ETV Bharat / bharat

গুজৰাটত নিৰ্মান হ’ব বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা - world's biggest zoo to come up in gujarat

বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানাখন নিৰ্মাণ কৰা হ’ব গুজৰাটত ৷ শুকুৰবাৰে ASSOCHAM ফাউণ্ডেচন সপ্তাহ উপলক্ষে এক ভাৰ্চুৱেল সভাত এই কথা সদৰি কৰে অতিৰিক্ত মুখ্য সচিব এম কে দাসে ৷

as_ntl_worlds-biggest-zoo-to-come-up-in-gujarat_img
গুজৰাটত নিৰ্মান হ’ব বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা
author img

By

Published : Dec 20, 2020, 3:44 PM IST

নেশ্যনেল ডেস্ক,20 ডিচেম্বৰ : গুজৰাটত ৰিলায়েঞ্চ ইণ্ডাছষ্ট্ৰিজৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হ’ব বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা ‘Greens Zoological Rescue and Rehabilitation Kingdom’ ৷ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব এম কে দাসে কয়, ‘আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি Statue of Unity গুজৰাটত অৱস্থিত ৷ ইয়াৰ পিছতেই বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু একেলগে থকা বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানাটো অতিশীঘ্ৰে গুজৰাটৰ জামনগৰত স্থাপন কৰা হ’ব’ ৷

শুকুৰবাৰে ASSOCHAM ফাউণ্ডেচন সপ্তাহ উপলক্ষে এক ভাৰ্চুৱেল সভাত এই কথা সদৰি কৰে অতিৰিক্ত মুখ্য সচিব এম কে দাসে ৷ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি এই মেগা চিৰিয়াখানা খন প্ৰায় 250.1 একৰ ভূমিত বিস্তৃত হ’ব ৷

কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি ইতিমধ্যে ৰিলায়েঞ্চ ইণ্ডাচষ্ট্ৰিজৰ দ্বাৰা গুজৰাটৰ জামনগৰত এই মেগা চিৰিয়াখনা স্থাপনৰ মাষ্টাৰ প্লেনক 2019 চনৰ 12 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ 33 সংখ্যক বৈঠকত সন্মতি প্ৰদান কৰা হৈছে ৷ এই প্ৰকল্পৰ প্ৰাৰম্ভিক লে-আউটত চিৰিয়াখানাখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চৰাই-চিৰিকতিৰ লগতে জীৱ-জন্তু ৰখাৰ কথা উল্লেখ আছে ৷

লগতে পঢ়ক-গুজৰাট উপকূলত পাকিস্তানী মাছমৰীয়া কৰায়ত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.