ETV Bharat / bharat

World Asthma Day 2023: এইসমূহ লক্ষণ হ'ব পাৰে হাঁপানীৰ কাৰণ, জানি লওক ইয়াৰ সঠিক চিকিৎসা

আজি বিশ্ব হাঁপানী দিৱস । এই ৰোগৰ প্ৰতি সজাগতা আৰু দায়বদ্ধতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে বিশ্ব হাঁপানী দিৱস পালন কৰা হয় । এই উপলক্ষে জানো আহক হাঁপানী ৰোগৰ কাৰণ, লক্ষণ, সাৱধানতা তথা ইয়াৰ নিদানৰ বিষয়ে ৷

author img

By

Published : May 2, 2023, 3:04 AM IST

World Asthma Day 2023 Know History, Significance, and Key Facts Here
এইসমূহ লক্ষণ হ'ব পাৰে হাঁপানীৰ কাৰণ, জানি লওক ইয়াৰ সঠিক চিকিৎসা

সমগ্ৰ বিশ্বৰ পৰা শ্বাস-প্ৰশ্বাসজনিত ৰোগ হাঁপানী নিৰ্মূলৰ বাবে প্ৰতি বছৰে বিশ্ব হাঁপানী দিৱস পালন কৰা হয় (Asthma)। মে' মাহৰ প্ৰথম মঙলবাৰে এই দিৱস পালন কৰা হয় । এই দিনটো প্ৰথমে বাৰ্ষিক অনুষ্ঠান হিচাপে গ্ল’বেল ইনিচিয়েটিভ ফৰ এজমা (GINA)ৰ উদ্যোগত উদযাপন কৰা হৈছে । এই দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহক হাঁপানীৰ বিষয়ে সজাগ কৰা(World Asthma Day History) ।

১৯৯৮ চনত প্ৰথমবাৰৰ বাবে বিশ্ব হাঁপানী দিৱস পালন কৰা হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ২ কোটি হাঁপানী ৰোগী আছে । ইয়াত সকলো বয়সৰ লোক অন্তৰ্ভুক্ত কৰা হৈছে । ই শ্বাস-প্ৰশ্বাসজনিত ৰোগ, য’ত সংক্ৰমণৰ সম্ভাৱনা বেছি । Covid মহামাৰীৰ দৰে ৰোগৰ পৰা হাত সাৰিবলৈ হাঁপানীৰ চিকিৎসা নিতান্তই প্ৰয়োজনীয় । ইয়াৰ বাবে সাৱধানতা আৰু সজাগতাৰ প্ৰয়োজন । গতিকে এই ৰোগ কিয় হয়, ইয়াৰ কাৰণ আৰু নিদান জানি লওক...

হাঁপানী কি:- হাঁপানী হৈছে শ্বাস-প্ৰশ্বাসজনিত ৰোগ, সাধাৰণতে শ্বাস-প্ৰশ্বাসজনিত সমস্যা বুলি জনা যায় (Asthma symptoms)। আজিকালি বিভিন্ন কাৰণত সকলো বয়সৰ লোকৰ ক্ষেত্ৰত এই ৰোগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । হাঁপানীৰ বহু লক্ষণ কেৱল প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতে নহয় শিশুৰ ক্ষেত্ৰতো দেখা যায় । হাঁপানী আচলতে হাওঁফাওঁৰ লগত জড়িত ৰোগ, য’ত বায়ুপথ প্ৰদাহ হৈ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ সৃষ্টি কৰে (World Asthma Day 2023 Key Facts) । ফলত ৰোগীৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয় (World Asthma Day 2023 Significance) ।

হাঁপানীৰ লক্ষণ:- ৬ মহীয়া শিশুৰ পৰা বয়সস্থ ব্যক্তিলৈকে হাঁপানী ৰোগ হ’ব পাৰে (how to control Asthma)। বংশগত কাৰণ, যিকোনো স্বাস্থ্যজনিত সমস্যা, এলাৰ্জী, সংক্ৰমণ, ঋতু পৰিৱৰ্তন আৰু প্ৰদূষণ আদি বহুতো কাৰকে হাঁপানীৰ বাবে দায়ী হ’ব পাৰে । বেছিভাগ ক্ষেত্ৰতে শিশুৰ হাঁপানীৰ বাবে জিনীয় কাৰকসমূহো দায়ী ।

হাঁপানীৰ কাৰণ:- বংশগতিৰ বাহিৰেও কেতিয়াবা কিছুমান শাৰীৰিক, অৱস্থা আৰু পৰিৱেশৰ কাৰণো হাঁপানীৰ বাবে দায়ী । যেনে শিশুৰ পিতৃ-মাতৃ দুয়োৰে হাঁপানী ৰোগ হ’লে শিশুটিৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি । ইয়াৰ উপৰিও কিছুমান শাৰীৰিক ৰোগ, জীৱ-জন্তুৰ সংস্পৰ্শ, এলাৰ্জী, সংক্ৰমণ, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া আদিৰ বাবে হাঁপানী ৰোগ হ’ব পাৰে । ইয়াৰ উপৰিও হাঁপানীৰ বৃদ্ধিৰ বাবে প্ৰদূষণৰ বাবেও দোষী সাব্যস্ত কৰা হৈছে । বয়স, অৱস্থা আৰু পৰ্যায়ৰ ওপৰত নিৰ্ভৰ কৰি হাঁপানী বহু প্ৰকাৰৰ হ’ব পাৰে (World Asthma Day 2023)। সেইসমূহ হ'ল-

  • এলাৰ্জিক হাঁপানী
  • নন-এলাৰ্জিক হাঁপানী
  • অকুপেচনেল হাঁপানী
  • মিমিক হাঁপানী
  • শিশুৰ হাঁপানী
  • এডাল্ট অনচেট হাঁপানী
  • শুকান কাহৰ হাঁপানী
  • ঔষধৰ পাৰ্শ্বক্ৰিয়া হাঁপানী

সাৱধানতা:- হাঁপানী ৰোগত আক্ৰান্ত লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে জটিল, দ্ৰুত গতিশীল আৰু উচ্চ তীব্ৰতা সম্পন্ন ব্যায়াম পৰিহাৰ কৰিব লাগে । ইয়াৰ বাহিৰেও কিছুমান কথাৰ যত্ন লোৱাৰ প্ৰয়োজন । কাৰণ অলপ অসাৱধানতা বা অৱহেলা পৰিস্থিতি জটিল কৰি তুলিব পাৰে । কেৱল এয়াই নহয়, কিছুমান বিশেষ ক্ষেত্ৰত তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো প্ৰয়োজনীয় । তলত তেনেই কিছুমান লক্ষণৰ বিষয়ে উল্লেখ কৰা হ'ল-

  • শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সময়ত
  • প্ৰচুৰ কাহ আৰু দীৰ্ঘদিনীয়া চৰ্দি
  • বুকুৰ বিষ
  • বাৰে বাৰে এলাৰ্জিৰ প্ৰতিক্ৰিয়া
  • টোপনিৰ সময়ত বৰ অস্থিৰতা
  • বুকুৰ বিষ
  • টোপনি অহাত অক্ষমতা বা উশাহ-নিশাহ লোৱাত অসুবিধা
  • যিকোনো ঔষধ আদি গ্ৰহণ কৰাৰ পিছত হোৱা পাৰ্শ্বক্ৰিয়া

চিকিৎসা:- যদি সঠিক সময়ত চিকিৎসা আৰম্ভ কৰা হয়, তেন্তে এই ৰোগত থাকিও এজন ব্যক্তিয়ে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে । কিন্তু চিকিৎসা আৰু ঔষধৰ লগতে ৰোগীৰ বাবেও বহু সাৱধানতা অৱলম্বন কৰিব লাগিব । অন্যথা কেতিয়াবা মাৰাত্মক হ’ব পাৰে । হাঁপানী ৰোগত আক্ৰান্ত ব্যক্তিয়ে যদি সময়মতে ঔষধ সেৱন কৰে, চিকিৎসকৰ নিৰ্দেশনা পালন কৰে, সুস্থ আৰু সুষম জীৱনশৈলী পালন কৰে আৰু উপযুক্ত খাদ্যাভ্যাস পালন কৰে, তেন্তে হাঁপানী ৰোগ বহু পৰিমাণে নিৰাময় হ’ব পাৰে ।

লগতে পঢ়ক: Papaya For Constipation: কোষ্ঠকাঠিন্যই সমস্যাৰ সৃষ্টি কৰিছে নেকি ? অমিতাৰ এই অংশই দিব সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.