নিউজ ডেক্স, 11 ছেপ্টেম্বৰ : বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস ছেপ্টেম্বৰৰ মাহৰ দ্বিতীয়টো শনিবাৰে পালন কৰা হয় । প্ৰাথমিক চিকিৎসাৰ বিষয়ে সজাগতা বিয়পাবলৈ আৰু প্ৰাথমিক চিকিৎসাৰ দ্বাৰা কেনেদৰে এগৰাকী লোকক সংকটজনক অৱস্থাৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি, সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বত বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস (World First Aid Day) উদযাপন কৰা হয় ।
![world first aid day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13030652_jki.jpg)
সাধাৰণতে এজন ব্যক্তি সামান্য বা গুৰুতৰ আঘাত বা ৰোগত আক্ৰান্ত হ’লে তেওঁক প্ৰদান কৰা প্ৰথম আৰু তাৎক্ষণিক চিকিৎসাকে 'প্ৰাথমিক চিকিৎসা' বুলি কোৱা হয় । প্ৰাথমিক চিকিৎসাই এজন লোকৰ জীৱন ৰক্ষা কৰাত তথা পৰিস্থিতি অধিক বেয়া দিশে গতি কৰাৰ পৰা প্ৰতিহত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তদুপৰি ইয়াৰ দ্বাৰা এজন ৰোগী সোনকালে আৰোগ্যও হ’ব পাৰে ৷
চলিত বৰ্ষত বিশ্ব প্ৰাথমিক চিকিৎসা দিৱসৰ বিষয়বস্তু হৈছে- ‘প্ৰাথমিক চিকিৎসা আৰু পথ সুৰক্ষা’ । যি কোনো শৈক্ষিক ক্ষেত্ৰৰ পৰা অহা এজন লোকে মাত্ৰ তিনি ঘন্টাৰ পৰা ছয় ঘণ্টাৰ ভিতৰত প্ৰাথমিক চিকিৎসাৰ বিষয়ে জ্ঞান লাভ কৰি কোনো লোকৰ জীৱন ৰক্ষা কৰিব পাৰে ।
![world first aid day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13030652_aid.jpg)
আন্তৰাষ্ট্ৰীয় ৰেড ক্ৰছ ফেডাৰেছনে 2000 চনত প্ৰথমবাৰ বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস পালন কৰিছিল ৷ 100 বছৰৰো অধিক সময় ধৰি এই সংগঠনটোৱে জনতাক প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে । হেনৰী ডুনাণ্ট নামৰ এজন যুৱ ব্যৱসায়ীয়ে ১৮৫৯ চনৰ ছলফ্ৰিনোৰ যুদ্ধত হত্যাকাণ্ড দেখি আতংকিত হৈ পৰিছিল । পিছলৈ তেওঁৰ 'মেম'ৰিছ অৱ ছলফ্ৰিনো' শীৰ্ষক কিতাপখনত আঘাতপ্ৰাপ্ত সৈনিকসকলক সাহাৰ্য প্ৰদান কৰাৰ বাবে এক স্বতন্ত্ৰ সংগঠন চলোৱাৰ লগতে ডুনাণ্টৰ ধাৰণাটোৰ বিষয়ে কৈছিল ।
![world first aid day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13030652_jklo.jpg)
পৰৱৰ্তী সময়ত ই ৰেড ক্ৰছৰ আন্তৰ্জাতিক সমিতি(International Committee of the Red Cross) গঠনত উদগনি দিয়ে আৰু ডুনাণ্ট ৰেড ক্ৰছৰ সহ-প্ৰতিষ্ঠাপক হয় । এই সমিতিৰ মূল উদ্দেশ্যে হৈছে যুদ্ধই হওঁক বা পথ আৰু ঘৰুৱা দুৰ্ঘটনাৰ সময়তেই হওঁক, প্ৰাথমিক চিকিৎসা অতি গুৰুত্বপূৰ্ণ আৰু সকলোকে সময়ত চিকিৎসা প্ৰদান কৰা ।
লগতে পঢ়ক : লক্ষ্য পেৰিছ অলিম্পিক : পুনৰ অনুশীলনত ব্যস্ত লাভলীনা