নেশ্যনেল ডেস্ক,২৩ মাৰ্চ: কৰ'ণা মহামাৰীৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ফাকুৱা উদযাপনক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে । মঙলবাৰে মুখ্য সচিব আৰ কে তিৱাৰীয়ে জাৰি কৰা নিৰ্দেশনাত উল্লেখ আছে যে, ফাকুৱা উপলক্ষে যিকোনো ৰাজহুৱা অনুষ্ঠান অথবা শোভাযাত্ৰাৰ আয়োজন কৰিবলৈ পূৰ্বে অনুমতি ল'ব লাগিব ।
আনকি, অনুমতি লাভ কৰাৰ পাছতো, আয়োজকসকলে সামাজিক ব্যৱধান বৰ্তাই ৰখাৰ লগতে আন সকলো COVID-১৯ প্ৰট'কল মানি চলিব লাগিব । ইয়াৰ উপৰিও ৬০ বছৰৰ ঊৰ্ধ্বৰ লোক, আনুষংগিক ৰোগত আক্ৰান্ত ১০ বছৰতকৈ কম বয়সৰ শিশুক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । এই নিৰ্দেশনা অনুসৰি, মহামাৰীৰ সংক্ৰমণ বেছি হৈ থকা ৰাজ্যসমূহৰ পৰা অহা ব্যক্তিসকলে COVID-১৯ পৰীক্ষা কৰাতো বাধ্যতামূলক কৰা হৈছে ।
COVID-১৯ চিকিৎসালয়বোৰ প্ৰতিখন জিলাত কাৰ্যক্ষম হৈ থাকিব আৰু ট্ৰেকিং, পৰীক্ষা আৰু চিকিৎসা অব্যাহত থাকিব । ফাকুৱাৰ পূৰ্বে ক'ভিড হেল্প ডেস্ক পুনৰুজ্জীৱিত কৰা হৈছে । আনহাতে, শাস্তি সম্পূৰ্ণ কৰি কাৰাগাৰৰ পৰা ওলাই অহা কয়দীসকলে COVID-১৯ পৰীক্ষা কৰিব লাগিব বুলিও নিৰ্দেশ দিছে উত্তৰ প্ৰদেশ চৰকাৰে ।
লগতে পঢ়ক: সম্পত্তি ধংসৰ বিৰুদ্ধে ত্ৰিপুৰা বিধানসভাত বিধেয়ক গৃহীত