নেচনেল ডেস্ক, 14 জুন : দিল্লীত গণতন্ত্ৰ দিৱসৰ লালকিল্লা হিংসাৰ অভিযোগত অন্যতম অভিযুক্ত দীপ সিদ্ধুয়ে তীব্ৰ সমালোচনা কৰে যোগেন্দ্ৰ যাদৱক ৷ তেওঁ কয় যে কৃষকসকলে তিনি কৃষি আইনৰ বিৰুদ্ধে যুঁজ দি আছে । প্ৰথম দিনৰে পৰা কৃষকসকলে কোনো ৰাজনৈতিক দল বা সংগঠনক এই প্ৰতিবাদত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা নাছিল ৷
উল্লেখ্য যে, যোগেন্দ্ৰ যাদৱে কৃষি আইনৰ বিৰুদ্ধে কৃষকে কৰা প্ৰতিবাদত জড়িত হোৱাক লৈ তেওঁ কয় যে যোগেন্দ্ৰ যাদৱ এজন কৃষক নেতা নহয় ৷ তেওঁ ৰাজনীতিৰ বাবে কৃষকসকলৰ প্ৰতিবাদত যোগদান কৰিছে । যোগেন্দ্ৰ যাদৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষাকে কৈ আছে ৷
কৃষি আইনৰ বিৰুদ্ধে ২০২০ চনৰ নৱেম্বৰত যেতিয়া কৃষকসকলে প্ৰতিবাদ কৰিবলৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিল, যোগেন্দ্ৰ যাদৱে প্ৰতিবাদতো বুৰাৰী খেলপথাৰলৈ লৈ যোৱাৰ কথা ঘোষণা কৰিছিল ৷ যোগেন্দ্ৰ যাদৱক মোডী চৰকাৰৰ হৈ কথা পতাৰ অভিযোগ উত্থাপন কৰে দীপ সিদ্ধুয়ে ৷
লগতে পঢ়ক : আংশিক লকডাউনে বিপদ নমাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ