই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে কেইবাখনো ৰাজ্যত তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা সকলো গোচৰ তদন্তৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰিবলৈ আবেদন কৰে । তাত তেওঁ জীৱনৰ ভাবুকিৰ সন্মুখীন হোৱা বুলিও দাবী কৰে । এই বিষয়ত ন্যায়াধীশ সূৰ্য কান্তে ভৰ্ৎসনা কৰি কয়, "তেওঁ ভাবুকিৰ সন্মুখীন হৈছে নে তেওঁ নিজেই নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ পৰিছে ?" উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীৰ দুতলীয়া স্থিতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে (Supreme Court questioned double standards of Delhi Police) ৷ নূপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ পঞ্জীয়ন হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে নূপুৰ শৰ্মাৰ ওপৰত লোৱা পদক্ষেপৰ বিষয়ে আদালতে তদন্ত কৰে ৷

তাত লক্ষ্য কৰা যায় যে তেওঁৰ অভিযোগৰ ভিত্তিত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে । কিন্তু একাধিক এজাহাৰ থকা সত্তেও দিল্লী আৰক্ষীয়ে তেওঁক স্পৰ্শ কৰা নাই । শীৰ্ষ আদালতে নুপূৰ শৰ্মাক ৰাজ্যসমূহৰ সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আৰু এতিয়াৰে পৰা তেওঁৰ বক্তব্যৰ বাবে নিজকে দায়বদ্ধ হ'বলৈ কয় । আদালতে তেওঁক সকাহ দিবলৈ বা তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা সকলো এজাহাৰ দিল্লীলৈ স্থানান্তৰ কৰিবলৈও অস্বীকাৰ কৰে ।

উল্লেখ্য, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে (BJP national spokesperson) সংবাদ মাধ্য়মৰ এটা সাক্ষাৎকাৰত পয়গম্বৰ মহম্মদৰ ওপৰত এক বিতৰ্কিত মন্তব্য কৰিছিল । যাৰ ফলত সমগ্ৰ দেশতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তাৰ ফলস্বৰূপে হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । চৌডি আৰব আৰু কাটাৰৰ দৰে কিছুমান আৰব ৰাষ্ট্ৰই ইয়াৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছতহে বিজেপিৰ শীৰ্ষ নেতৃত্বই নুপূৰ শৰ্মাৰ দৃষ্টিভংগীক গ্ৰহণযোগ্য নহয় বুলি কৈ তাক বিজেপিয়ে সমৰ্থন নকৰে বুলি জনাইছিল । ইতিমধ্যে নুপূৰ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত উচটনিমূলক মন্তব্যৰ বাবে একাধিক গোচৰ পঞ্জীয়ন কৰা হৈছে । কিন্তু তেওঁ এতিয়ালৈকে তাৰে কোনো এটা গোচৰ সন্দৰ্ভত আদালতত হাজিৰ হোৱা নাই ।

লগতে পঢ়ক :এইবাৰ হিমন্ত বিশ্ব শৰ্মায়ো মানহানি গোচৰ তৰিলে মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.