আইজল,16 এপ্ৰিল : 15 এপ্ৰিল দিনটো বিশ্ব কলা দিৱস হিচাপে উদযাপন কৰা হয় ৷ মিজোৰামৰ ভানাপা হলতো বৃহস্পতিবাৰে 2021 চনৰ পালন কৰা হয় বিশ্ব কলা দিৱস । লিঅ’নাৰ্ডো দ্য ভিঞ্চিৰ জন্ম জয়ন্তীত ইউনেস্কোৰ অংশীদাৰ আন্তৰ্জাতিক কলা সংস্থা (আইএএ)ই ভাৰতত কলাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰচাৰৰ বাবে বিশ্ব কলা দিৱস পালন কৰে ৷ মিজোৰামৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আইজলত পালন কৰে 2021 চনৰ বিশ্ব কলা দিৱস ৷
![আইজলত প্ৰথমবাৰৰ বাবে বিশ্ব ক‘লা দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/onthebirthanniversaryofleonardodavincitheinternationalassociationofartiaapromotesinternationalcollaborationthroughart_15042021203152_1504f_1618498912_1074.jpg)
আৰ্ট নভেল্টি আৰু ৱালেছ হাৰ্টলি বঁটা প্ৰাপক তথা আইএএৰ সমন্বয়ক শ্ৰীমতী লালহমিংমাৱিয়ে মিজোৰাম চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগ, মিজোৰাম চৰকাৰৰ কলা আৰু সংস্কৃতি বিভাগৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰে । অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট শিল্পীসকল । অনুষ্ঠানত সন্ধিয়া ভাগলৈ এটা বিশেষ কলা কৰ্মশালা অনুষ্ঠিত কৰা হয় য'ত নিৰ্বাচিত শিল্পীসকলেহে অংশগ্ৰহণ কৰে ৷