ETV Bharat / bharat

ত্ৰিপুৰাৰ অক্ষ্যা শ্ৰীলৈ নীতি আয়োগৰ বিশেষ সন্মান

author img

By

Published : Mar 24, 2022, 4:01 PM IST

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে দেশৰ প্ৰায় ৭৫ গৰাকী বিভিন্ন ক্ষেত্ৰৰ মহিলাক নীতি আয়োগে প্ৰদান কৰিছে WTI Awards । ত্ৰিপুৰাৰ বিশিষ্ট উদ্যোগী অক্ষ্যা শ্ৰীকো প্ৰদান কৰা হৈছে এই বঁটা (WTI Awards to Akshya Shree from Tripura)। গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে অক্ষ্যা শ্ৰীয়ে ।

Akshya Shree
ত্ৰিপুৰাৰ অক্ষ্যা শ্ৰীলৈ নীতি আয়োগৰ বিশেষ সন্মান

আগৰতলা,২৪ মাৰ্চ : ত্ৰিপুৰাৰ এগৰাকী মহিলালৈ নীতি আয়োগৰ বিশেষ সন্মান । অক্ষ্যা শ্ৰী নামৰ মহিলাগৰাকীক ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়াৰ সন্মান (WTI Awards) প্ৰদান কৰিলে নীতি আয়োগে (Tripura girl honoured as Women Transforming India)। উল্লেখ্য যে, দেশৰ প্ৰায় ৭৫ গৰাকী মহিলাক প্ৰদান কৰা হৈছে এই বিশেষ সন্মান (75 women have been given WTI Awards)। তাৰ ভিতৰত ত্ৰিপুৰাৰ টাড উদ্যোগ প্ৰা. লি.ৰ অক্ষ্যা শ্ৰী অন্যতম ।

প্ৰেছ ইনফ'ৰ্মেচন ব্যুৰ'ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতক শক্তিশালী আৰু সামৰ্থ্যবান কৰাৰ ক্ষেত্ৰত মহিলাসকলে ধাৰাবাহিকভাৱে অৱদান আগবঢ়াই আহিছে । বিভিন্ন ক্ষেত্ৰত মহিলাসকলৰ উল্লেখযোগ্য সাফল্যৰ স্বীকৃতি স্বৰূপে নীতি আয়োগে ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া বঁটা প্ৰদান কৰিছে । ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ উদ্দেশ্যে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এই বঁটা ৭৫ গৰাকী মহিলাক প্ৰদান কৰা হৈছে ।

অক্ষ্যা শ্ৰীয়ে বাঁহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ দুটা ব্ৰেণ্ড মুকলি কৰিছিল । ব্ৰেণ্ড দুটা ক্ৰমে চিলপাকাৰমান (Silpakarman) আৰু বিইউটি (BeYouTea) । চিলপাকাৰমান হৈছে বাঁহৰ হস্তনিৰ্মিত কিছুমান সামগ্ৰী । যিবোৰ নিৰ্মাণত গ্ৰাম্য ত্ৰিপুৰাৰ ৫ টাকৈ গোটৰ প্ৰায় ২৫০ শিল্পী জড়িত হৈ আছে । প্ৰতিটো সামগ্ৰীয়ে জৈৱিক আৰু পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰি সাৱধানে নিৰ্মাণ কৰা হয় ।

আনহাতে শেহতীয়াকৈ মুকলি কৰা 'BeYouTea' নামৰ বাঁহপাতৰ চাহ ব্ৰেণ্ডটোৱে গ্ৰাম্য অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলোৱা দেখা গৈছে । বহু লোক এই ক্ষেত্ৰত জড়িত হৈ পৰিছে । ক'ভিড পৰিস্থিতিৰ বাবে জুৰুলা হৈ পৰা গ্ৰাম্য অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অক্ষ্যা শ্ৰীৰ প্ৰচেষ্টাই বিশেষ উদ্যোগ লোৱা দেখা গৈছে ।

লগতে পঢ়ক :পুষ্কৰ সিং ধামীৰ শপত গ্ৰহণ অনুষ্ঠানত বিপ্লৱ দেৱে কৰিলে এই মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.