ETV Bharat / bharat

৭৬ বছৰ পাছত অৰুণাচলত ওলাল দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত যুদ্ধ বিমানৰ ধ্বংসাৱশেষ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুর্ঘটনগ্ৰস্ত হোৱা বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ অৰুণাচলত

সুদীৰ্ঘ ৭৬ বছৰৰ মূৰত অৰুণাচল প্ৰদেশত উদ্ধাৰ কৰা হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দ্বাৰা ব্যবহৃত হোৱা এখন যুদ্ধ বিমানৰ (wreckage of a WWII aircraft traced in Arunachal Pradesh) । এই চি ৪৬ (C 46) যুদ্ধ বিমানখন ১৯৪৫ চনৰ ১৬ জানুৱাৰী তাৰিখে ভাৰত-বাৰ্মা সীমান্তৰ পৰা নিৰুদ্দেশ হৈছিল । আমেৰিকাৰ নাগৰিক আৰু গৱেষক ক্লেটন কুল্ছৰ নেতৃত্বত আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় লিচু সম্প্ৰদায়ৰ চিকাৰী সকলৰ বহু মাহ জোৰা প্ৰচেষ্টাৰ ফলত যোৱা বছৰৰ ডিচেম্বৰ মাহৰ ১৯ তাৰিখে নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এই যুদ্ধ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে ।

৭৬ বছৰ পাছত অৰুণাচলত ওলাল দ্বিতীয় বিশ্বযুদ্ধত ব্যবহৃত হোৱা যুদ্ধ বিমানৰ ধ্বংসাৱশেষ

author img

By

Published : Jan 21, 2022, 7:28 PM IST

তেজপুৰ, 21 জানুৱাৰী: সুদীৰ্ঘ ৭৬ বছৰৰ অন্তত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুর্ঘটনগ্ৰস্ত হোৱা আমেৰিকাৰ এক যুদ্ধৰ সামগ্ৰী কঢ়িওৱা বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত (wreckage of a WWII aircraft traced in Arunachal Pradesh)। ১৯৪৫ চনক ১৬ জানুৱাৰীৰ দিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰ কৰ্পৰ প্ৰথম লেফটেনেণ্ট উইলিয়াম কে শ্বেয়াৰ আৰু আন ১২ জন লোক এই বিমানখনত চীনৰ কুনমিঙৰ পৰা অসমৰ চাবুৱালৈ উভতি অহাৰ পথত বিমানখন নিৰুদ্দেশ হৈছিল ।

যোৱা ডিচেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন গৱেষক ক্লেটন কুল্ছ নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত ডাফা বুমৰ এক বৰফৰ পৰ্বতত এই নিৰুদ্দিষ্ট চি ৪৬ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে । মন কৰিবলগীয়া যে কুল্ছক এই নিৰুদ্দিষ্ট বিমানখনৰ সন্ধান উলিয়াবলৈ অনুৰোধ কৰিছিল উইলিয়াম কে শ্বেয়াৰৰ পুত্ৰ আৰু নিউয়ৰ্ক চহৰৰ বাসিন্দা ৭৮ বছৰীয়া বিল শ্বেয়াৰে । যেতিয়া এই চি ৪৬ (C 46) যুদ্ধ বিমানখনৰ নিৰুদ্দেশ খবৰ আহিছিল তেতিয়া বিলৰ বয়স আছিল মাত্ৰ ১৩ মাহ ।

কুল্ছে অৰুণাচল প্ৰদেশৰ লিচু সম্প্ৰদায়ৰ জনজাতীয় চিকাৰীসকলৰ সৈতে তুষাৰপাতৰ মাজত আঠদিন ধৰি ট্ৰেকিং কৰি অৱশেষত সাগৰ পৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল । উক্ত অঞ্চলত বিজয় নগৰৰ পৰা কিছু নিলগত আৰু গান্ধী নগৰৰ কাষত ভাৰত বাৰ্মা সীমান্তত অৱস্থিত এলেকাটো লিচু সম্প্ৰদায়ৰ লোকসকলৰ বাসস্থলী ৷ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা নামদফা ৰাষ্ট্ৰীয় উদ্যানলৈ ৫১০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰায় 14 ঘণ্টা সময়ৰ প্ৰয়োজন হয় ।

উল্লেখযোগ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ চীন বাৰ্মা ভাৰত সীমান্তত (যাক হাম্প বুলি অভিহিত কৰা হয়) ৫০০ তকৈও অধিক বিমান নিৰুদ্দেশ হৈছিল ৷ কুল্ছে নিজৰ অভিজ্ঞতাৰ সহায়ত এনে ধৰণৰ ২৬ খনতকৈও অধিক নিৰুদ্দিষ্ট বিমানৰ ইতিমধ্যেই সন্ধান উলিয়াবলৈ সক্ষম হৈছে । তেওঁ সন্ধান উলিওৱা ২৬খন নিৰুদ্দিষ্ট বিমানৰ ভিতৰত ২১ খনৰেই সন্ধান পোৱা গৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ।

কুল্ছে কয় যে এই নিৰুদ্দিষ্ট বিমানখনৰ সন্ধান উলিওৱাৰ পাছত এতিয়া লেফটেনেণ্ট উইলিয়াম কে শ্বেয়াৰ আৰু আন ১২ জন লোকৰ পৰিয়ালে চৰকাৰৰ সহায়ত এই বিমানৰ অৱশিষ্ট নিজৰ দেশলৈ ওভতাই নিয়াৰ বাবে অনুৰোধ জনাব পাৰে ।

উইলিয়াম কে শ্বেয়াৰৰ বাহিৰে বিমান খনত থকা আন সকল লোক হ’ল দ্বিতীয় লেঃ চিডনী এল মাৰ্ফি (পাইলট), দ্বিতীয় লেঃ ডেলমাৰ কে ব্ৰাউন (সহ-পাইলট), চিপিএল এলভিন পি পালেচেক (ৰেডিঅ' অপাৰেটৰ), পিএফচি এডমাণ্ড টি মাৰ্ফি (ফ্লাইট ক্লাৰ্ক), প্ৰথম লেঃ উইলিয়াম কে শ্বাৰেৰ, দ্বিতীয় লেঃ কাৰ্ল ডি ময়েছ, টি/4 ডিছৰ ডিছমেন, টি/4 ৰবাৰ্ট এফ শ্বেৰমেন, চাৰ্জেন্ট ৰেমণ্ড এফ. ব্ৰুনাৰ, চাৰ্জেন্ট জে. ভি. ডলটন, চাৰ্জেন্ট কেনেথ হাৰ্ট ।

লগতে পঢ়ক: হটলাইন যোগে চীনা সেনাৰ লগত যোগাযোগ স্থাপন ভাৰতীয় সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.