তেজপুৰ, ৩০ মে’: মণিপুৰত সোমবৰাৰ নিশাৰে পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ মাৰাথন বৈঠক অনুষ্ঠিত হৈছে (Women tribal group meet Manipur Governor)। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ লগত গভীৰ আলোচনাৰ পিছত, ড৹ পয়ৰেই লেইমাৰলৰ সভানেত্ৰী লৌৰেবাম মেমচৌবিযয়ৰ নেতৃত্বত এটি মহিলাৰ সজাতি দলে আজি ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰে ৷ লগতে দলটোৱে মণিপুৰ ৰাজ্যৰ জাতিগত সমস্যা সমাধান কৰি শান্তি আৰু স্বাভাৱিকতা পৰিস্থিতি ঘূৰাই আনিবলৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় (Women tribal group demands implement of NRC)।
![Women tribal group demands implement of NRC](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-30may-pix-manipur-pranabkumardas-7203907_30052023184307_3005f_1685452387_4.jpg)
মহিলা প্ৰতিনিধিৰ দলটোৱে ৰাজ্যখনৰ বৰ্তমানৰ বিশৃংখল পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীক হিংসা বন্ধ কৰাৰ লগতে ৰাজ্যত শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । আনহাতে ৰাজ্যৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ণ (ফ্লাছ আউট) কৰাৰ বাবে ৰাজ্যপালক NRC ৰূপায়ণ কৰিবলৈ দলটোৱে আহ্বান জনায় (Manipur violence news)।
মহিলাৰ দলটোৱে কুকি ইউ জি আউটফিটৰ সৈতে SOO চুক্তি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনায় (Manipur violence news update)। আনহাতে, বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ থকা গৃহহীন লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান ধৰাৰ লগতে তেওঁলোকৰ সংস্থাপন আৰু পুনৰ সংস্থাপনৰ বাবে যিমান পাৰি সোনকালে পদক্ষেপ ল’বলৈ প্ৰতিনিধিসকলে ৰাজ্যপালগৰাকীক আহ্বান জনায় ।
![মণিপুৰত NRC প্ৰৱৰ্তনৰ দাবী মহিলা সজাতি দলৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-30may-pix-manipur-pranabkumardas-7203907_30052023184307_3005f_1685452387_908.jpg)
ইফালে ইণ্টাৰনেট সংযোগৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱাৰ বাবেও ৰাজ্যপালক অনুৰোধ জনাই কয়, "ইণ্টাৰনেট নোহোৱাৰ বাবে স্বাভাৱিক কাম-কাজত বহুতো বাধাৰ সৃষ্টি হয় ৷" ৰাজ্যপালগৰাকীয়ে মহিলা সঁজাতী দলটোক ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰাই আনিবলৈ যৎপৰোনাস্তি পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ৰাজ্যপালগৰাকীয়ে প্ৰতিনিধিসকলক আশ্বাস দিয়ে ।
ৰাজ্যপালগৰাকীয়ে দলটোক অৱগত কৰে যে হিংসাত্মক কাৰ্য ৰোধ কৰাৰ বাবে অল আউট প্ৰচেষ্টা চলোৱা হৈছে । ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ সম্প্ৰতি পৰিস্থিতিৰ বিষয়ে বিতংভাৱে অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাজ্যপালগৰাকীয়ে ৷ লগতে ৰাজ্যপালগৰাকীয়ে মহিলাৰ দলটোক অৱগত কৰে যে, তেওঁ মণিপুৰৰ বিভিন্ন জিলাৰ সাহায্য শিবিৰসমূহ অতি সোনকালে পৰিদৰ্শন কৰিব ।
![মণিপুৰত NRC প্ৰৱৰ্তনৰ দাবী মহিলা সজাতি দলৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-30may-pix-manipur-pranabkumardas-7203907_30052023184307_3005f_1685452387_972.jpg)
মণিপুৰত এই হিংসাত্মক আঁৰৰ প্ৰকৃত কাৰণ কি :
মণিপুৰত মূলতঃ ৩টা প্ৰধান জনগোষ্ঠী আছে ৷ মেইটেই, নগা আৰু কুকি । মেইটেই সম্প্ৰদায়ৰ বেছিভাগেই হিন্দু, আনহাতে নগা আৰু কুকিসকলে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে । বৰ্তমান মণিপুৰত চলি থকা এই হিংসা হিন্দু মেইটেইৰ সকলৰ বিৰুদ্ধে নগা আৰু কুকিসকলে সংঘটিত কৰা বুলি জানিব পৰা গৈছে । পৰিসংখ্যা অনুসৰি ১৯৪৯ চনত মণিপুৰত মেইটেই জনসংখ্যা আছিল ৬৪% । অৰ্থাৎ হিন্দু ৫০% শতাংশ আৰু খ্ৰীষ্টান ৩৫-৪০% শতাংশ ৷ যিহেতু অনুসূচীত জনজাতিকৰণৰ বাবে ধৰ্মৰ কোনো গুৰুত্ব নাই, গতিকে অনুসূচিত জনজাতিকৰণৰ সংৰক্ষণ বিচাৰি মণিপুৰৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মেইটেই জনগোষ্ঠীয়ে ।
![মণিপুৰত NRC প্ৰৱৰ্তনৰ দাবী মহিলা সজাতি দলৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-04-30may-pix-manipur-pranabkumardas-7203907_30052023184307_3005f_1685452387_855.jpg)
তাৰেই ফলস্বৰূপে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইৰ সপক্ষে ৰায়দান কৰে আৰু ইয়াৰ পিছত ট্ৰাইবেল ছাত্ৰ সংগঠনে আন্দোলনত নামি পৰে আৰু এই আন্দোলনে ৩ মে' ৰ নিশাৰ পৰা অগ্নিগৰ্ভা ৰূপ ধাৰণ কৰে । এই হিংসাত্মক ঘটনাৰ পিচতে মুঠ ১৫৪ টা সেনাৰ পৃথক পৃথক গোটে ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰে । ইতিমধ্যে ৰাজ্যখনত ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷
লগতে পঢ়ক: Manipur violence : ৰাষ্ট্ৰপতিক ১২ দফীয়া স্মাৰক পত্ৰ প্ৰদান কংগ্ৰেছৰ