ETV Bharat / bharat

Wrestler Protest: গংগাত পদক বিসৰ্জনৰ সিদ্ধান্ত স্থগিত কৰিলে মল্লযুঁজাৰুসকলে - জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিং

মঙলবাৰে হৰিদ্বাৰৰ গংগাত পদক বিসৰ্জনৰ সিদ্ধান্ত স্থগিত কৰিলে মল্লযুঁজাৰুসকলে ৷ কৃষক নেতা নৰেশ টিকাইতৰ বুজনিত এই কাৰ্যসূচী স্থগিত কৰে প্ৰতিবাদী মল্লযুঁজাৰুসকলে ৷ কৃষক নেতাগৰাকীয়ে মল্লযুঁজাৰুসকলৰ পৰা 5 দিনৰ সময়সীমা বিচাৰে (serve 5 day ultimatum to Centre) ৷

serve 5 day ultimatum to Centre
গংগাত পদক বিসৰ্জনৰ সিদ্ধান্ত স্থগিত কৰিলে মল্লযুঁজাৰুসকলে
author img

By

Published : May 30, 2023, 10:27 PM IST

নিউজ ডেস্ক, 30 মে’: দেশজুৰি তোলপাৰ লগাইছে ভাৰতীয় মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে (wrestlers protest in Delhi) ৷ মঙলবাৰে এই প্ৰতিবাদৰ অংশস্বৰূপে মল্লযুঁজাৰুসকলে বিয়লি 6 বজাত হৰিদ্বাৰৰ গংগা নদীত তেওঁলোকৰ পদকসমূহ বিসৰ্জন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Wrestlers halt consigning medals to Ganga)৷ ইতিমধ্যে আজি বিয়লি মল্লযুঁজাৰুসকলে পদক বিসৰ্জন দিবলৈ হৰিদ্বাৰত উপস্থিত হৈছিল ৷

ইয়াৰ পিচতে মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰে কৃষক নেতা নৰেশ টিকাইতে ৷ কৃষক নেতাগৰাকীয়ে প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকক পদকসমূহ বিসৰ্জন নিদিবলৈ বুজনি দিয়ে ৷ ইয়াৰোপৰি কৃষক নেতাগৰাকীয়ে মল্লযুঁজাৰুসকলৰ পৰা 5 দিনৰ সময়সীমা বিচাৰে (serve 5 day ultimatum to Centre) ৷

দেশৰ তাৰকা মল্লযুঁজাৰুসকলে তেওঁলোকৰ পদকসমূহ বিসৰ্জন কৰিব বুলি কৰা ঘোষণাৰ পিচতেই হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে কৈছিল যে, আৰক্ষীয়ে মল্লযোদ্ধাসকলক গংগাত তেওঁলোকৰ পদক বিসৰ্জন কৰা কৰাত বাধা প্ৰদান নকৰে ৷

প্ৰখ্যাত মল্লযোদ্ধা তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই (Olympic medalist Bajrang Punia) তেওঁৰ টুইটাৰ একাউণ্টত এই ঘোষণা কৰিয়েই হিন্দীতে লিখা এখন পত্ৰ শ্বেয়াৰ কৰি অভিযুক্ত সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে গভীৰ হতাশা ব্যক্ত কৰে । পত্ৰখনত মল্লযুঁজাৰুগৰাকীয়ে উল্লেখ কৰিছিল যে, তেওঁলোকৰ পদকসমূহ পবিত্ৰ গংগা নদীত বিসৰ্জন দিবলৈ বাধ্য কৰোৱা যেন অনুভৱ কৰিছে । কিয়নো তেওঁলোকৰ আন সকলো বিকল্প শেষ হৈ গৈছে । তেওঁলোকৰ প্ৰতিবাদ আৰু সম্ভাৱ্য আমৰণ অনশনৰ সতৰ্কবাণীৰ সত্ত্বেও সংশ্লিষ্ট সাংসদজনক তিলমানো টলাব পৰা নাই (Wrestlers Federation of India controversy) ।

প্ৰথমে তেওঁলোকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ওচৰলৈ যোৱাৰ কথা চিন্তা কৰিছিল । যিহেতু তেওঁ নিজেই এগৰাকী মহিলা । ৰাষ্ট্ৰপতিগৰাকী প্ৰতিবাদস্থলীৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত থাকে । কিন্তু ৰাষ্ট্ৰপতিয়ে তেওঁলোকক সাক্ষাতৰ বাবে কোনো ধৰণৰ আগ্ৰহ প্ৰদৰ্শন নকৰা অথবা তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণৰ অপাৰগতাৰ সিদ্ধান্তও ইতিমধ্যেই লৈছে ।

ইয়াৰ পিচত মল্লযোদ্ধাসকলে তেওঁলোকৰ পদকবোৰ প্ৰধানমন্ত্ৰীৰ ওচৰত ঘূৰাই দিয়াৰ কথা ভাবিছিল । কিয়নো এটা সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক নিজৰ কন্যা বুলি উল্লেখ কৰিছিল আৰু তেওঁৰ বাসগৃহত আতিথ্য প্ৰদান কৰিছিল ।

কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ অভিযোগক অৱজ্ঞা কৰি কেৱল তীৰ্যক বাক্যবাণহে ব্যৱহাৰ কৰিছিল । সেয়েহে মল্লযুঁজাৰুসকলে হিন্দু ধৰ্মৰ গৰিমা খ্যাত গংগা নদীত পদকসমূহ বিসৰ্জন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ পদক বিসৰ্জনৰ পিচত তেওঁলোতে দিল্লী ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশন কৰাৰ কথা ঘোষণা কৰিছিল ৷ সম্প্ৰতি মল্লযুঁজাৰুসকলক বাছেৰে হাৰিয়ানালৈ লৈ অহা হৈছে ৷

লগতে পঢ়ক: Protesting Wrestlers Threating : গংগাত নিক্ষেপ কৰিব পদক; আমৰণ অনশনৰ ভাবুকি বজৰং পুনিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.