ETV Bharat / bharat

World Heart Day 2021 : ইতিহাস, তাৎপৰ্য সম্পৰ্কে কিছু কথা... - হৃদযন্ত্ৰ

আজি ‘বিশ্ব হৃদযন্ত্ৰ দিৱস’(World Heart Day) ৷ চলিত বৰ্ষৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ মূল বিষয়বস্তু হৈছে ‘Use Heart Connect’ ৷ অৰ্থাৎ, ক’ভিড(Covid) মহামাৰীৰ সময়চোৱাত হৃদযন্ত্ৰৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সজাগতা বিয়পোৱা আৰু প্ৰযুক্তিগতভাৱে হৃদযন্ত্ৰৰ সজাগতা সন্দৰ্ভত গুৰুত্ব দিয়া ৷

World Heart Day
বিশ্ব হৃদযন্ত্ৰ দিৱস
author img

By

Published : Sep 29, 2021, 7:04 AM IST

নিউজ ডেস্ক, 29 ছেপ্তেম্বৰ : হৃদযন্ত্ৰ(Heart) হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত অন্যতম । মানুহৰ শৰীৰটো কাৰ্যকৰী কৰি ৰাখিবলৈ এক সুস্থ হৃদযন্ত্ৰ থকাতো অতি গুৰুত্বপূৰ্ণ । হৃদযন্ত্ৰৰ গুৰুত্ব সম্পৰ্কে মানুহক অৱগত কৰিবলৈ ‘বিশ্ব হৃদযন্ত্ৰ দিৱস’(World Heart Day) উদযাপন কৰা হয় ।

প্ৰতিবছৰে 29 ছেপ্তেম্বৰত সমগ্ৰ বিশ্বতে এই বিশেষ দিৱসটো উদযাপন কৰা হয় । চলিত বৰ্ষৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ মূল বিষয়বস্তু হৈছে ‘Use Heart Connect’ ৷ অৰ্থাৎ, চলিত বৰ্ষত অব্যাহত থকা ক’ভিড(Covid) মহামাৰীৰ বিৰুদ্ধে সজাগতা, লগতে এই মহামাৰীৰ সময়চোৱাত হৃদযন্ত্ৰৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে সজাগতা বিয়পোৱা আৰু প্ৰযুক্তিগতভাৱে হৃদযন্ত্ৰৰ সজাগতা সন্দৰ্ভত গুৰুত্ব দিয়াই হৈছে এইবাৰৰ বিশ্ব হৃদযন্ত্ৰ দিৱসৰ মূল্য উদ্দেশ্য ৷

বৰ্তমান সময়ত ডিজিটেলভাৱেও শক্তিশালী হৃদযন্ত্ৰৰ নিদানিক ফলাফল প্ৰাপ্ত কৰিব পাৰি । সক্ৰিয় প্ৰতিৰোধ ক্ষমতাৰ জৰিয়তেও উন্নত ফলাফল লাভ কৰিব পাৰি । অভিজ্ঞতামূলক প্ৰমাণে দেখুৱায় যে, যদি হৃদযন্ত্ৰৰ নিদানিক সমস্যা থকা 100 গৰাকী ৰোগী থাকে, তাৰ ভিতৰত প্ৰায় 97 শতাংশৰ ডিজিটেল স্বাস্থ্য সেৱা বাছনি কৰিলে তেওঁলোকক চিকিৎসালয়ত কোনো জৰুৰীকালীন বা পুনৰ ভৰ্তিৰ সমস্যা নাই ।

নিয়ন্ত্ৰণৰ বাহিৰত থকা ৰক্ত শৰ্কৰা, উশাহ-নিশাহত সমস্যা, বুকুৰ বিষ, হৃদস্পন্দনৰ সমস্যা, জ্বৰ বা ঠাণ্ডা লগা, আঘাতৰ স্থানত ফুলা আদি বিভিন্ন প্ৰকাৰৰ নিদানিক সমস্যা সমাধান কৰিবলৈ হৃদযন্ত্ৰ সন্দৰ্ভত ডিজিটেল স্বাস্থ্য সেৱাযোগে ৰোগীসকলক সঠিক পৰামৰ্শ দিয়া হয় ৷ ইয়াত অন্তৰ্ভুক্ত থাকে ব্যায়ামৰ তীব্ৰতা হ্ৰাস কৰা, আহাৰৰ কঠোৰ নিৰীক্ষণ,আৰু অন্যান্য মাপকাঠি ।

ধূমপান, ডায়েবেটিচ, উচ্চ ৰক্তচাপ, মেদবহুলতা, বায়ু প্ৰদূষণ, চাগাছ ৰোগ আৰু কাৰ্ডিয়াক এমাইল’ইডোচিছ(Cardiac Amyloidosis)ৰ আদি সচৰাচৰ স্থিতি হৈছে কাৰ্ডিওভাস্কুলাৰ(Cardiovascular ) ৰোগৰ কাৰণ । সেয়েহে, স্বাস্থ্যকৰ আহাৰ খাই আৰু যথেষ্ট পৰিমাণে ব্যায়াম চৰ্চা কৰি আমি আমাৰ হৃদযন্ত্ৰৰ যত্ন লোৱাতো অতিকৈ গুৰুত্বপূৰ্ণ ।

ইতিহাস :

বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ সহযোগত World Heart Federationয়ে 1999 চনত পোন প্ৰথমবাৰৰ বাবে বিশ্ব হৃদযন্ত্ৰ দিৱসৰ ঘোষণা কৰিছিল । WHFৰ সভাপতি এণ্টোনি বায়েছ ডি লুনা(Antoni Bayes De Luna)ই প্ৰথমে এই ধাৰণাটোৰ প্ৰস্তাৱ আগবঢ়াইছিল । 2000 চনত প্ৰথমবাৰৰ বাবে 24 ছেপ্তেম্বৰত বিশ্ব হৃদযন্ত্ৰ দিৱস উদযাপন কৰা হৈছিল । কিন্তু 2011 চনৰ পৰা এই দিৱসটো 29 ছেপ্তেম্বৰত উদযাপন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

তাৎপৰ্য :

বিশ্ব হৃদযন্ত্ৰ দিৱসত বিভিন্ন কাৰ্ডিওভাস্কুলাৰ ৰোগ(CVD)ৰ বিষয়ে বিশ্ববাসীক পৰামৰ্শ প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় । হৃদজনিত আৰু ষ্ট্ৰোকৰ দৰে বিভিন্ন চিভিডি ৰোগৰ বাবে প্ৰায় 18.6 নিযুত ৰোগীৰ মৃত্যু হৈছে ।

WFHৰ দ্বাৰা ঘোষিত বিশ্ব হৃদযন্ত্ৰ দিৱসৰ লক্ষ্য হৈছে মানুহক কাৰ্ডিওভাস্কুলাৰ ৰোগৰ প্ৰৱণতা প্ৰতিহত কৰা । সাধাৰণতে অস্বাস্থ্যকৰ আহাৰ, ধপাত সেৱন আৰু শাৰীৰিক নিষ্ক্ৰীয়তাৰ সৈতে সম্পৰ্কিত বিপদ শংকাৰ কাৰকবোৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি, সেই সন্দৰ্ভত পৰামৰ্শ দিয়া হয় ৷ কিয়নো হৃদজনিত ৰোগ আৰু ষ্ট্ৰোকৰ ফলত 80 শতাংশ লোকৰ অকাল মৃত্যু ঘটা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : scrub typhus কি আৰু কিদৰে কৰিব ইয়াৰ প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.