ETV Bharat / bharat

Dussehra celebration: আৰম্ভ ৭৫ দিনীয়া দশেৰা উৎসৱ

নৱৰাত্ৰিৰ সমান্তৰালকৈ সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে দশেৰাৰ প্ৰস্তুতি । ইতিমধ্যে আৰম্ভ হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘলীয়াকৈ উদযাপন কৰা বুলি খ্যাতি থকা ছত্তীশগড়ৰ বস্তাৰ জিলাৰ দশেৰা উৎসৱ । ৬০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি দেৱী 'কাচ্ছিন' ৰ অনুমতি লৈ দেওবাৰে ৰাজ পৰিয়ালে আৰম্ভ কৰে ৭৫ দিন ধৰি চলিবলগীয়া দশেৰা উৎসৱ ।

World's longest Dussehra celebration begins in Bastar
আৰম্ভ ৭৫ দিনীয়া দশেৰা উৎসৱ
author img

By ANI

Published : Oct 15, 2023, 11:10 AM IST

নেশ্যনেল ডেস্ক,১৫ অক্টোবৰ: আৰম্ভ হ'ল পৱিত্ৰ নৱৰাত্ৰি । পৱিত্ৰ নৱৰাত্ৰি উপলক্ষে সমগ্ৰ দেশতে দেখা গৈছে এক উখল-মাখল পৰিৱেশ । ইয়াৰ মাজতে চৰ্চাত বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ উদযাপন কৰা দশেৰা উৎসৱৰ প্ৰসংগ । ছত্তীশগড়ৰ বস্তাৰ জিলাত ব্যতিক্ৰমীভাৱে ৭৫ দিনীয়াকৈ উদযাপন কৰা হয় দশেৰা উৎসৱ । দেওবাৰৰে পৰা ইয়াৰ ৰীতি-নীতি আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

৬০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি দেৱী 'কাচ্ছিন' ৰ অনুমতি লৈ ৰাজ পৰিয়ালে আৰম্ভ কৰে ৭৫ দিন ধৰি চলিবলগীয়া বিশ্বৰ আটাইতকৈ দীঘলীয়া দশেৰা উৎসৱ । পুৰণি ৰীতি-নীতি অনুসৰি দেৱী 'কাচ্ছিনে' বস্তাৰ জিলাৰ ৰাজ পৰিয়ালক দশেৰা উদযাপনৰ বাবে নিৰ্দেশ প্ৰদান কৰে । এই উৎসৱত এগৰাকী নাবালিকাক প্ৰতিকীৰূপত দেৱী 'কাচ্ছিন' হিচাপে গণ্য কৰা হয় । নাবালিকাগৰাকীয়ে কণ্টকৰ ডোলনাত ডোলি দশেৰা উদযাপন কৰিবলৈ 'ৰাজ পৰিয়াল'ৰ অনুমতি প্ৰদান কৰে ।

দশেৰা বুলি ক'লে সাধাৰণতে অন্যান্য প্ৰান্তত ৰাৱনৰ পুত্তলিকা দাহ কৰা হয় । কিন্তু, বস্তাৰ জিলাৰ এই দশেৰাত 'মহিষ মৰ্দিনী আদিশক্তি' ক পূজা আগবঢ়োৱা হয় । জিলাখনৰ জনজাতীয় সম্প্ৰদায়ে ইয়াত দশেৰা উদযাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ৬০০ বছৰৰো অধিক সময় ধৰি জিলাখনৰ লোকসকলে এই উৎসৱ উদযাপন কৰি আহিছে ৷ এই উৎসৱৰ কহল স্থাপনা আৰু ৰথ যাত্ৰা আজিৰে পৰা আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

ৰাজ পৰিয়ালৰ এগৰাকী অন্যতম সদস্য কমল চন্দ্ৰ ভঞ্জদেৱে এই প্ৰসংগত জনোৱা অনুসৰি ৰজাৰ দুগৰাকী কন্যা কাচ্ছিন আৰু ৰাইলা দেৱীয়ে 'জোহৰ' অৰ্থাৎ শত্ৰুৰ ওচৰত আত্মসমৰ্পন কৰাৰ বিপৰীতে আত্মজাহ দিছিল । তেতিয়াৰেপৰা দুই কন্যাৰ আত্মা উক্ত অঞ্চলত ঘূৰি ফুৰে আৰু এই সময়ত নাবালিকাসকলৰ ওচৰলৈ আহে বুলি এক জনবিশ্বাস আছে । সেই বিশ্বাস ৰাখিয়েই প্ৰতিবছৰে এগৰাকী নাবালিকাক কাচ্ছিন দেৱী বুলি গণ্য কৰি বিশ্বৰ আটাইতকৈ দীঘলীয়া দশেৰা উৎসৱ আৰম্ভ কৰা হয় ।

উল্লেখ্য যে সমগ্ৰ দেশতে বিগত বৰ্ষবোৰৰ দৰে নৱৰাত্ৰিৰ দশম দিনা দশেৰা উৎসৱ উদযাপন কৰা হ'ব । "অশুভ শক্তিৰ ওচৰ শুভ শক্তি জয়" এয়াই হৈছে দশেৰাৰ প্ৰতীক । ইফালে নৱৰাত্ৰিৰ লগে লগে সমগ্ৰ দেশতে দশেৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ দেশতে ।

লগতে পঢ়ক: Decision On Right To Privacy; পত্নীৰ অজ্ঞাতে স্বামীয়ে ফোনৰ কথোপকথন ৰেকৰ্ডিং কৰাটো গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা বুজায়: ছত্তীশগড় HC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.