ETV Bharat / bharat

উজ্জয়িনী নাবালিকা ধৰ্ষণকাণ্ড: মানৱৰূপী দানৱৰ নিকৃষ্ট পৰিহাস - বিজেপি

উজ্জয়িনীত উপেক্ষিত হ’ল মানৱতা ৷ এগৰাকী ধৰ্ষণৰ বলি হোৱা কিশোৰীৰ এটা চিচিটিভই ফুটেজে দেশবাসীৰ অন্তৰাত্মা কঁপাই তোলাৰ লগতে মানৱৰ দানৱৰূপী স্বৰূপটো বাৰুকৈয়ে উদঙাই দিছিল ৷ ইটিভি ভাৰতৰ ইৰশাদ খানে মধ্য প্ৰদেশত সংঘটিত হোৱা এই জঘন্য ঘটনাৰ সন্দৰ্ভত এক বিশদ বিৱৰণ আগবঢ়ায় ৷ পঢ়ক সবিশেষ...

CCTV FOOTAGE
Etv Bharatমানৱৰূপী দানৱৰ নিকৃষ্ট পৰিহাস
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 9:29 AM IST

নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ : মধ্য প্ৰদেশত শাসনাধিষ্টিত বিজেপি চৰকাৰখনে মহিলা সবলীকাৰণৰ হকে মহিলা-অনুকূল আঁচনি ৰূপায়ণ কৰেহে কৰে, কিন্তু তাৰ পিচতো বিগত এবছৰত ৰাজ্যখনত আশ্চৰ্যজনকভাৱে কন্যা শিশুৰ বিৰুদ্ধে সৰ্বাধিক সংখ্যক অপৰাধ সংঘটিত হোৱাৰ ঘটনা নথিভুক্ত কৰা হৈছে ৷ জিলাখনত চলিত বৰ্ষৰ ছেপ্টেম্বৰত মানৱ সমাজক লজ্জানত কৰা এনে এটা ঘটনা পোহৰলৈ আহিছিল যি ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছিল ৷ ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল এটা শিহৰণকাৰী চিচিটিভিৰ ফুটেজে ৷ কেৱল চৰকাৰেই নহয় ৰাজ্যখনৰ নাগৰিকৰ বৰ্বৰতাকো উদঙাই দিছিল এই ফুটেজটোৱে ৷

ফুটেজটোত এগৰাকী অৰ্ধনগ্ন ধৰ্ষিতা কিশোৰীয়ে ৰক্তক্ষৰণ হৈ থকা অৱস্থাতেই কোনো মতে নিজৰ প্ৰাণ বচাই ৰাজপথেৰে খোজ কাঢ়ি গৈ আছিল ৷ কিশোৰীগৰাকীয়ে লোকৰ ঘৰে ঘৰে সহায়ৰ ভিক্ষা বিচাৰিছিল, কিন্তু আচৰিতভাৱে অসহায় কিশোৰীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল ৷ সহানুভূতিৰ ভাষা নুবুজা এচাম মানুহে কিশোৰীগৰাকীক সহায় কৰাৰ দূৰৰে কথা, কিশোৰীগৰাকীৰৰ হাতত দুই এটকা ভিক্ষা দিয়েই দায়িত্ব সামৰিছিল ৷

সেইদিনা আছিল 25 ছেপ্টেম্বৰ ৷ মধ্য প্ৰদেশৰ উজ্জয়িনী চহৰৰ মহাকাল আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত বদনগৰ ৰোডত কেইবাটাও স্থানত এগৰাকী 12 বছৰীয়া দলিত সম্প্ৰদায়ৰ কিশোৰীক অৰ্ধনগ্ন অৱস্থাত খোজ কাঢ়ি থকা দেখা গৈছিল ৷ তাৰ পিচতেই দাণ্ডি আশ্ৰমৰ সন্মুখত কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ কিশোৰীগৰাকীৰ যৌনাংগৰে ৰক্তক্ষৰণ হৈ আছিল ৷ এজন অট’চালকে কিশোৰীগৰাকীৰ লগত অপকৰ্ম সংঘটিত কৰি অট’ত লৈ অহাৰ অভিযোগ উত্থাপত হৈছিল ৷

পৰৱৰ্তী সময়ত দাণ্ডি আশ্ৰমৰ প্ৰশাসক ৰাহুল শৰ্মা নামৰ এজন পুৰোহিতে কিশোৰীগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাইছিল ৷ মধ্য প্ৰদেশ আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী এটা দলে পৰৱৰ্তী অনুসন্ধানত, ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) 376 আৰু পকচো আইনৰ প্ৰাসংগিক ধাৰাসহ আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত মহাকাল আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰা হৈছিল।

উজ্জয়িনী আৰক্ষীয়ে অভিযুক্ত অট’ চালকজনক কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ আৰু পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক মহাকাল মন্দিৰৰ ওচৰত পেলাই থৈ যোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ৷

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি কিশোৰীগৰাকী সাতনা জিলাৰ বাসিন্দা ৷ তেওঁৰ লগত সংঘটিত হোৱা এই ঘটনাৰ এদিনৰ পূৰ্বে কিশোৰীগৰাকীয়ে ককাকৰ সৈতে সাতনাৰ নিজ বাসগৃহলৈ উভতি আহিছিল ৷ কিন্তু ঘৰলৈ আহিয়েই ৰে’লেৰে কিশোৰীগৰাকীয়ে উজ্জয়িনীলৈ পলাই আহিছিল । অভিযুক্ত অট’ চালকজনে কিশোৰীগৰাকীক উজ্জয়িনী ৰে’ল ষ্টেচনৰ বাহিৰত উদ্ধাৰ কৰিছিল ৷ তেওঁ কিশোৰীগৰাকীক সহায় কৰাৰ অজুহাতেৰে ধৰ্ষণ কৰিছিল ।

স্থানীয় লোকৰ বৰ্বৰতা :

ইমানৰ পিচতো যেন কিশোৰীগৰাকীক বিপদে লগ এৰা নাছিল ৷ কিশোৰীগৰাকীয়ে ইয়াতকৈও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল স্থানীয় লোকৰ ব্যৱহাৰত ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীয়ে সহায় বিচাৰি খোজকাঢ়ি প্ৰায় আঠ কিলোমিটাৰ খোজ কাঢ়িছিল, কিন্তু প্ৰতিটো স্থানতে কোনো লোকে কিশোৰীগৰাকীক সহায় কৰিবলৈ মান্তি নহ’ল ৷ কিশোৰীগৰাকীক দেখি কিছু লোকে ঘৰৰ দুৱাৰ মাৰি খেদি দিছিল ৷ চিচিটিভি ফুটেজত এটা সময়ত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ পৰা কিশোৰীগৰাকীয়ে সহায় বিচৰাৰ দৃশ্য পৰিলক্ষিত কৰা হৈছিল ৷ কিন্তু দুয়োগৰাকীয়ে কিশোৰীগৰাকীক কোনোধৰণৰ সহায় কৰা নাছিল ৷

ভিডিঅ’টোত কিশোৰীগৰাকীয়ে লোকসকলক তেওঁ বিপদত পৰিছে, তেওঁক সহায় কৰক, তেওঁৰ কোনো লোকে পিচ লৈছে বুলি কৈ থকাৰ পিচতো অঞ্চলটোৰ লোকসকলে মগনীয়াৰ দৰে ব্যৱহাৰ কৰি সেই স্থান পৰিত্যাগ কৰিবলৈ ইংগিত দিছিল ৷ কিছু লোকে তেওঁক মগনীয়া বুলি ভাবি হাতত টকা গুজি দিছিল ৷ আৰক্ষীয়ে কিশোৰীগৰাকীৰ পৰা 120 টকা উদ্ধাৰ কৰিছিল ৷ কিন্তু কোনো লোকে কিশোৰীগৰাকীৰ এই অৱস্থাৰ আঁৰত কি ঘটনা সংঘটিত হৈছিল অথবা কিশোৰীগৰাকীক কোনে এই অৱস্থা কৰিলে সেই বিষয়ে জানিবলৈও কোনেও চেষ্টা কৰা নাছিল ৷ কিছু লোকে কিশোৰীগৰাকীক ঘৰৰ সন্মুখৰ পৰা যাবলৈ ইংগিত দিছিল ৷

পৰৱৰ্তী সময়ত আৰক্ষীৰ সোধা পোছাত স্থানীয় লোক দুগৰাকীয়ে কিশোৰীগৰাকীৰ ভাষা বুজি নোপোৱাৰ বাবে সহায় নকৰিলে বুলি কৈ দায়িত্ব সামৰিছিল ৷

জাতি-ভিত্তিক বৈষম্যঃ এই কিশোৰীৰ ভয়ংকৰ যৌন নিৰ্যাতনৰ ঘটনাই মধ্য প্ৰদেশত জাতি-ভিত্তিক বৈষম্যৰ স্বৰূপটো উদঙাই দিছিল ৷ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাজ্যখনত শিশুৰ বিৰুদ্ধে অপৰাধৰ সৰ্বাধিক সংখ্যক অভিযোগ নথিভুক্ত হৈছে। NCRB ৰ প্ৰতিবেদন অনুসৰি, 2022 চনত মধ্য প্ৰদেশত শিশুৰ বিৰুদ্ধে অপৰাধৰ প্ৰায় 20,415 টা ঘটনা নথিভুক্ত কৰা হয় । তদুপৰি, তথ্য অনুসৰি মধ্য প্ৰদেশত দলিতসকলৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা সৰ্বাধিক ৷

ৰাজনৈতিক প্ৰেক্ষাপট :

এই ভয়ংকৰ ঘটনাই ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল ৷ ৰাজ্যখনত বিৰোধী দল কংগ্ৰেছে শাসকীয় বিজেপি চৰকাৰক আক্ৰমণ কৰাৰ লগে লগে ৰাজনৈতিক বিবাদৰো সৃষ্টি হৈছিল। কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, "মহিলা সংৰক্ষণৰ সপোন দেখুৱাই এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰি আছে আৰু প্ৰশংসা লাভৰ বাবেহে চেষ্টা কৰি আছে ৷"

এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ পিচতে খাৰ্গেই X ত পোষ্ট কৰি কয়, "বাস্তৱটো হৈছে যে, বিজেপি শাসিত মধ্য প্ৰদেশত এগৰাকী 12 বছৰীয়া নাবালিকাৰ বিৰুদ্ধে বৰ্বৰতাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।"

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও কাণ্ডক গৰিহণা দি উল্লেখ কৰিছিল যে, "এয়া ভাৰত মাতাৰ আত্মাৰ ওপৰত আক্ৰমণ ৷ কোনো ন্যায় নাই, আইন-শৃংখলা নাই আৰু কোনো অধিকাৰ নাই ৷ আজি সমগ্ৰ দেশে মধ্য প্ৰদেশৰ কন্যাসকলৰ এই অৱস্থাৰ বাবে লজ্জিত হৈছে। কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ কোনো লাজ নাই ৷ তেওঁলোকে নিৰ্বাচনী ভাষণ, ফোঁপোলা প্ৰতিশ্ৰুতি আৰু মিছা শ্লোগানত কন্যাসকলৰ চিৎকাৰ দমন কৰিছে ৷"

যদিও ৰাজ্যখনত সংঘটিত হোৱা এই উজ্জয়িনীৰ ধৰ্ষণৰ ঘটনাই যোৱা 17 নৱেম্বৰত মধ্য প্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ ব্যৰ্থ হয় । প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ তত্বাৱধানত 'এমপি মুখ্যমন্ত্ৰী লাডলী বেহনা' আঁচনিয়ে বিজেপিৰ ক্ষমতা বৰ্তাই ৰাখিবলৈ সক্ষম হ’ল । বিজেপিয়ে সদ্য সমাপ্ত মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনত 230 খন আসনৰ ভিতৰত 163 খন আসন লাভ কৰি বিপুল জয় সাব্যস্ত কৰিলে ৷

লগতে পঢ়ক: MP minor rape: ধৰ্ষিতা অৱস্থাৰেই সহায়ৰ বাবে দুৱাৰে দুৱাৰে ঘূৰিছিল উজ্জয়িনীৰ নিৰ্ভয়া; ভিক্ষা দি মানৱ সভ্যতাক উপহাস একাংশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.