ETV Bharat / bharat

গোচৰ প্ৰত্যাহাৰৰ পিছতে আদিত্যনাথ চৰকাৰক ধন্যবাদ প্ৰাক্তন আৰক্ষীৰ

author img

By

Published : Mar 31, 2021, 5:41 PM IST

উত্তৰ প্ৰদেশৰ নেতা মুখতাৰ আনছাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰাক্তন আৰক্ষী বিষয়া শৈলেন্দ্ৰ সিঙৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰ কৰিলে যোগী আদিত্যনাথ চৰকাৰে । প্ৰাক্তন আৰক্ষী বিষয়াজনে তেওঁৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কৃতজ্ঞতা জ্ঞাপন কৰে ।

গোচৰ প্ৰত্যাহাৰৰ পিছতে আদিত্যনাথ চৰকাৰক ধন্যবাদ প্ৰাক্তন আৰক্ষীৰ
গোচৰ প্ৰত্যাহাৰৰ পিছতে আদিত্যনাথ চৰকাৰক ধন্যবাদ প্ৰাক্তন আৰক্ষীৰ

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ: উত্তৰ প্ৰদেশ চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন উপ আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ সিঙৰ বিৰুদ্ধে দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শৈলেন্দ্ৰ সিঙ হ’ল সেইগৰাকী আৰক্ষী বিষয়া যি পি.টি.এ.এ.(সন্ত্ৰাসবাদ বিৰোধী আইন, ২০০২)ৰ অধীনত উত্তৰ প্ৰদেশৰ মাফিয়া নেতা মুখতাৰ আনছাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ।

প্ৰাক্তন আৰক্ষী বিষয়াজনে তেওঁৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কৃতজ্ঞতা জ্ঞাপন কৰে । যোৱা ৬ মাৰ্চত মুখ্য ন্যায়ীক দণ্ডাধীশে এই কথা ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী আদিত্যনাথলৈ সিঙে লিখা প্ৰশংসা পত্ৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখা গৈছে ।

উল্লেখ্য যে, গোচৰটো আছিল ২০০৪ চনৰ । যেতিয়া সিঙে এটা লাইট মেচিন গান জব্দ কৰাৰ লগতে ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিছিল । আনছাৰী আৰু এগৰাকী সেনাৰ লোকৰ মাজত ১ কোটি টকাৰ বন্দুকৰ বিক্ৰীৰ চুক্তি হোৱা বুলি তথ্য সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছিল আৰু আনছাৰীৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল শৈলেন্দ্ৰ সিঙে ।

এই ঘটনাৰ পিছতে আনছাৰীৰ বিৰুদ্ধে গোচৰ আঁতৰাবলৈ বিভিন্ন মহলৰ পৰা হেঁচা দিয়া হৈছিল সিঙক । আনকি ৰাজনৈতিক হেঁচাৰ ফলত অৱশেষত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল । পদত্যাগৰ প্ৰায় কেইমাহমান পিছত ডিএম কাৰ্যালয়ত লণ্ডভণ্ড কৰাৰ অভিযোগত সিঙৰ বিৰুদ্ধে বাৰাণসী থানাত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছিল আৰু জেললৈ যাব লাগিব বুলি আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল ।

উল্লেখ্য যে, সিঙে ২০০৯ চনত ৰাজনীতিত যোগদান কৰিছিল আৰু ২০১২ চনত কংগ্ৰেছৰ পৰা চয়াদৰাজ সমষ্টিৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । সিঙে পৰৱৰ্তী সময়ত ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । ইয়াৰ পিছতে যোগী আদিত্যনাথ চৰকাৰে ২০১৭ চনতে সিঙৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক বিশেষভাৱে গুৰুত্ব দিছে: পীযুষ বিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.