ETV Bharat / bharat

Agartala Akhaura link Rail : সম্পূৰ্ণ হোৱাৰ পথত আগৰতলা-বাংলাদেশ সংযোগী ৰে'লপথৰ কাম

ত্ৰিপুৰাৰ পৰা দেশৰ বাকী অংশলৈ ৰে'ল যোগাযোগ ব্যৱস্থা উন্নীত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰিছে চৰকাৰে (Rail connectivity in Tripura)। ইতিমধ্যে ৰাজ্যখনৰ পৰা বাংলাদেশলৈ ৰে'ল সেৱা উন্নীত কৰাৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰে'ল বিভাগে । অতিশীঘ্ৰে আগৰতলা-আখাউৰা সংযোগী ৰে'লপথৰ কামো সম্পূৰ্ণ হ'ব ।

Agartala
Agartala Akhaura link Rail
author img

By

Published : Oct 12, 2022, 1:00 PM IST

আগৰতলা,১২ অক্টোবৰ : অহা ৪-৫ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব আগৰতলা আৰু বাংলাদেশৰ আখাউৰা সংযোগী ৰে'ল পথ নিৰ্মাণৰ কাম (Agartala Akhaura Rail link to be completed soon)। অত্যাধুনিকভাৱে সজোৱা হ'ব আগৰতলা ৰে'ল ষ্টেচন । এই ঘোষণা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং বিভাগৰ বিভাগীয় ৰে'ল প্ৰৱন্ধক যোগেন্দ্ৰ সিং লাখৰাৰ ।

DRM লাখৰাৰ উদ্ধৃতিৰে এনএফআৰৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ত্ৰিপুৰাৰ জনসাধাৰণক অত্যাধুনিক ৰে'ল সেৱা প্ৰদানৰ বাবে ভাৰতীয় ৰে'লৱেই নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে । ৰাজ্যখনৰ নাগৰিক সকল ৰে'লৱেৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল ।

বিগত কেইবছৰমানত ৰে'লৱেই ত্ৰিপুৰাত ৰে'ল পথ আৰু ষ্টেচনৰ আন্তঃগাঁথনি উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । অঞ্চলটোলৈ বিভিন্ন সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি বৃদ্ধি কৰাৰ লগতে ষ্টেচন আৰু ৰে'লসমূহত মূল্য সংযোজন সেৱা প্ৰদান কৰা হৈছে । আগৰতলা- আখাউৰা প্ৰকল্পৰ জৰিয়তে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সংযোগৰ কামও চলি আছে আৰু অহা ৪-৫ মাহত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে ।

বিজ্ঞপ্তিখনত লগতে কোৱা হৈছে যে ত্ৰিপুৰাৰ জনসাধাৰণৰ পৰা অসম আৰু পশ্চিমবংগৰ কলকাতালৈ অতিৰিক্ত ৰে'ল সেৱাৰ বাবে নিৰন্তৰ দাবী পূৰণ কৰাৰ বাবে ৰে'লৱেই ৰে'লসেৱা আগৰতলালৈকে সম্প্ৰসাৰিত কৰিছে । পূৰ্বে কলকাতা আৰু গুৱাহাটীৰ মাজত চলি থকা এই ৰে'লখন এতিয়া আগৰতলাৰ পৰা কলকাতালৈ গুৱাহাটী হৈ চলিব । ৰে'লৱেই ত্ৰিপুৰাত দ্ৰুত ইণ্টাৰচিটীৰ বাবে শতাব্দী এক্সপ্ৰেছ সেৱা প্ৰদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে (Lan Shatabdi express in Tripura)।

মণিপুৰৰ জিৰিবামৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ সংযোগ কৰা প্ৰথমখন লান শতাব্দী এক্সপ্ৰেছ ৰে'ল শেহতীয়াকৈ আৰম্ভ কৰা হৈছে । ৰে'লখনে কিছুমান গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক চহৰ যেনে বদৰপুৰ, অসমৰ নিউ কৰিমগঞ্জ আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰ, আম্বাচাক সংযোগ কৰিছে ।

DRM লাখৰাই প্ৰেছ বিজ্ঞপ্তিখনত কয় যে লামডিং-আগৰতলা শাখাৰ বৈদ্যুতিকৰণৰ কামো চলি আছে আৰু এই কাম ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব । লগতে, ধৰ্মনগৰৰ পৰা পেনচাৰথালৰ মাজত মুঠ ১৭৮.৭২ কিলোমিটাৰ কমলপুৰ-খোৱাই-আগৰতলা হৈ বেলোনিয়ালৈকে নতুন লাইনৰ বাবে জৰীপ সম্পূৰ্ণ কৰা হৈছে । আগৰতলাত অত্যাধুনিক সুবিধাৰ সৈতে বিশ্বমানৰ ষ্টেচন নিৰ্মাণ কৰাৰ সিদ্ধান্তও লোৱা হৈছে (World class rail station at Agartala)। ইয়াৰ বাবে ষ্টেচনসমূহত জৰীপৰ কাম চলি আছে বুলি কোৱা হৈছে ।

ইয়াৰ উপৰিও ত্ৰিপুৰাৰ থলুৱা সামগ্ৰী প্ৰদৰ্শনৰ বাবে মডুলাৰ ষ্টল 'ৱান ষ্টেচন ৱান প্ৰডাক্ট' আঁচনি (One Station One Product Scheme) শীঘ্ৰেই উদয়পুৰ, বেলোনিয়া, চাব্ৰুম, আম্বাচা, কুমাৰঘাট আৰু ধৰ্মনগৰকে ধৰি অন্যান্য ষ্টেচনত স্থাপন কৰা হ'ব । চেকাৰকোট আৰু আগৰতলাত অতিৰিক্ত মালবাহী টাৰ্মিনেলৰ বাবে কাম ইতিমধ্যে তালিকাভুক্ত কৰা হৈছে আৰু আগৰতলাত এটা অতিৰিক্ত মালবাহী লাইনৰ প্ৰস্তাৱো প্ৰক্ৰিয়া কৰা হৈছে ।

লগতে পঢ়ক :President Murmu to visit Tripura : ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ত্ৰিপুৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.