ETV Bharat / bharat

Wrester protest: নাবালিকা মল্লযুঁজাৰুৰ পিতৃৰ ভাষ্য সলনি; প্ৰতিশোধৰ বাবে ভুৱা অভিযোগ উত্থাপনৰ কথা স্বীকাৰ - Father of minor wrestler

দিল্লীত অব্যাহত থকা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক ডাঙৰ খবৰ ৷ প্ৰতিশোধ ল’বলৈ নিৰ্যাতনৰ ভুৱা গোচৰ তৰা হৈছিল ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে ৷ খেলত পৰাজয়ৰ বাবেই এই প্ৰতিশোধৰ সিদ্ধান্ত ৷ এগৰাকী নাবালিকা মল্লযুঁজাৰুৰ পিতৃয়ে কৰিছে এই বিস্ফোৰক স্বীকাৰোক্তি ৷

Wrester protest
minor wrestler changed statement
author img

By

Published : Jun 9, 2023, 9:28 AM IST

Updated : Jun 9, 2023, 11:46 AM IST

নিউজ ডেস্ক, 9 জুন: দেশৰ ৰাজধানীত অব্যাহত থকা মল্লযুঁজাৰুসলৰ প্ৰতিবাদে লৈছে অন্য় মোৰ ৷ এগৰাকী নাবালিকা মল্লযুঁজাৰুৰ পিতৃয়ে অতি শেহতীয়াভাৱে কৰা এক মন্তব্যই নাটকীয়ভাৱে দৃশ্যপট সলনি কৰিছে সমগ্ৰ বিষয়টোৰ ৷ ব্যক্তিজনে উল্লেখ কৰে যে, ভাৰতীয় মল্লযুঁজ সন্থাৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে তেওঁ ভুৱা অভিযোগ দাখিল কৰিছিল প্ৰতিশোধ ল’বৰ বাবে ৷ ব্যক্তিজনৰ এই মন্তব্যৰ পিচতে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগত চলি থকা প্ৰতিবাদ শক্তিহীন হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে (Father of minor wrestler) ৷

উল্লেখ্য যে, সাতগৰাকী মহিলা বক্সাৰে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তোলাৰ পিচতেই বিগত প্ৰায় ছমাহজুৰি প্ৰতিবাদ চলি আছিল বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজ সন্থাৰ মুৰব্বীজনৰ বিৰুদ্ধে ৷ দেশে-বিদেশে মল্লযুঁজ খেলি পদক অৰ্জন দেশলৈ সুনাম কঢ়িয়াই অনা মল্লযুঁজাৰুসকল বিগত ছমাহে আখৰাৰ পৰিৱৰ্তে ৰাজপথত ব্যস্ত থাকিব লগীয়া হৈছে ন্যায় বিচাৰি ৷ শেহতীয়াকৈ এই প্ৰতিবাদে তীব্ৰ ৰূপ লয় যদিও এই ব্যক্তিগৰাকীৰ মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে (False sexual harassment allegation) ৷

নাবালিকা মল্লযুঁজাৰুগৰাকীয়ে কৰা অভিযোগৰ বাবেই যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ চমুকৈ POSCO অধীনতো তদন্ত আৰম্ভ হৈছিল ব্ৰীজ ভূষণৰ বিৰুদ্ধে । হঠাৎ বিষয়টোৰ পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰশ্ন কৰাত নাবালিকাগৰাকীৰ পিতৃয়ে উল্লেখ কৰে যে, আদালতত নহয়, সত্য এতিয়াই ওলাই অহাটোৱেই ভাল । পিটিআইয়ে তেওঁৰ উদ্ধৃতিৰে কয়, ‘‘এতিয়া যেতিয়া পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰম্ভ হৈছে, তেতিয়া চৰকাৰে যোৱা বছৰ মোৰ ছোৱালীজনীৰ পৰাজয়ৰ (17 বছৰ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপৰ প্ৰস্তুতি মেচত) ন্যায্য প্ৰদানৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে ৷ গতিকে মোৰ ভুল শুধৰোৱাটোও মোৰ কৰ্তব্য ।’’(wrestlers protest latest news)

লগতে পঢ়ক: Wrestlers protest: মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ সন্মতি দিল্লী আৰক্ষীৰ

নাবালিকাগৰাকীৰ পিতৃয়ে বুজাই দিলে যে, সিঙৰ সৈতে তেওঁলোকৰ শত্ৰুতা আৰম্ভ হৈছিল 2022 চনত লক্ষ্ণৌত অনুষ্ঠিত হোৱা 17 বছৰ অনুৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপৰ প্ৰস্তুতিমূলক খেলৰ পৰাই । সেই সময়ত প্ৰস্তুতি মেচত ফাইনেলত পৰাস্ত হোৱা নাবালিকা মল্লযুঁজাৰুগৰাকী ভাৰতীয় দললৈ বাবে নিৰ্বাচিত হোৱা নাছিল । ৰেফাৰীৰ এই সিদ্ধান্তৰ বাবে তেওঁলোকে জগৰীয়া কৰে ব্রীজ ভূষণ শৰণ সিঙক ৷ তেওঁলোকৰ সন্তানেৰ বছৰজোৰা কষ্টৰ ফল লাভ নকৰাত বাবে ক্ষোভিত হৈ পৰা পিতৃয়ে কয় যে, তেওঁ সিঙৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিল (Minor wrestler changed statement) ।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ‘নাবালিকা’ মল্লযুঁজাৰুগৰাকীয়ে আদালতত নতুনকৈ বক্তব্য দিছিল ৷ য’ত বয়স সম্পৰ্কীয় কিছু মত সলনি হৈছিল । এই নতুন তথ্যৰ ফলত সিঙৰ বিৰুদ্ধে POCSO আইনৰ অধীনত সাত বছৰৰ কাৰাদণ্ডৰ সম্ভাৱনা থকা গুৰুতৰ অভিযোগ পৰিৱৰ্তন হ’ব পাৰে । বৰঞ্চ তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) 354 নং ধাৰাত অভিযোগ উত্থাপন হ’ব পাৰে ৷ তেওঁ এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত সৰ্বোচ্চ দুবছৰৰ শাস্তি হ’ব পাৰে । উল্লেখযোগ্য যে, সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে 7 গৰাকী মহিলা মল্লযুঁজাৰুৱে (Minor changed statement on Brijbhushan)।

Last Updated : Jun 9, 2023, 11:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.