নেশ্যনেল ডেস্ক,২৯ মে': ন্যায় নোপোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ প্ৰতিজ্ঞা মল্লযুঁজাৰু বজৰং পুনিয়াৰ (Bajrang Punia on wrestlers protest)। মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে এজাহাৰ ৰুজু কৰাৰ সময়তে পুনিয়াই এই কথা প্ৰকাশ কৰিছে ।
পুনিয়াৰ মতে মল্লযুঁজাৰু ভগ্নীসকলক ন্যায় দিয়া উচিত আৰু তাৰ বাবেই তেওঁলোকে প্ৰাৰ্থনা কৰি আহিছে । কিন্তু তাৰ পাছতো তেওঁলোকক আটক কৰা হৈছে । তেওঁ সন্দেহ কৰা মতে গণতন্ত্ৰ সঠিক পথত গৈ থকা নাই । তেওঁ দাবী কৰা মতে ন্যায় নোপোৱালৈকে তেওঁলোক ঘৰলৈ নাযায় । আৰক্ষীয়ে মুকলি দিয়া তেওঁ অন্তিমজন লোক আছিল । সেয়ে তেওঁ বাকী মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰিব আৰু পৰৱৰ্তী সময়ত কি কৰিব লাগিব সেয়া সিদ্ধান্ত ল'ব ।
দেওবাৰে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি তথা মল্লযুঁজাৰুসকলে নতুন সংসদ ভৱনলৈ প্ৰতিবাদী সমদল উলিয়াইছিল (Wrestlers protest in Delhi)। সেই সময়তে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা দিছিল । পুনিয়াকে ধৰি একাংশ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটকো কৰিছিল । আনহাতে কৰ্তব্য পালনত আৰক্ষীক বাধা দিয়াৰ অভিযোগত মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে ।
আৰক্ষীয়ে কোৱা মতে সমগ্ৰ দিল্লীত ৭০০ গৰাকী লোকক আটক কৰা হৈছিল (Delhi police detained wrestlers)। তাৰ ভিতৰত যন্তৰ মন্তৰত প্ৰতিবাদ কৰা ১০৯ গৰাকী লোক আছিল । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে এজাহাৰখন ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ১৮৮, ১৮৬, ৩৫৩, ৩৩২ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে ।
উল্লেখ্য যে বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সাক্ষী মালিককে ধৰি কেইবাগৰাকী মল্লযুঁজাৰুৱে যন্তৰ মন্তৰত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি তেওঁক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।
দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ পাছতে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল । বেৰিকেড ভাঙি সমদল উলিওৱাৰ সময়তে প্ৰতিবাদকাৰী আৰু আৰক্ষী কৰ্মীৰ মাজত হতাহতি হৈছিল ।
লগতে পঢ়ক :Police detained wrestlers in Delhi: মাজনিশা থানাৰ পৰা মুকলি কৰি দিয়া হ’ল বজৰং পুনিয়াক