ETV Bharat / bharat

বৰ্তমানেও ভাৰতত Covid ৰ আতংক অব্যাহত আছে : হৰ্ষবৰ্ধন

author img

By

Published : Dec 21, 2020, 2:16 PM IST

জানুৱাৰী মাহত দেশবাসীয়ে লাভ কৰিব ভেকচিন । যোৱা ২৪ ঘন্টাত ২৬,৬২৪ জন লোক নতুকৈ আক্ৰান্ত হয় ।

বৰ্তমানেও ভাৰতত Covid ৰ আতংক অব্যাহত আছে : হৰ্ষবৰ্ধন
বৰ্তমানেও ভাৰতত Covid ৰ আতংক অব্যাহত আছে : হৰ্ষবৰ্ধন

নেশ্য়নেল ডেস্ক, ২১ ডিচেম্বৰ: দেশত বৰ্মতমানেও মহামাৰী কৰ'ণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড: হৰ্ষবৰ্ধনে দেওবাৰে এক সাক্ষাৎকাৰত সকলোকে সাৱধানতাৰে স্বচ্ছতা অৱলম্বন কৰিবলৈ কয় । চলিত বৰ্ষৰ ৩০ জানুৱাৰীৰ পৰা ভাৰতত কৰ'ণাৰ সংহাৰ আৰম্ভ হোৱাৰে পৰা চৰকাৰী আৱাসত আছুতীয়াকৈ সাৱধানতাৰে থাকি সকলো কাম-কাজ নিয়াৰিকৈ চলাই নিছে ।

লগতে Covid সম্পৰ্কীয় বান্ধি দিয়া সকলো নীতি-নিয়মসমূহ ভালদৰে পালন কৰিবলৈ কয় । বৰ্তমান দেশতপ্ৰায় তিনি লাখ সক্ৰিয় কেচ থকাৰ লগতে ৯৫ ৰ পৰা ৯৬ শতাংশ লোকে সুস্থ হৈ উঠিছে । বিশ্বৰ আন আন দেশ যেনে- আমেৰিকা, ৰুচ, ব্ৰাজিল আদিৰ তুলনাত ভাৰতত সুস্থ হোৱা লোকৰ সংখ্যাৰ স্থান যথেষ্ঠ ভাল আৰু নিহত হোৱা লোকৰ সংখ্য়াও অন্য দেশৰ তুলনাত কম বুলি কয় । সম্ভৱত: জানুৱাৰী মাহত দেশবাসীয়ে ভেকচিন লাভ কৰাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি দেশত যোৱা ২৪ ঘন্টাত ২৬,৬২৪ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্য়া ১,০০,৩১,২২৩ জনলৈ বৃদ্ধি পায় ।

লগতে পঢ়ক: আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকক নিমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.