ETV Bharat / bharat

World Kidney Day 2023: কোনবোৰ লোকৰ বাবে প্ৰয়োজন কিডনী ট্ৰান্সপ্লাণ্ট ?

author img

By

Published : Mar 9, 2023, 11:38 AM IST

বৃক্ক বিকল হোৱাৰ বাবে ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজনীয়তা দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পাইছে(World Kidney Day 2023)। শৰীৰৰ এই গুৰুত্বপূৰ্ণ অংগটোৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে মাৰ্চ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে বিশ্ব বৃক্ক দিৱস পালন কৰা হয় ।

World Kidney Day 2023 Who needs kidney transplant ? Does the health of the donor also have an effect...
কোনবোৰ লোকৰ বাবে প্ৰয়োজন কিডনী ট্ৰান্সপ্লাণ্ট ?

আমাৰ বৃক্কই তেজৰ পৰা অদৰকাৰী পদাৰ্থসমূহ ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা আঁতৰাই পেলায় । বৃক্ক হৈছে আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, যিয়ে কেৱল ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাই নহয়, আমাক ফিট আৰু সুস্থ হৈ থকাতো সহায় কৰে(World Kidney Day 2023 Theme for This Year)। যেতিয়া শৰীৰত উপস্থিত দুয়োটা বৃক্কই নিজৰ কাম কৰিবলৈ অক্ষম হয়, তেতিয়া এজন ব্যক্তিক ট্ৰান্সপ্লাণ্ট বা বৃক্ক সংৰোপনৰ প্ৰয়োজন হয়(World Kidney Day 2023)।

কিডনী ট্ৰান্সপ্লাণ্ট বা বৃক্ক সংৰোপন কিয় কৰা হয়?

বৃক্ক বিকল হোৱা লোকে সাধাৰণতে ডায়েলাইছিছ কৰিব লগা হয়, যিটো এক প্ৰকাৰৰ চিকিৎসা । যেতিয়া ডায়েলাইছিছেও ৰোগীক কোনো প্ৰকাৰে সহায় নকৰে, তেতিয়া তেওঁক ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হয়(World Kidney Day 2023 Importance) । ট্ৰান্সপ্লাণ্টত ৰোগীৰ পৰা এটা বা দুয়োটা বৃক্ক আঁতৰাই তাৰ ঠাইত কোনো দাতাৰ (Donor) বৃক্ক লোৱা হয় ।

কিডনী ট্ৰান্সপ্লাণ্টত কি হয়?

ট্ৰান্সপ্লাণ্টে ৰোগীক ডায়েলাইছিছ বা ঔষধৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে আনকি বহু ধৰণৰ সংক্ৰমণৰ আশংকাও এৰাই চলিব পাৰে । ট্ৰান্সপ্লাণ্টৰ পিছত এজন ব্যক্তিয়ে ভাল জীৱন যাপন কৰিব পাৰে যদিও ট্ৰান্সপ্লাণ্ট সকলোৰে বাবে উপযুক্ত হোৱাটো প্ৰয়োজনীয় নহয় । ইয়াৰ ভিতৰত সাধাৰণতে সংক্ৰমণত আক্ৰান্ত বা অতিৰিক্ত ওজন হোৱা লোকো অন্তৰ্ভুক্ত ।

বহু লোকে ট্ৰান্সপ্লাণ্ট প্ৰক্ৰিয়াৰ পিছত ৰক্তক্ষৰণ, ইনফেকশ্বন বা সংক্ৰমণ আৰু বিষৰ সৈতে যুঁজিবলগীয়া হয় যদিও এই সমস্যাসমূহ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায় । ৫% ৰোগীৰ ৰিজেকচন হোৱাৰ আশংকাও ট্ৰান্সপ্লাণ্টৰ পিছত প্ৰথম ছমাহত বেছি হয় । বেছিভাগ ক্ষেত্ৰতে ইয়াক ঔষধৰ দ্বাৰা পৰিচালিত কৰা হয় । একে সময়তে বৃক্ক দাতাই প্ৰতিস্থাপনৰ পিছত কোনো ধৰণৰ ঔষধৰ প্ৰয়োজন নহয় আৰু তেওঁ সুস্থ জীৱন যাপন কৰিব পাৰে ।

বৃক্ক সংৰোপনে দীৰ্ঘদিনীয়া বৃক্ক ৰোগ বা শেষ পৰ্যায়ৰ বৃক্কৰ ৰোগৰ চিকিৎসাত সহায় কৰে । ইয়াৰ ফলত ৰোগীৰ মনটো ভাল হয় আৰু বেছি দিন জীয়াই থাকে । ডায়েলাইছিছৰ তুলনাত বৃক্ক প্ৰতিস্থাপনৰ সুবিধাসমূহ তলত দিয়া ধৰণৰ:

  • জীৱনটো ভাল হৈ যায়
  • মৃত্যুৰ আশংকা কম
  • খোৱা-বোৱাত নূন্যতম বাধা আছে
  • চিকিৎসাৰ খৰচো কমি যায়

এজন দাতাৰ বাবে বৃক্ক সংৰোপনৰ বিপদ কি কি?

যিসকল লোকে বৃক্ক দান কৰাৰ কথা ভাবিছে তেওঁলোকে ইয়াৰ লগত জড়িত কিছুমান বিপদ আৰু উপকাৰৰ বিষয়েও জানিব লাগে । যদিও যিকোনো ধৰণৰ অস্ত্ৰোপচাৰ এটা ডাঙৰ কথা, য’ত চিকিৎসাজনিত বিপদৰ পৰা আৰম্ভ কৰি শৰীৰত ডাঙৰ দাগ পৰালৈকে বহুতো সমস্যা হ'ব পাৰে ৷ যেনে:

  • অস্ত্ৰোপচাৰৰ পিছত বিষ
  • চিলাই কৰা ঠাইত নিউমোনিয়া বা সংক্ৰমণ
  • তেজ জমা হোৱা
  • এনাস্থেচিয়াৰ প্ৰতিক্ৰিয়া
  • পুনৰাবৃত্তিমূলক অস্ত্ৰোপচাৰৰ প্ৰয়োজন
  • হাৰ্নিয়া
  • অন্ত্ৰৰ বাধা
  • মূত্ৰনলীৰ পৰা লিকেজ হোৱা
  • দান কৰা বৃক্ক বিকল
  • হাৰ্ট এটেক
  • মৃত্যু
  • গোটেই জীৱন একাধিক বিপদজনক কাৰকৰ সংস্পৰ্শলৈ অহা

স্বাস্থ্য বিশেষজ্ঞৰ মতে, দান দিয়া লোকৰ বৃক্কৰ কাৰ্যক্ষমতা ২০-৩০ শতাংশ হ্ৰাস পায় । কাৰণ দুয়োটা বৃক্কৰ কাম এটা বৃক্কইহে কৰে । ইয়াৰ উপৰিও দাতাই এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে:

  • উচ্চ ৰক্তচাপ
  • মেদবহুলতা
  • দীৰ্ঘদিনীয়া বিষ
  • ডায়েবিটিছ

লগতে পঢ়ক: No Smoking Day 2023: ধূমপান কেৱল আপোনাৰ বাবেই আপোনাৰ পৰিয়ালৰ বাবেও মাতিব পাৰে বিপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.