নিউজ ডেস্ক, 24 মে’: কৰ’ণা মহামাৰীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেশৰ কেবাখনো ৰাজ্যত ব্লেক আৰু হোৱাইট ফাংগাছত আক্ৰান্ত ৰোগী পোহৰলৈ অহাৰ পাছত এইবাৰ দিল্লীত পোহৰলৈ আহিছে য়েল্ল’ ফাংগাছৰ সংক্ৰমণৰ ঘটনা ৷
আভ্যন্তৰীণভাৱে বৃদ্ধি হোৱা য়েল্ল’ ফাংগাছ ৰোগ আন দুটা প্ৰকাৰতকৈ অধিক বিপদজনক বুলি কোৱা হৈছে ৷ য়েল্ল’ ফাংগাছৰ লক্ষণবোৰ দেখা দিয়া আৰম্ভ হ'লে আগতীয়াকৈ চিকিৎসা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে । য়েল্ল’ ফাংগাছৰ সংক্ৰমণৰ বিষয়ে আপুনি জনাটো প্ৰয়োজনীয়:-
য়েল্ল’ ফাংগাছৰ লক্ষণ
অলসতা, ওজন হ্ৰাস, ভোক কম হোৱা বা একেবাৰে ভোক নোহোৱাটো য়েল্ল’ ফাংগাছৰ সাধাৰণ লক্ষণ বুলি কোৱা হয় । য়েল্ল’ ফাংগাছৰ অধিক গুৰুতৰ লক্ষণ চকু সোমাই যাব পাৰে বা পুঁজ জমা হ’ব পাৰে । ভেঁকুৰে আঘাত নিৰাময়ত বাধা দিয়ে, প্ৰক্ৰিয়াটো দীঘলীয়া কৰে আৰু ইয়াৰ ফলত অংগ বিকল হ'ব পাৰে, পুষ্টিহীনতা হ'ব পাৰে আৰু অৱশেষত অত্যাধিক ক্ষেত্ৰত নেক্ৰ’চিছ হ'ব পাৰে ।
য়েল্ল’ ফাংগাছৰ কাৰণ
হালধীয়া ভেঁকুৰৰ কাৰণ উচ্চ আৰ্দ্ৰতাৰ পৰা পুৰণি খাদ্যলৈকে হ'ব পাৰে ৷ অৱশ্যে প্ৰাথমিক কাৰণটো দুৰ্বল পৰিচ্ছন্নতা বুলি কোৱা হৈছে । পুৰণি খাদ্যৰ গ্ৰহণৰ পৰা আঁতৰি থকা আৰু মলৰ সঠিক নিষ্কাশনে বেক্টেৰিয়া আৰু ভেঁকুৰ বিস্তাৰ হোৱাক প্ৰতিহত কৰিব পাৰে । বন্ধ স্থানত (ঘৰ বা কাৰ্যালয়) আৰ্দ্ৰতা 30-40% পৰিসৰৰ ওপৰত হ'ব নালাগে কিয়নো উচ্চ আৰ্দ্ৰতাৰ পৰিৱেশে য়েল্ল’ ফাংগাছক বিকাশ হোৱাত সহায় কৰে ।
য়েল্ল’ ফাংগাছৰ চিকিৎসা
যদিহে য়েল্ল’ ফাংগাছৰ অৱস্থিতি সঠিক সময়ত ধৰা পৰে তেন্তে গাজিয়াবাদত য়েল্ল’ ফাংগাছৰ সংক্ৰমণৰ বাবে পৰীক্ষা কৰা ব্যক্তিজনৰ দৰে য়েল্ল’ ফাংগাছৰ চিকিৎসা সম্ভৱ । এম্ফোটেৰিচিন বি বেজী, যি হৈছে ভেঁকুৰ-প্ৰতিৰোধী ঔষধ; ইয়াক য়েল্ল’ ফাংগাছৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ।
ভাৰতত য়েল্ল’ ফাংগাছৰ সংক্ৰমণ
উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এতিয়ালৈকে য়েল্ল’ ফাংগাছৰ এটা ঘটনা ধৰা পৰিছে যদিও অন্য কোনো ৰাজ্যত য়েল্ল’ ফাংগাছত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই । অৱশ্যে ভাৰতত প্ৰথমবাৰৰ বাবে দুমাহ পূৰ্বে পোহৰলৈ অহা ব্লেক আৰু হোৱাইট ফাংগাছৰ ঘটনা বৃদ্ধি পাইছে ।
ব্লেক ফাংগাছত আক্ৰান্তৰ ঘটনা বৃদ্ধিৰ বাবে ক’ভিড19ক মূলত দায়ী বুলি কোৱা হৈছে । ইতিমধ্যে কেইবাখনো ৰাজ্যই এই ৰোগটোক মহামাৰী হিচাপে ঘোষণা কৰিছে ৷
উল্লেখ্য যে, বৰ্তমান সমগ্ৰ ভাৰতত ব্লেক ফাংগাছৰ 8,848 টা ঘটনা পোহৰলৈ আহিছে । আনহাতে হোৱাইট ফাংগাছক কম বিপদজনক বুলি কোৱা হৈছে । ইয়াৰে বেছিভাগ সংক্ৰমণ ডায়েবেটিচ থকা লোক বা ক’ভিড-19 চিকিৎসাত ব্যাপকভাৱে ষ্টেৰইড ব্যৱহাৰ কৰা লোকসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ৷