পানীয়েই প্ৰাণ, এই বাক্যশাৰী হয়তো আমি বহুবাৰ শুনিছো পানী অবিহনে হয়তো আমি আমাৰ জীৱন কল্পনাও কৰিব নোৱাৰো ৷ পানী সংৰক্ষণ কৰাটো আমাৰ বাবে কিমান জৰুৰী সেই বিষয়ে আমি সকলোৱে জ্ঞাত(World Water Day 2023)৷ কিন্তু প্ৰশ্ন হয় যে বাস্তৱ জীৱনত এই কথা কিমান জনে মানে বা কিমান জনে অৱলম্বন কৰে ৷
আজি বিশ্ব জল দিৱস, প্ৰতি বছৰে ২২ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব জল দিৱস হিচাপে পালন কৰা হয় । ১৯৯৩ চনত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয় এই দিৱস । বিশ্বজুৰি এই দিৱস উদযাপন কৰাৰ উদ্দেশ্য হৈছে পানীৰ গুৰুত্বৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা । একে সময়তে ইয়াৰ অপচয় বন্ধ কৰিবলৈ আৰু সংৰক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ বিষয়ে মানুহক সচেতন কৰা । যাৰ বাবে বিদ্যালয় মহাবিদ্যালয়ৰ পৰা কাৰ্যালয়লৈকে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু ইয়াৰ বিষয়ে মানুহক জনাবলৈ চেষ্টা কৰা হয় । গতিকে এই দিৱসটো কেনেকৈ আৰম্ভ হ’ল আৰু এই বৰ্ষত কি থিম লৈ এইবাৰ বিশ্ব জল দিৱস পালন কৰা হৈছে, এই বিষয়ে বিতংভাৱে জানো আহক ।
বিশ্ব জল দিৱসৰ ইতিহাস
১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনত বিশ্ব জল দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল । এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰাত ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে ২২ মাৰ্চত ‘বিশ্ব জল দিৱস’ পালন কৰা হয় । তেতিয়াৰ পৰাই প্ৰতি বছৰে ২২ মাৰ্চৰ দিনা "বিশ্ব জল দিৱস" পালন কৰা হয় ।
২০২৩ চনৰ বিশ্ব জল দিৱসৰ তাৎপৰ্য
পানী অবিহনে জীৱন কল্পনা কৰাটো অসম্ভৱ । পানীৰ গুৰুত্বৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । মানুহৰ স্বাস্থ্য, খাদ্য সুৰক্ষা, শক্তি উৎপাদন আৰু কৃষি আদি বহু বস্তুৰ বাবে পানী অপৰিহাৰ্য । পানী এক সীমিত সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰ আৰু দায়িত্বশীলভাৱে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয় । আজি জনসংখ্যা বৃদ্ধি আৰু সজাগতাৰ অভাৱৰ বাবে দেশৰ লগতে বিশ্বৰ বহু ঠাইত পানীৰ নাটনি হৈছে । দৈনন্দিন প্রয়োজনীয়তাৰ সমান্তৰালকৈ মানুহে খোৱাপানীও পোৱা নাই, গতিকে পানী সংৰক্ষণৰ সম্পর্কে সজাগতা বিয়পোৱাটো অধিক গুৰুত্বপূর্ণ হৈ পৰিছে ৷ পানীক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা আৰু অপচয় নকৰাটো পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য ।
২০২৩ চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু
প্ৰতি বছৰে বিশ্ব জল দিৱস উপলক্ষে এটা থিম নিৰ্ধাৰণ কৰি তাক কেন্দ্ৰ কৰি কাম কৰা হয় । এইবাৰ অৰ্থাৎ ২০২৩ চনত বিশ্ব জল দিৱসৰ বিষয়বস্তু হৈছে “Accelerating Change”। থিমটোত জল খণ্ডত গতি আৰু তাৎক্ষণিকতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।
লগতে পঢ়ক: World Down Syndrome Day: জনসাধাৰণে ডাউন চিণ্ড্ৰমৰ বিষয়ে জনাটো কিয় প্ৰয়োজন ?