ETV Bharat / bharat

Wrestlers protest : WFIৰ নিৰ্বাচন স্থগিত, অলিম্পিক সংস্থাই গঠন কৰিব সমিতি - Protest against Brij Bhushan Sharan Singh

ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ভাৰতীয় অলিম্পিক সংস্থাৰ গুৰুত্বপূৰ্ণ ঘোষণা (Protest against Brij Bhushan Sharan Singh)। ৭ মে'ৰ ডব্লিউএফআইৰ নিৰ্বাচন স্থগিত । ডব্লিউএফআইৰ দৈনন্দিন কাম-কাজ পৰিচালনা কৰিবলৈ এখন এড-হক সমিতি গঠন কৰাৰ আহ্বান ।

Wrestlers protest
WFIৰ নিৰ্বাচন স্থগিত
author img

By

Published : Apr 24, 2023, 9:51 PM IST

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল : বিজেপি নেতা তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে (Protest against Brij Bhushan Sharan Singh)। দিল্লীৰ যন্তৰ মন্তৰত পুনৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ ভাৰতীয় মল্লযুঁজাৰুৱে ।

মহিলা মল্লযুঁজাৰুসকলক যৌন আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছতো সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে মল্লযুঁজাৰুসকল । প্ৰতিবাদকাৰীসকলৰ মতে ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই বাবে দ্বিতীয়বাৰৰ বাবে দিল্লীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে (Wrestlers protest in Delhi)।

বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সাক্ষী মালিককে ধৰি বহু ভাৰতীয় মল্লযুঁজাৰুৱে ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পাছতে ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় অলিম্পিক সংস্থাক (আইঅএ) ডব্লিউএফআইৰ দৈনন্দিন কাম-কাজ চলাবলৈ কোৱাৰ সিদ্ধান্ত লৈছে ।

ভাৰতীয় অলিম্পিক সংস্থাই সোমবাৰে কৈছে যে, তেওঁলোকে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বন (ডব্লিউএফআই)ৰ কাৰ্যকৰী সমিতিক ৪৫ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰু ডব্লিউএফআইৰ দৈনন্দিন কাম-কাজ পৰিচালনা কৰিবলৈ এখন এড-হক সমিতি গঠন কৰিবলৈ কৈছে । যুৱ সেৱা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৭ মে'ৰ ডব্লিউএফআই নিৰ্বাচনকো বাতিল কৰিছে (WFI elections put on hold)।

নতুন দিল্লীৰ যন্তৰ মন্তৰত ডব্লিউএফআইৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে বিশিষ্ট মল্লযুঁজাৰুসকলে প্ৰতিবাদ কৰাৰ দুদিন পাচতে এই ঘোষণা কৰিছে । যন্তৰ-মন্তৰত প্ৰতিবাদ আৰম্ভ কৰাৰ পূৰ্বে, মল্লযুঁজাৰু কনট প্লেচ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল ৷ য'ত এগৰাকী কিশোৰীসহ ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে অভিযোগ কৰিছে যে, সিঙে তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল ।

সোমবাৰে সাংবাদিকৰ সন্মুখত ভুক্তভোগীসকলে কয় যে, দ্বিতীয়বাৰৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে । প্ৰায় ৩ মাহ পূৰ্বে যেতিয়া তেওঁলোকে ব্ৰিজ ভূষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল তেওঁলোকক আশ্বাস দিয়া হৈছিল যে শীঘ্ৰে ব্যৱস্থা লোৱা হ'ব । কিন্তু এতিয়ালৈকে অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই । যিধৰণে অনুসন্ধান কৰা হৈছে সেয়া উচিত নহয় বুলিও তেওঁলোকে অভিযোগ কৰিছে । সেয়ে তেওঁলোকে কৰ্তৃপক্ষক ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : Know about Brij Bhushan Sharan Singh : ব্ৰিজ ভূষণ শৰণ সিং আচলতে কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.