ETV Bharat / bharat

World Chocolate Day 2023: বিশ্ব চকলেট দিৱস উপলক্ষে স্বাস্থ্যৰ পক্ষে ইয়াৰ উপকাৰিতা সম্পৰ্কে জানো আহক - বিশ্ব চকলেট দিৱস কিয় পালন কৰা হয়

চকলেটৰ সোৱাদ কোনে ভাল নাপায়! ই কেৱল সহজ ডেজাৰ্টেই নহয়, কাৰোবাক দিবলৈ সৰ্বোত্তম উপহাৰ হিচাপেও কাম কৰে । সেইবাবেই প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয় । গতিকে ইয়াৰ আঁৰৰ আকৰ্ষণীয় কাহিনী তথা ইয়াৰ উপকাৰিতা সম্পৰ্কে জানো আহক...

World Chocolate Day 2023 Why is World Chocolate Day celebrated every year? Learn the interesting story behind this
বিশ্ব চকলেট দিৱস 2023
author img

By

Published : Jul 7, 2023, 5:42 AM IST

প্ৰতি বছৰে ৭ জুলাই তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব চকলেট দিৱস পালন কৰা হয় । চকলেট এনেকুৱা এবিধ বস্তু, যাৰ সোৱাদ বহুলোকেই ভাল পায় । কাৰোবাক উপহাৰ দিবলৈ হওক, মেজাজ উন্নত কৰিবলৈ হওক বা কেৱল মুখৰ সোৱাদ মিঠা কৰিবলৈয়ে হওক, চকলেটক আমি প্ৰথমে বাচনি কৰো ।

আপুনি জানেনে যে প্ৰথমবাৰৰ বাবে ১৫৫০ চনৰ ৭ জুলাইত চকলেট দিৱস পালন কৰা হৈছিল । প্ৰথমে ইউৰোপত ইয়াক উদযাপন কৰা হৈছিল, তাৰ পিছত ইয়াক বিশ্বজুৰি উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল ।

World Chocolate Day 2023 Why is World Chocolate Day celebrated every year? Learn the interesting story behind this
বিশ্ব চকলেট দিৱস 2023

এনেকুৱাই চকলেটৰ ইতিহাস

চকলেটৰ ইতিহাস প্ৰায় ২৫০০ বছৰ পুৰণি বুলি কোৱা হয় । চকলেট কক’ গছৰ ফলৰ পৰা তৈয়াৰ কৰা হয়, যাৰ উৎপত্তি ২০০০ বছৰতকৈও অধিক পূৰ্বে আমেৰিকাৰ বৰ্ষাৰণ্যত হৈছিল । এই গছৰ ফলৰ গুটিৰ পৰা চকলেট তৈয়াৰ কৰা হয় । ইয়াৰ পূৰ্বে চকলেট কেৱল মেক্সিকো আৰু মধ্য আমেৰিকাতহে তৈয়াৰ কৰা হৈছিল । ১৫২৮ চনত যেতিয়া স্পেইনে মেক্সিকো জয় কৰিছিল, তেতিয়া ৰজাই বহু পৰিমাণৰ কক’ৰ গুটি আৰু চকলেট বনোৱাৰ সঁজুলি লৈ স্পেইনলৈ গৈছিল । অলপ সময়ৰ ভিতৰতে চকলেট স্পেইনৰ সম্ভ্ৰান্ত লোকসকলৰ ফেশ্বনেবল পানীয় হৈ পৰিল ।

প্ৰথম দিনত চকলেটৰ সোৱাদ কিছু তিতা আৰু কাঢ়া আছিল । তাৰ পিছত ইয়াত মৌ, ভেনিলা, চেনি, ডালচেনি আদিৰ দৰে বহুতো বস্তু দি কল্ড কফি প্ৰস্তুত কৰা হৈছিল । তাৰ পিছত পেছাত চিকিৎসক ছাৰ হান্স স্ল’নে ইয়াক প্ৰস্তুত কৰি পানীয় হিচাপে খোৱা আৰু চোবাই খোৱাৰ উপযোগী কৰি তুলিলে । যিটো আজি কেডবেৰী মিল্ক চকলেট নামেৰে জনাজাত ।

ইয়াৰ পিছত ১৫৫০ চনত ইউৰোপত প্ৰথমবাৰৰ বাবে ৭ জুলাইত চকলেট দিৱস পালন কৰা হৈছিল । ইয়াৰ পিছত বিশ্বৰ বহু দেশত ইয়াক উদযাপন কৰা হৈছিল । সোৱাদ সলনি কৰাৰ পিছত সমগ্ৰ বিশ্বতে চকলেটৰ সোৱাদ সকলোৱে পচন্দ কৰিবলৈ ধৰিলে ।

১৯ আৰু ২০ শতিকাত বহুতো ডাঙৰ ডাঙৰ চকলেট কোম্পানী আৰম্ভ হৈছিল । ১৮৬৮ চনত ইংলেণ্ডত কেডবেৰীৰ আৰম্ভণি হয় । ২৫ বছৰৰ পাছত চিকাগোত অনুষ্ঠিত হোৱা ৱৰ্ল্ডছ কলম্বিয়ান এক্সপ’জিচনত মিল্টন এছৰ পৰা চকলেট প্ৰচেছিং সঁজুলি ক্ৰয় কৰা হয় ।

হাৰ্শ্বি এতিয়া বিশ্বৰ অন্যতম বৃহৎ আৰু বিশ্ববিখ্যাত চকলেট সৃষ্টিকৰ্তা । তেওঁলোকে চকলেট আৱৰণযুক্ত কেৰামেল উৎপাদন কৰি কোম্পানীটো আৰম্ভ কৰিছিল । ১৮৬০ চনত আৰম্ভ হোৱা নেচলে বৰ্তমানলৈকে চকলেটৰ বিশ্বৰ অন্যতম ডাঙৰ ব্ৰেণ্ড হিচাপে পৰিণত হৈছে ।

চকলেটৰ উপকাৰিতা তথা অপকাৰিতা

চকলেট কেৱল সোৱাদত ভাল নহয় স্বাস্থ্যৰ বাবেও উপকাৰী । চকলেট খালে আপোনাৰ হৃদয়খনক এক বেলেগ ধৰণৰ প্ৰদান কৰে । ইয়াৰ প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থই আমাৰ মেজাজ উন্নত কৰে । চকলেটত থকা ট্ৰিপ্ট’ফেনে আমাক সুখী কৰে, আৰু ই আমাৰ মগজুত থকা এণ্ড’ৰ্ফিনৰ মাত্ৰাতো প্ৰভাৱ পেলায়, যাৰ ফলত আমি সুখী অনুভৱ কৰো । ইয়াৰ উপৰিও চকলেট আমাৰ হৃদযন্ত্ৰৰো উপকাৰিতা সাধন কৰে । যদি দৈনিক ডাৰ্ক চকলেট খোৱা হয়, তেন্তে হৃদৰোগৰ আশংকা বহু পৰিমাণে কমি যায় । অৱশ্যে অতিৰিক্তভাৱে সেৱন কৰিলেও আপোনাৰ ক্ষতি কৰিব পাৰে ।

লগতে পঢ়ক: Health Tips For Monsoon: বাৰিষাকালত টাইফয়েড তথা ভাইৰেল জ্বৰৰ পৰা আপোনাৰ সন্তানটিক কেনেকৈ ৰক্ষা কৰিব ? বিশেষজ্ঞৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.